শেহতীয়া খবৰ
Home / আঞ্চলিক / ইতিহাস হোৱাৰ দিশে বৃটিছৰ দিনৰ ১২৫ বছৰীয়া গল্‌ফ ফিল্ড

ইতিহাস হোৱাৰ দিশে বৃটিছৰ দিনৰ ১২৫ বছৰীয়া গল্‌ফ ফিল্ড

ঐতিহাসিক কাঞ্জিখোৱা গ’ল্‌ফ ফিল্ড ধ্বংস কৰি বাগিচা পতাৰ লক্ষ্য চাহ কোম্পানীৰ

গণ বাৰ্তা, ডিব্ৰুগড়, ৩১ অক্টোবৰ : ইতিহাসৰ বুকুত বিলীন হ’বলৈ গৈ আছে ডিব্ৰুগড় জিলাৰ অন্তৰ্গত তথা চাবুৱা ৰাজহ চক্ৰৰ অধীনস্থ তথা অসমৰে এখন লেখত ল’বলগীয়া ঐতিহ্যমণ্ডিত চাবুৱাৰ কাঞ্জিখোৱা গ’ল্‌ফ ফিল্ড। ইয়াকে লৈ এতিয়া সৰ্বত্ৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ জোৱাৰ উঠিছে। ১৮৯৪ চনতে তদানীন্তন ব্ৰিটিছ চৰকাৰৰ দিনত নিৰ্মাণ হোৱা ১২৫ বৰ্ষ অতিক্ৰম কৰা অসমৰ ক্ৰীড়াজগতৰ এক ঐতিহ্য বহনকাৰী, প্ৰায় ১৮ হেক্টৰ ভূমিৰে বিৰাট খেলপথাৰখনৰ লগতে খেলপথাৰখনৰ সৌন্দৰ্য বহনকাৰী শতায়ু গৰকা প্ৰকাণ্ড প্ৰকাণ্ড গছবোৰক (rain tree) নিঃশেষ কৰিবলৈ লোৱা কাৰ্যৰ বিৰুদ্ধে ক্ৰীড়াপ্ৰেমী আৰু প্ৰকৃতিপ্ৰেমীসকল জাঙুৰ খাই উঠিছে। যি সময়ত চৰকাৰে কোটি কোটি টকা খৰচ কৰি ক্ৰীড়াৰ উন্নতিত মনোনিৱেশ কৰিছে, খেলো ইণ্ডিয়া আঁচনি লৈছে, গছ ৰোপণৰ দ্বাৰা পৃথিৱীয়ে হেৰুওৱা সেউজীয়া পৰিৱেশ পুনৰুদ্ধাৰ কৰি জীৱকুলক সুৰক্ষা প্ৰদানৰ বাবে পৰিকল্পিত পদক্ষেপ গ্ৰহণ কৰিছে, তেনে সময়তে পুঁজিপতিৰ অধীনস্থ চাহ কোম্পানীটোৱে গোপনে কেৱল মুনাফা আহৰণৰ লক্ষ্যৰে খেলপথাৰখনত চাহ বাগিচা পাতিবলৈ লোৱা কাৰ্যৰ ঘোৰ বিৰোধিতা কৰিছে স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে।

এ পি জে টী কোম্পানীয়ে দিয়া সেউজ সংকেতত খাৰজান চাহ বাগিচাই ইতিমধ্যে খেলপথাৰখনৰ অৰ্ধেক অংশ ভূমি চহাই তুলিছে। আনকি খেলপথাৰত থকা বৃহৎ বৃহৎ গছবোৰকো ছাল কাটি মৰাৰ যি এক নিকৃষ্ট, নিৰ্মম, অধমৰ কাণ্ড বাগিচাৰ কৰ্তৃপক্ষই গ্ৰহণ কৰি যি অক্ষমণীয় অপৰাধ সংঘটিত কৰিছে, তেনে কাৰ্যক তীব্ৰ গৰিহণা দিয়াৰ লগতে বিষয়টোত চৰকাৰৰ উচিত তদন্ত বিচাৰিছে চাবুৱাৰ ৰাইজে। জানিব পৰা মতে আসাম টী ফ্ৰণ্টিয়াৰ কোম্পানীৰ অধীনস্থ আৰু পানীতোলা স্প’ৰ্ট ক্লাবে (চাহ বাগিচাসমূহৰ) তদাৰক কৰি থকা আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পিতৃগৃহ বিন্ধাকটাৰ প্ৰৱেশপথৰ কাষত অৱস্থিত খেলপথাৰখন নিঃশেষ কৰি সেই স্থানত চাহ ৰোপণ কৰাৰ পৰিকল্পনা তথা ব্লুপ্ৰিণ্ট ৰচনা হৈছিল প্ৰায় এবছৰ পূৰ্বে খাৰজান চাহ বাগিচাৰ তদানীন্তন বাগিচাৰ পৰিচালক সুদেশ কুমাৰ সিঙৰ সময়ত। সুদেশ কুমাৰ সিঙৰ এক পৰিকল্পিত প্ৰস্তাৱৰ ভিত্তিত এ পি জে টী কোম্পানীয়ে পতিয়ন গৈ খেলপথাৰখনত চাহ ৰোপণৰ সেউজ সংকেত দিছিল।

এনেদৰে আৰম্ভ হৈছিল ঐতিহাসিক গ’ল্‌ফ ফিল্ডখন নিঃশেষ কৰাৰ গভীৰ চক্ৰান্ত। খাৰজান চাহ বাগিচাৰ একাংশ কৰ্মচাৰীয়ে সহযোগিতাৰ বিপৰীতে একাংশই ইয়াৰ বিৰোধিতা কৰি অহাৰ বিষয়ে জানিব পৰা গৈছে। উল্লেখ্য যে কোম্পানীটোৱে নিজ অভিলাষ পূৰণৰ বাবে প্ৰথমে গছ মৰা, পকী গ’ল্‌ফ ক্লাব ভাঙি পেলোৱা আৰু শেষত খেলপথাৰখনত হাল বোৱা কাৰ্য ইতিমধ্যে আৰম্ভ কৰিছে। খোদ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহস্থানতে অতি সংগোপনে ঐতিহাসিক খেলপথাৰখন নিঃশেষ কৰিবলৈ লোৱা কাৰ্যক সহজে ল’ব পৰা নাই স্থানীয় ৰাইজে। গ’ল্‌ফ খেলবিধৰ উপৰি অন্যান্য ক্ৰীড়া আৰু সংস্কৃতিৰ বিকাশত অৰিহণা যোগাই অহা ঐতিহাসিক খেলপথাৰখনৰ সুৰক্ষাৰ বাবে চাবুৱা সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকা, সাংসদ প্ৰদান বৰুৱা, চাবুৱা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া, জিলা উপায়ুক্তৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পূৰ্ণ হস্তক্ষেপ বিচাৰিছে চাবুৱাবাসীয়ে।

সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদ, চাবুৱা মিডিয়া ফ’ৰাম, চাবুৱা আঞ্চলিক ছাত্ৰ সন্থা, চাবুৱা আঞ্চলিক ৰঙালী বিহু সমিতি, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, মটক যুৱ-ছাত্ৰ সন্মিলন, বৈচিত্ৰ্য ধৰিত্ৰীকে ধৰি বহু দল-সংগঠনে কোম্পানীটোৰ এনে হঠকাৰী সিদ্ধান্ত পৰিহাৰ কৰিবলৈ দাবী জনাইছে। মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি তুষাৰ ৰঞ্জন চেতিয়াই কয় যে ব্ৰিটিছৰ দিনতে নিৰ্মাণ হোৱা আৰু অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ অন্যতম সম্পদ ৰূপে বিবেচিত উক্ত গ’ল্‌ফ ফিল্ডখনত কোম্পানীয়ে বাগিচা পতাৰ পৰা বিৰত থাকক। ইয়াৰ বিপৰীতে খেলপথাৰখনৰ সুৰক্ষা আৰু উন্নতিকৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰক। অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ স্বাৰ্থতো ৰাজ্য চৰকাৰেও এই ক্ষেত্ৰত উচিত পদক্ষেপ গ্ৰহণ কৰিব লাগে।

উক্ত খেলপথাৰত যদি গ’ল্‌ফ খেলা হোৱা নাই তেন্তে শীঘ্ৰে উক্ত স্থানত নৱপ্ৰজন্মৰ বাবে তথা অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ উন্নতিৰ বাবে চৰকাৰে এক আঁচনি গ্ৰহণ কৰি ক্ৰীড়া প্ৰকল্প গঢ়ি তোলাৰ আহ্বান জনাইছে কেন্দ্ৰীয় সভাপতিগৰাকীয়ে। চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক প্ৰণৱজ্যোতি দত্তয়ো ফিল্ডখনৰ সুৰক্ষাৰ বাবে সোণোৱাল চৰকাৰক দাবী জনোৱাৰ লগতে চাহ কোম্পানীটোক চাবুৱাৰ ঐতিহ্য বিনাশকাৰী এনে সিদ্ধান্তৰ পৰা বিৰত থাকিবলৈ দাবী জনাইছে। ইয়াৰ অন্যথা কলিকতাস্থিত এ পি জে টী কোম্পানীৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )