শেহতীয়া খবৰ
Home / আঞ্চলিক / দুদিনীয়া কাৰ্যসূচীৰে উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৰ অসম ভ্ৰমণ

দুদিনীয়া কাৰ্যসূচীৰে উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৰ অসম ভ্ৰমণ

গুৱাহাটী, ২ নৱেম্বৰ : অসমত দুদিনীয়া চৰকাৰী ভ্ৰমণ কাৰ্যসূচীৰ অন্তত ভাৰতৰ উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু আজি মাংগালোৰলৈ ৰাওনা হয়। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপ-ৰাষ্ট্ৰপতিগৰাকীক বিদায় সম্ভাষণ জনায় অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। তাৰোপৰি সাংসদ কুইন ওজা, মুখ্য সচিব আলোক কুমাৰ, আৰক্ষী সঞ্চালকপ্ৰধান কুলধৰ শইকীয়াকে প্ৰমুখ্য কৰি ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। উল্লেখযোগ্য যে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে গুৱাহাটীত অনুষ্ঠিত ২১ সংখ্যক উত্তৰ-পূব গ্ৰন্থমেলাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )