শেহতীয়া খবৰ
Home / আঞ্চলিক / এনআৰচিৰ বিৰোধিতা কৰাসকলে জুইৰ লগত খেলা কৰিছে : নাগৰিকপঞ্জী সন্দৰ্ভত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিস্ফোৰক মন্তব্য

এনআৰচিৰ বিৰোধিতা কৰাসকলে জুইৰ লগত খেলা কৰিছে : নাগৰিকপঞ্জী সন্দৰ্ভত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিস্ফোৰক মন্তব্য

নাম বাদ পৰা ১৯ বা ৪০ লাখ ডাঙৰ কথা নহয়

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৩ নৱেম্বৰ : চূড়ান্ত এনআৰচিৰ পৰা নাম বাদ পৰা ১৯ লাখ লোকৰ সংখ্যাক লৈ বিভিন্ন দল-সংগঠনে মুকলিভাৱে বিষোদ্গাৰ প্ৰকাশ কৰিছে। আনকি ৩১ আগষ্টত প্ৰকাশ পোৱা চূড়ান্ত এনআৰচিক একাংশই নস্যাৎ কৰাই নহয়, উচ্চতম ন্যায়ালয়ক তীব্ৰ ভাষাৰে সমালোচনা কৰিছিল। মূলতঃ বিদেশীৰ সংখ্যাক লৈ বিজেপি, আৰএছএছ, আছু, এপিডব্লিউকে আদি কৰি কেইবাটাও দল-সংগঠনে মুকলিভাৱে অসন্তুষ্টি ব্যক্ত কৰি উক্ত এনআৰচিৰ তীব্ৰ বিৰোধিতা কৰিছিল। চূড়ান্ত এনআৰচি প্ৰকাশৰ পিছত আজি ৰাজহুৱা স্থানত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে নাগৰিকপঞ্জী সন্দৰ্ভত কেতবোৰ বিস্ফোৰক মন্তব্য আগবঢ়ায়। উচ্চতম ন্যায়ালয়ৰ ৰায়ক সমালোচনা কৰাসকলক লক্ষ্য কৰি ৰঞ্জন গগৈয়ে ভিত্তিবৰ্ষক লৈ এনআৰচিৰ বিৰোধিতা কৰাসকলে জুইৰ লগত খেলা কৰিছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। আজি নতুন দিল্লীৰ ইণ্ডিয়া ইণ্টাৰনেচনেল চেণ্টাৰত আয়োজিত এক গ্ৰন্থ উন্মোচনী সভাত অংশগ্ৰহণ কৰি ৰঞ্জন গগৈয়ে প্ৰথমবাৰৰ বাবে ৰাজহুৱা স্থানত এনআৰচিক লৈ বিৰোধিতা কৰাসকলৰ বিৰুদ্ধে সমালোচনাত মুখৰ হৈ কয় যে আৰামী চকীত বহি একাংশই বাধা দিয়ে এনআৰচিক।

তেওঁ লগতে কয় যে অবৈধ প্ৰব্ৰজনকাৰীৰ সংখ্যা নিশ্চিত কৰাটো অতি জৰুৰী প্ৰয়োজন আছে। সেই কামটোকে এনআৰচিৰ জৰিয়তে কৰিব বিচৰা হৈছে। ইয়াতকৈ কম আৰু বেছি আন একো নহয়। ইমান দিনে বিদেশীৰ ধাৰণা আছিল, এতিয়া সংখ্যা ওলাইছে। ৩১ আগষ্টত প্ৰকাশ পোৱা চূড়ান্ত এনআৰচিখনক এই মুহূৰ্তত এখন দলিল বুলি ক’ব নোৱাৰি, কিন্তু ভৱিষ্যতৰ বাবে সৰ্বস্তৰৰ দস্তাবেজ বা আধাৰ। এনআৰচিৰ জৰিয়তে কেৱল এটা পৰ্যায়লৈকে নিশ্চিতভাৱে প্ৰকৃত বিদেশী প্ৰব্ৰজনকাৰীসকলৰ সংখ্যা নিৰূপণ কৰিব বিচৰা হৈছে বুলি উল্লেখ কৰি ৰঞ্জন গগৈয়ে আৰু কয় যে এনআৰচি হৈছে সঠিক প্ৰেক্ষাপটত নাগৰিকসকলৰ নাগৰিকত্ব নিশ্চিত কৰাৰ এক প্ৰক্ৰিয়া। এনআৰচিৰ পৰা নাম বাদ পৰা ১৯ লাখ বা ৪০ লাখ লোক ডাঙৰ কথা নহয় বুলি উল্লেখ কৰি ৰঞ্জন গগৈয়ে আৰু কয় যে এনআৰচি নতুন প্ৰক্ৰিয়া নহয়, ১৯৫১ৰ পৰাই চলি আহিছে এনআৰচিৰ প্ৰক্ৰিয়া। চৰকাৰ আৰু প্ৰশাসন প্ৰব্ৰজন ৰোধত ব্যৰ্থ হৈছে। অবৈধ প্ৰব্ৰজনকাৰী অসমৰ এক ডাঙৰ সমস্যা।

শেহতীয়াকৈ এটা সংখ্যা নিৰূপণ হৈছে। সেই ৩.১১ কোটি লোকৰ ভিত্তিতে পৰৱৰ্তী প্ৰক্ৰিয়াত আগবাঢ়িব পৰা যাব। ইপিনে তেওঁ লগতে আৰু কয় যে এনআৰচিৰ যোগেদি অবৈধ প্ৰব্ৰজনকাৰী ৰোধত বাধা দিয়াৰ চেষ্টা কৰা হৈছে। চূড়ান্ত এনআৰচি প্ৰকাশৰ পিছত একাংশ দল-সংগঠন কিম্বা ব্যক্তিবিশেষে তেওঁক সমালোচনা কৰিছে। সেই সন্দৰ্ভত তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে আমাক বহুতেই সমালোচনা কৰি আছে। আমাৰ উদ্দেশ্য সমালোচনাৰ উত্তৰ দিয়া নহয়। যদি উত্তৰ দিওঁ প্ৰক্ৰিয়াটো বন্ধ হৈ যাব। সংবাদ মাধ্যম আৰু ছ’চিয়েল মিডিয়াত এনআৰচিৰ বিষয়টোক লৈ দেখুওৱা ভূমিকাকো সমালোচনা কৰে ৰঞ্জন গগৈয়ে। যি কি নহওক ভিত্তিবৰ্ষ কিম্বা চূড়ান্ত এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখৰ সংখ্যাক লৈ সমস্ত নাগৰিকপঞ্জীৰ প্ৰক্ৰিয়াটোক নস্যাৎ কিম্বা বিৰোধিতা কৰাসকলক আজি ৰঞ্জন গগৈয়ে আক্ৰমণ কৰি কয় যে যিসকলে ভিত্তিবৰ্ষক লৈ এনআৰচিৰ বিৰোধিতা কৰিছে সেইসকলে জুইৰ লগত খেলা কৰিছে। এনআৰচিখন চূড়ান্তভাৱে প্ৰস্তুত হ’ল।

কিন্তু এই মুহূৰ্তত ই এখন দলিল নহয় যদিও ই অসমৰ ভৱিষ্যতৰ বাবে এক বুনিয়াদ হৈ ৰ’ব। ইপিনে ভিত্তিবৰ্ষক লৈ অসমবাসীয়ে বহল অন্তৰৰ পৰিচয় দাঙি ধৰিলে বুলিও ৰঞ্জন গগৈয়ে মন্তব্য কৰি কয় যে দেশবাসীৰ ওচৰত সুন্দৰ নিদৰ্শন দাঙি ধৰিছে অসমীয়াই। উল্লেখ্য যে ৩১ আগষ্টত প্ৰকাশ পাইছে চূড়ান্ত এনআৰচি। ৩.১১ কোটি লোকৰ নাম অন্তৰ্ভুক্ত কৰি প্ৰকাশ পাইছিল চূড়ান্ত এনআৰচি। চূড়ান্ত এনআৰচিৰ পৰা বাদ পৰিছিল ১৯ লাখ লোকৰ। নাম বাদ পৰা সংখ্যাক লৈ ৰাজ্যত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। একাংশ দল-সংগঠনে দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক তীব্ৰ ভাষাৰে সমালোচনা কৰিছিল। যি কি নহওক আজি উচ্চতম ন্যায়ালয়ৰ বাহিৰত প্ৰথমবাৰৰ বাবে ৰঞ্জন গগৈয়ে এনআৰচি সন্দৰ্ভত এই বিস্ফোৰক মন্তব্য আগবঢ়ায়।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )