শেহতীয়া খবৰ
Home / আঞ্চলিক / নলবাৰী হৰিমন্দিৰৰ ৰাস মহোৎসৱৰ প্ৰস্তুতি তুংগত

নলবাৰী হৰিমন্দিৰৰ ৰাস মহোৎসৱৰ প্ৰস্তুতি তুংগত

৮৫ লাখ টকাৰ বাজেট ২০ ফুট দৈৰ্ঘ্য্যৰ বিদ্যুত চালিত দুই ডাইন’ছৰে দৰ্শনাৰ্থীক দিব আমোদ

এম মহিবৰ ৰহমান, নলবাৰী, ৩০ অক্টোবৰ : নলবাৰী হৰি মন্দিৰ চ’কৰ পৰা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গণেশ মন্দিৰ সংযোগী পথৰ হৰি মন্দিৰৰ কাষৰ পথছোৱাত ৰে’লৱে অভাৰব্ৰীজ নিৰ্মাণৰ কাম চলি থকাৰ পৰিপ্ৰেক্ষিততে এইবাৰ অহা ১২ নৱেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া নলবাৰীৰ শ্ৰীশ্ৰী হৰি মন্দিৰ ৰাস মহোৎসৱ উদ্‌যাপনত ব্যাঘাত জন্মিব বুলি ৰাইজৰ মাজত চৰ্চা চলি থকাৰ মাজতে অভাৰব্ৰীজৰ নিৰ্মাণৰ কামে ৰাস মহোৎসৱত কোনো প্ৰভাৱ নেপেলায় বুলি আজি স্পষ্ট কৰি দিছে হৰি মন্দিৰ সমিতিৰ সম্পাদক নগেন ডেকাই। উল্লেখ্য যে হৰি মন্দিৰৰ মূল গেটৰ সন্মুখভাগত ইতিমধ্যে ৰে’লৱে অভাৰব্ৰীজৰ বাবে সম্পূৰ্ণ পথছোৱা বন্ধ কৰি দিয়াৰ উপৰি খুঁটাৰ নিৰ্মাণকাৰ্য চলি আছে। এনে পৰিপ্ৰেক্ষিতত হৰি মন্দিৰৰ সন্মুখভাগৰ ধমধমা বাছ আস্থানলৈ যোৱা পথটোৰে যাতায়াত বন্ধ হৈ আছে।

সেয়ে এই পথছোৱাৰ বাবে ৰাস মহোৎসৱত ব্যাঘাত জন্মিব বুলি ৰাইজৰ মাজত চৰ্চা চলি আছে। এই সন্দৰ্ভত হৰি মন্দিৰ সমিতিৰ সম্পাদক নগেন ডেকাই জানিবলৈ দিয়ে যে অভাৰব্ৰীজৰ নিৰ্মাণকাৰ্যই ৰাসত কোনোধৰণৰ প্ৰভাৱ নেপেলায়। তেওঁ জানিবলৈ দিয়া মতে ইতিমধ্যে হৰি মন্দিৰৰ পকী ৱাল ভাঙি দি অভাৰব্ৰীজৰ নিৰ্মাণৰত খুঁটাৰ পৰা ২৩ ফুট বহলকৈ ঠাই উলিয়াই দিছে। তেনেদৰে পথটোৰ পূব পিনেও ২১ ফুট বহল ঠাই উলিয়াই দিয়াত পূৰ্বৰ তুলনাত অহা-যোৱা পথ বেছি বহলহে হ’ব বুলি জানিবলৈ দিয়ে। তদুপৰি সমগ্ৰ পথছোৱা তথা ঠাইখিনি বালিমাটিৰে পুতি দিয়াৰ কাম সম্প্ৰতি চলি আছে। হৰি মন্দিৰৰ মূল প্ৰৱেশপথটো বহল কৰি দিব বুলি হৰি মন্দিৰৰ সম্পাদকগৰাকীয়ে জানিবলৈ দিয়ে।

মন কৰিবলগীয়া যে অভাৰব্ৰীজৰ বাবে ইতিমধ্যে নিৰ্মাণ কৰা খুঁটাৰ মাজৰ ঠাইডোখৰত দৰ্শনাৰ্থীক আকৰ্ষণ কৰাৰ বাবে আটকধুনীয়া ষ্টলৰ ব্যৱস্থা কৰি তাত ভগৱান শ্ৰীকৃষ্ণৰ বৃহদাকাৰৰ মূৰ্তি স্থাপন কৰিব বুলি ৰাস মহোৎসৱৰ সম্পাদক সুবোধ ডেকাই জানিবলৈ দিছে। ইফালে দৰ্শনাৰ্থীৰ ভিৰ হ্ৰাস কৰাৰ উদ্দেশ্যে হৰি মন্দিৰৰ সমীপৰ স্থায়ী ৰে’লগেটৰ পূব পিনে কিছু আঁতৰত নাৰায়ণ মহাজন গধূলি বজাৰৰ কাষৰ পথটো ব্যৱহাৰ কৰি তাত ৰে’ল বিভাগে অস্থায়ী ৰে’লগেটৰ ব্যৱস্থা কৰিব বুলি জানিব পৰা গৈছে। ইপিনে হৰি মন্দিৰৰ ৰে’লপথৰ উত্তৰ দিশেও শ্বহীদ মুকুন্দ কাকতি বাছ আস্থানলৈ অভাৰব্ৰীজৰ কাম চলি আছে যদিও জিলা প্ৰশাসনে মূল পথটো ৰাস মহোৎসৱৰ সময়ছোৱাৰ বাবে ৩০ ফুট বহলৰ পথটো সম্পূৰ্ণকৈ মুকলি কৰি দিব বুলি হৰি মন্দিৰৰ সম্পাদকগৰাকীয়ে জানিবলৈ দিছে। ফলত নলবাৰীৰ শ্ৰীশ্ৰী হৰি মন্দিৰৰ ৮৬ সংখ্যক নলবাৰী ৰাস মহোৎসৱ পূৰ্বৰ তুলনাত অধিক নতুনত্বৰে উদ্‌যাপন কৰাৰ বাবে ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে।

৮৫ লাখ টকাৰ বাজেট ঃ তেৰদিনীয়া নলবাৰী ৰাস মহোৎসৱৰ বাবে ৮৫ লাখ টকাৰ বাজেট নিৰ্ধাৰণ কৰা বুলি জানিবলৈ দিছে হৰি মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক নগেন ডেকাই।
৮০টা  অঞ্চলত কৃষžৰ ৰাসক্ৰীড়া ঃ ভগৱান শ্ৰীকৃষ্ণই গোপিনীসকলৰ লগত কৰা বিভিন্ন ৰাসক্ৰীড়াৰ মৃন্ময় মূৰ্তিবোৰ দৰ্শনাৰ্থীৰ বাবে মুঠ ৮০টা ষ্টল স্থাপন কৰিব। ইতিমধ্যে ষ্টল নিৰ্মাণ আৰু মৃন্ময় মূৰ্তি সজাৰ কাম পূৰ্ণগতিত চলি আছে। কলিকতাৰ মৃন্ময় শিল্পী বিক্ৰম পালৰ নেতৃত্বত মৃন্ময় মূৰ্তি দিন-ৰাতি একাকাৰ কৰি নিৰ্মাণৰ কাম চলি আছে।
২০ ফুট দৈৰ্ঘ্যৰ বৃহদাকাৰৰ ডাইন’ছৰে মুহিব দৰ্শনাৰ্থীক ঃ হৰি মন্দিৰ খোলাৰ পৰা ৰাস মহোৎসৱ মেলালৈ যোৱা মূল প্ৰৱেশদ্বাৰৰ ওপৰত দুয়ো ফালে ২০ ফুট দৈৰ্ঘ্যৰ বিদ্যুৎচালিত দুটাকৈ বৃহদাকাৰৰ ডাইন’ছৰ থাকিব। বিদ্যুৎচালিত ডাইন’ছৰ দুটাই দৰ্শনাৰ্থীক আমোদ দিব বুলি আশা কৰিছে ৰাস মহোৎসৱ সমিতিয়ে।
হট এয়াৰ বেলুনৰ ব্যৱস্থা ঃ অসম পৰ্যটন নিগমে পূৰ্ণ সহযোগ আগবঢ়াবলগীয়া নলবাৰী ৰাস মহোৎসৱত পৰ্যটকৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ৰাস মহোৎসৱ সমিতিয়ে। জানিব পৰা মতে পৰ্যটকক আকৰ্ষণ কৰাৰ বাবে দৰ্শনাৰ্থী উঠিব পৰা কে’বাটাও হট এয়াৰ বেলুন উৰুৱাব পৰ্যটন বিভাগে। তদুপৰি পাগলদিয়াৰ বুকুত দহটা তম্বুঘৰ সাজি নিশা পৰ্যটকক পৰিয়ালসহ তাত থকাৰ ব্যৱস্থা কৰিব। তাত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিব জিলা প্ৰশাসনে।
এএছটিচি বাছৰ বিশেষ সেৱা ঃ নলবাৰী ৰাস মহোৎসৱ উপলক্ষে ৰাস মহোৎসৱ চলি থকা দিনকেইটাত অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছৰ বিশেষ সেৱা থাকিব। হৰি মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক নগেন ডেকাই জানিবলৈ দিয়া মতে উক্ত দিনকেইটাত নলবাৰী ৰাস মহোৎসৱৰ পৰা গুৱাহাটী আৰু বঙাইগাঁৱলৈ প্ৰতি আধা ঘন্টাৰ মূৰে মূৰে এএছটিচি বাছ চলি থাকিব। তদুপৰি নলবাৰী এএছটিচি বাছ আস্থানৰ পৰা ৰাস মহোৎসৱ উপলক্ষে ১৫খন বাছৰ বিশেষ সেৱা থাকিব। ইপিনে ৰাস মহোৎসৱৰ দিনকেইটাত নলবাৰী ৰে’ল ষ্টেচনত ৰাজধানী এক্সপ্ৰেছৰ বাহিৰে উজনি-নামনিমুৱা প্ৰতিখন ৰে’লকে এক মিনিটকৈ ৰখোৱাৰ বাবে ৰে’ল বিভাগে ব্যৱস্থা কৰিব বুলি উদ্যোক্তাসকলে জনাইছে।

চলিব ৭খন ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰতিযোগিতা ঃ এইবেলি নলবাৰী ৰাস মহোৎসৱত ১৫ নৱেম্বৰৰ পৰা ১৭ নৱেম্বৰলৈ ঐতিহ্যমণ্ডিত মাজুলীৰ জীৱন্ত ৰাস প্ৰদৰ্শন কৰা হ’ব। ইপিনে নলবাৰীৰ ৰাস মানে হ’ল ভ্ৰাম্যমাণ থিয়েটাৰৰ অঘোষিত নাট্যযুদ্ধ। সেই অনুসৰি ৰাস মহোৎসৱৰ মাজতে ১৮ৰ পৰা ২১ নৱেম্বৰলৈ বৃন্দাবন থিয়েটাৰ, ১৯ৰ পৰা ২৩ নৱেম্বৰলৈ হেঙুল থিয়েটাৰ, ১৯ৰ পৰা ২২ নৱেম্বৰলৈ ৰাজতিলক থিয়েটাৰ, ২০ৰ পৰা ২৩ নৱেম্বৰলৈ থিয়েটাৰ সূৰ্য, ১৮ৰ পৰা ২৩ নৱেম্বৰলৈ ৰাজমুকুট থিয়েটাৰ, ১৯ৰ পৰা ২৪ নৱেম্বৰলৈ ইতিহাস থিয়েটাৰ আৰু ২১ৰ পৰা ২৫ নৱেম্বৰলৈ বৰদৈচিলা থিয়েটাৰে নাট প্ৰদৰ্শন কৰিব।

অনুষ্ঠানত হ’ব দিহানাম-নাগাৰা নাম প্ৰতিযোগিতা ঃ ৰাস মহোৎসৱ উপলক্ষে অহা ১৩ নৱেম্বৰত অনুষ্ঠিত হ’ব সদৌ অসম ভিত্তিত দিহানাম প্ৰতিযোগিতা। প্ৰথম পুৰস্কাৰ নগদ ২০,০০০ টকা, দ্বিতীয় পুৰস্কাৰ নগদ ১৫,০০০ টকা আৰু তৃতীয় পুৰস্কাৰ নগদ ৭,০০০ টকা। আনহাতে ১৪, ১৫ নৱেম্বৰত অনুষ্ঠিত হ’ব সদৌ অসম ভিত্তিত নাগাৰা নাম প্ৰতিযোগিতা। প্ৰথম পুৰস্কাৰ নগদ ৪০,০০০ টকা, দ্বিতীয় পুৰস্কাৰ নগদ ২৫,০০০ টকা আৰু তৃতীয় পুৰস্কাৰ নগদ ১৫,০০০ টকা। লগতে ১০,০০০ টকাকৈ দুটা বিচাৰকৰ বিশেষ বঁটা থাকিব।

গ্ৰন্থ মেলাৰ ব্যৱস্থা ঃ নলবাৰী ৰাস মহোৎসৱ উপলক্ষে বিগত তিনি বছৰত সফলতাৰে গ্ৰন্থমেলা অনুষ্ঠিত হোৱাৰ পিছত এইবাৰ চতুৰ্থবাৰৰ বাবে ৰাস মহোৎসৱৰ বাকৰিত গ্ৰন্থমেলা অনুষ্ঠিত হ’ব। অহা ১৩ নৱেম্বৰৰ পৰা ২৩ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব ৰাস মহোৎসৱৰ গ্ৰন্থমেলা।
৫০টা চিচি টিভি কেমেৰা ঃ ৰাস মহোৎসৱৰ সময়ত যাতে কোনো দুষ্কৃতিকাৰীয়ে ব্যাঘাত জন্মাব নোৱাৰে তাৰ বাবে ৰাস মহোৎসৱ পৰিচালনা সমিতিয়ে ৫০টা চিচি টিভি কেমেৰাৰ ব্যৱস্থা কৰিব। ইয়াৰে ৭খন ভ্ৰাম্যমাণ থিয়েটাৰত দুটাকৈ ১৪টা চিচি টিভি কেমেৰা থাকিব বুলি হৰি মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক নগেন ডেকাই জানিবলৈ দিছে।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )