শেহতীয়া খবৰ
Home / আঞ্চলিক / দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি হাতী-ছাফাৰী ঃ ফ্ৰান্স, ইংলেণ্ড, জাৰ্মানীৰ পৰ্যটকেৰে উদুলি-মুদুলি কাজিৰঙা

দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি হাতী-ছাফাৰী ঃ ফ্ৰান্স, ইংলেণ্ড, জাৰ্মানীৰ পৰ্যটকেৰে উদুলি-মুদুলি কাজিৰঙা

গণ বাৰ্তা, কাজিৰঙা, ১ নৱেম্বৰ : দেশ-বিদেশৰ পৰ্যটকৰ আগমনত উদুলি-মুদুলি হৈ পৰিছে কাজিৰঙাৰ পদূলি। শুকুৰবাৰে পুৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হ’ল দেশী-বিদেশী পৰ্যটকৰ আকৰ্ষণৰ মুখ্য কেন্দ্ৰবিন্দুস্বৰূপ হাতী ছাফাৰী। ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালক পি শিৱকুমাৰে কহঁৰা বনাঞ্চলৰ মিহিমুখত নাৰিকল ভাঙি আনুষ্ঠানিকভাৱে আৰম্ভ কৰিলে কহঁৰা বনাঞ্চলৰ হাতী ছাফাৰী। পুৱা দেশী পৰ্যটকৰ লগতে ফ্ৰান্স, ইংলেণ্ড, জাৰ্মানীকে আদি কৰি বহু বিদেশী পৰ্যটকে হাতীত উঠি উপভোগ কৰিলে কাজিৰঙাৰ মনোৰম নৈসৰ্গিক দৃশ্যৰাজি। নিচেই কাষৰ পৰাই বিশ্ববিখ্যাত এশিঙীয়া গঁড়, ম’হ, হাতী, হৰিণ দেখি আপ্লুত হৈ পৰিল দেশী-বিদেশী পৰ্যটক। হাতী ছাফাৰী আৰম্ভ কৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালকগৰাকীয়ে সাংবাদিকৰ আগত মন্তব্য কৰে যে কাজিৰঙালৈ নিতৌ এহেজাৰৰো অধিক পৰ্যটকৰ আগমন হয়। প্ৰায়সংখ্যক পৰ্যটকে হাতী ছাফাৰী কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰে যদিও সকলোকে এই সুবিধা প্ৰদান কৰাটো সম্ভৱপৰ নহয়। আনহাতে যোৱা ১২ অক্টোবৰত জীপ ছাফাৰী আৰম্ভ কৰাৰ পাছত ইতিমধ্যে ১১ হাজাৰ পৰ্যটকে ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিছে। লগতে বন বিভাগে ৰাজহ লাভ কৰিছে ২৩ লাখ টকা।

কহঁৰা বনাঞ্চলত বিভাগীয় হাতীৰ দ্বাৰা ছাফাৰী কৰোৱাৰ লগতে বাগৰি বনাঞ্চলত ২৭টা ব্যক্তিগত হাতীৰে ছাফাৰী কৰাৰ সুবিধা লাভ কৰিব পৰ্যটকে। উল্লেখ্য যে পহিলা নৱেম্বৰৰ দিনটোতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চল মুকলি হ’ল জীপ ছাফাৰীৰ বাবে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন প্ৰাধিকাৰী বিষয়া ৰমেশ কুমাৰ গগৈয়ে ফিতা কাটি দ্বাৰ মুকলি কৰা অগৰাতলিত দেশী-বিদেশী অজস্ৰ পৰ্যটকে জীপ ছাফাৰীৰে বনাঞ্চলখনৰ অপৰূপ সৌন্দৰ্য উপভোগ কৰি আপ্লুত হৈ পৰে। ইফালে আনুষ্ঠানিকভাৱে পৰ্যটকৰ বাবে মুকলি হয় বাগৰি বনাঞ্চলৰ হাতী ছাফাৰী। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন প্ৰাধিকাৰী বিষয়া ৰমেশ কুমাৰ গগৈয়ে বাগৰি বনাঞ্চলৰ বন বিষয়া পংকজ বৰাৰ সহযোগত আনুষ্ঠানিকভাৱে দ্বাৰ মুকলি কৰে বাগৰি বনাঞ্চলৰ। । প্ৰলয়ংকৰী বানৰ লগতে বিগত কিছুদিন হোৱা প্ৰবল বৰষুণৰ ফলত বাগৰি বনাঞ্চলৰ কিছু কিছু অঞ্চলত পানী জমা হৈ থকাৰ লগতে এলেকাটো বোকাময় হৈ থকাৰ বাবে মুকলিৰ ক্ষেত্ৰত অনিশ্চয়তা আহি পৰিছিল যদিও অৱশেষত মুকলি কৰা হ’ল বনাঞ্চলখন। কহঁৰা বনাঞ্চলত প্ৰতিদিনে পুৱা ৫.১৫ত আৰম্ভ হ’বলগীয়া ছাফাৰীৰ বাবে ১২টাকৈ হাতী নিয়োগ কৰা হৈছে বুলি জানিবলৈ দিয়ে কহঁৰা বনাঞ্চলৰ বন বিষয়া চেলিম আহমেদে।

ইয়াৰোপৰি দুটা ট্ৰিপত বিভক্ত ছাফাৰীৰ প্ৰতিটো ট্ৰিপতে ২৭জনকৈ পৰ্যটকে দৰ্শন কৰিব পাৰিব কাজিৰঙাৰ মনোমোহা নৈসৰ্গিক পৰিৱেশ। ইয়াৰোপৰি অহা ৬ নৱেম্বৰত কাজিৰঙাৰ বুঢ়াপাহাৰ বনাঞ্চলত মুকলি হ’ব পৰ্যটকৰ জীপ ছাফাৰী। জীপ ছাফাৰীৰ প্ৰস্তুতিৰ সমান্তৰালকৈ এই বৰ্ষত বনাঞ্চলখনত সংযোজন ঘটিব হাতী ছাফাৰীৰ। দুটা হাতী ছাফাৰীৰ বাবে সাজু কৰা হৈছে বুলি মত ব্যক্ত কৰে বুঢ়াপাহাৰ বনাঞ্চলৰ বন বিষয়া প্ৰদীপ গোস্বামীয়ে। তদুপৰি এই বৰ্ষতে কাজিৰঙাৰ পৰ্যটনত সংযোজন ঘটিব পৰ্যটকৰ আকৰ্ষণৰ কেইবাটাও কেন্দ্ৰবিন্দু। কাজিৰঙাৰ পৰ্যটনত এই বৰ্ষতে সংযোগ ঘটিব পৰ্যটকৰ নৌকা বিহাৰৰ লগতে ট্ৰেকিঙৰ ব্যৱস্থা। ভোমোৰাগুৰিৰ পৰা বিশ্বনাথ ঘাটলৈ নৌকা বিহাৰৰ দ্বাৰা উপভোগ কৰিব পাৰিব কাজিৰঙাৰ সৌন্দৰ্য। আনহাতে চলিত বৰ্ষতে কাজিৰঙাৰ অটব্য অৰণ্যৰ মাজত পৰ্যটকে কৰিব পাৰিব ট্ৰেকিং। ৰাষ্ট্ৰীয় উদ্যানখনৰ দক্ষিণ দিশৰ কাৰ্বি পাহাৰৰ নামনিৰ পাণবাৰী সংৰক্ষিত বনাঞ্চলত পৰ্যটকে কৰিব পাৰিব ট্ৰেকিং। ২০০৭ চনত কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্পৰ বাফাৰ জ’ন হিচাবে ঘোষণা কৰা পাণবাৰী সংৰক্ষিত বনাঞ্চল পৰ্যটকৰ বাবে হৈ পৰিব প্ৰকৃতিৰ মনোৰম সৌন্দৰ্যৰ আন এক নতুন আকৰ্ষণৰ কেন্দ্ৰ।

বন বিভাগৰ সূত্ৰ মতে প্ৰতিবছৰে মে’ মাহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে বন্ধ কৰি দিয়াৰ পাছত বহু পৰ্যটকে বিফল মনোৰথ হৈ উভতি যাবলগীয়া হয়। গতিকে জুলাই মাহলৈকে কাজিৰঙালৈ অহা পৰ্যটকে পাণবাৰী সংৰক্ষিত বনাঞ্চল ভ্ৰমণ কৰি প্ৰকৃতিৰ মনোৰম দৃশ্য উপভোগ কৰিব পাৰিব। বিভাগীয় বিশেষজ্ঞ ৰবীন শৰ্মাৰ মতে প্ৰাকৃতিক সমলৰ দিশতো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু পাণবাৰী সংৰক্ষিত বনাঞ্চলৰ বহু পাৰ্থক্য আছে। বিশেষভাৱে পাণবাৰী সংৰক্ষিত বনাঞ্চলত থকা ১৮ টাতকৈ অধিক জুৰি আৰু জুৰিৰ ফটফটীয়া পানীত থকা চেঙা, বামী, তুৰা, শিলঘৰীয়া আদি মাছ, নানান প্ৰজাতিৰ পক্ষী, পখিলা আদিয়ে পৰ্যটকক বিশেষভাৱে আকৰ্ষণ কৰিব। আনহাতে পাণবাৰী বনাঞ্চল নাহৰফুটুকী, হাতী, হুলক গিবন, কেপ লেংগুৰ, লাজুকী বান্দৰ তথা ভিন্ন প্ৰজাতিৰ হৰিণৰ বিচৰণভূমি। তদুপৰি বানৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বহু বন্যপ্ৰাণীৰ আশ্ৰয়স্থল পাণবাৰী বনাঞ্চল। গতিকে পাণবাৰী পৰ্যটকৰ বাবে মুকলি কৰিলে কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰলৈ এক নতুনত্ব অনাৰ আশা কৰিব পাৰি বুলি মত প্ৰকাশ স্থানীয় ৰাইজৰ।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )