শেহতীয়া খবৰ
Home / আঞ্চলিক / আজানপীৰৰ জিকিৰ-কৰ্মৰাজী সুৰক্ষিত হ’ব লাগে : জয়ন্ত মাধৱ বৰা

আজানপীৰৰ জিকিৰ-কৰ্মৰাজী সুৰক্ষিত হ’ব লাগে : জয়ন্ত মাধৱ বৰা

হজৰত আজানপীৰ (ৰঃ) স্মৃতি সংৰক্ষণ সমিতি, অসম গঠন, সংবিধান ৰচনা আৰু গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ

মহানগৰ বাৰ্তা, গুৱাহাটী, ৩ নৱেম্বৰ : “শংকৰ আজানৰ দেশ অসম’ বুলি ঐতিহ্যপূৰ্ণ সম্প্ৰীতিৰ বান্ধোনেৰে বৰ অসম ৰচনা কৰা দুগৰাকী ব্যক্তি বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক শংকৰদেৱৰ গুণানুকীৰ্তন বিশ্ব দৰবাৰলৈ বিস্তাৰ লাভৰ সুনাম অৰ্জন কৰাৰ বাবে অসম আৰু অসমীয়া আজি ধন্য। তেনে ক্ষণতেই আন এগৰাকী ধৰ্মগুৰু, জিকিৰৰ স্ৰষ্টা, অসমত চুফিবাদৰ অন্যতম হোতা শ্বাহমিলন হজৰত আজানপীৰৰ স্মৃতি আৰু জিকিৰৰ সৈতে অন্যান্য কৰ্মৰাজি সুৰক্ষা কৰাৰ বাবে আজি অসমৰ প্ৰতিগৰাকী সচেতন নাগৰিক ঐকান্তিকতাৰে একত্ৰিত হোৱা প্ৰয়োজন।’ —এই বক্তব্য আজান ফকিৰৰ ওপৰত গৱেষণাধৰ্মী উপন্যাস ৰচনা কৰা ঔপন্যাসিক সাহিত্যিক জয়ন্ত মাধৱ বৰাৰ । হজৰত আজানপীৰ (ৰ:) স্মৃতি সংৰক্ষণ সমিতি, অসম (তদৰ্থ) ৰ সভাপতি, কাৰ্যকৰী সভাপতি আৰু সাধাৰণ সম্পাদক ক্ৰমে মহ: নুৰুল হক, চৈয়দ আব্দুৰ ৰছিদ আহম্মদ আৰু চৈয়দ মোহাম্মদ বাকীৰ আহ্বানত আয়োজন কৰা সাধাৰণ সভাত এইদৰে কয় অসমৰ ঐক্য-শান্তি আৰু সমন্বয়ৰ বাট বিচৰা মানৱতাৰ ধৰ্মক অগ্ৰাধিকাৰ দিয়া সু-সাহিত্যিক জয়ন্ত মাধৱ বৰাই ।

উল্লেখযোগ্য যে কেইবা মাহ আগতে গঠিত হজৰত আজানপীৰ স্মৃতি সংৰক্ষণ সমিতি, অসমৰ (তদৰ্থ) সভাপতি মহ: নুৰুল হকৰ পৌৰোহিত্যত পূৰ্ণ পৰ্যায়ৰ সমিতি গঠন আৰু সংবিধান গ্ৰহণৰ বাবে অনুষ্ঠিত সভাত আজানপীৰৰ ওপৰত বিস্তৃত বক্তব্য দাঙি ধৰি এইদৰে কয় বৰাই । ছয়মাইলৰ শিল্পগ্ৰাম প্ৰেক্ষাগৃহত ‘হিন্দু কি মুছলমান, একে আল্লাৰ ফৰমান, মোৰ মনত ভেদভাৱ নাই অ’ আল্লাহ, মোৰ মনত ভেদভাৱ নাই’ জিকিৰৰ পয়াৰেৰে আৰম্ভ হোৱা সভাখনত উপস্থিত থকা সকলোৱেই শংকৰ-আজানৰ সমন্বয়ৰ বৰ অসম প্ৰতিষ্ঠা কৰাৰ মত পোষণ কৰি উদ্যোক্তাসকলক একমুখে প্ৰশংসা কৰে আৰু গাম্ভীৰ্যপূৰ্ণ সভাখনৰ শলাগ লয় । উক্ত সভাতেই আজানপীৰৰ জিকিৰ আৰু সামগ্ৰিক চিন্তা-চৰ্চাৰ ওপৰত গৱেষণা কৰি পি এইচ ডি লোৱা অধ্যাপক ড০ চৈয়দ আব্দুল আজিমেও আজানপীৰৰ ওপৰত লোৱা গৱেষণাৰ বিষয়বস্তুৰ বিষয়ে বিস্তৃত বক্তব্য দাঙি ধৰে ।

তদৰ্থ সমিতি আৰু দহগৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা গঠিত সংবিধান ৰচনা (খচৰা) সংবিধান ৰচনা সমিতিৰ বিতং কাৰ্যবিৱৰণী দাঙি ধৰাৰ পিছত সংবিধানখন সংবৰ্ধন, কৰ্তন আৰু সংশোধনীৰ মাজেৰে গৃহীত কৰা হয় আৰু তদৰ্থ সমিতিয়ে পদত্যাগ কৰাৰ পিছত হজৰত আজানপীৰ (ৰ:) স্মৃতি সংৰক্ষণ পূৰ্ণ পৰ্যায়ৰ সমিতিখন গঠন কৰা হয় । উল্লেখযোগ্য যে সৌহাৰ্দ্যপূৰ্ণ পৰামৰ্শমূলক আলোচনাৰ অন্তত তদৰ্থ সমিতিৰ উপৰোক্ত ব্যক্তিসকলৰ পদসমূহ পুনৰায় বাহাল ৰখাৰ লগতে বিত্ত সচিব মহিবুৰ হুছেইন, যুটীয়া সম্পাদক ফাইজুৰ ৰহমান আৰু নজৰুল ইছলাম, গণ অধিকাৰ ছ’চিয়েল চাৰ্কোলৰ সচিব ছাহজাহান তালুকদাৰ, চৈয়দ মজিবৰ ৰহমান উপ-সভাপতি, বিশিষ্ট সমাজকৰ্মী আলী হাইদৰ লস্কৰ, বিশিষ্ট সমাজকৰ্মী সাজিদা ৰহমান আৰু অন্যান্য তেত্ৰিছ শতাংশ মহিলাৰ সদস্যা পদক সাঙুৰি সাতত্ৰিশ জনীয়া পূৰ্ণ পৰ্যায়ৰ সমিতি গঠন কৰা হয় ।

উক্ত সভাত হজৰত আজানপীৰ (ৰ:) স্মৃতি সংৰক্ষণ সমিতিৰ উদ্যোগত ‘হজৰত আজানপীৰ সমন্বয় ক্ষেত্ৰ’ স্থাপন কৰা, পুথিভড়াল স্থাপন কৰা, জিকিৰ সংৰক্ষণ, গৱেষণা, প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ ওপৰত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গৃহীত কৰে সাধাৰণ সভাই। আজিৰ সভাত প্ৰাক্তন আয়ুক্ত চৈয়দ ইফতিকাৰ হুছেইন, মাহতাব উদ্দিন আহমেদ, জ্যেষ্ঠ সাংবাদিক ছৈয়দ মেহদি আলম বৰা, সমাজকৰ্মী ইনাম উদ্দিন আহমেদ, অৱসৰপ্ৰাপ্ত এচিএছ বিষয়া এ এইচ খন্দকাৰ, ইঞ্জিনিয়াৰ আব্দুল বাতিন খন্দকাৰ, সমাজকৰ্মী মতিয়াৰ ৰহমান, আশ্ৰাফুল হুছেইনৰ সৈতে বহুতো গণ্যমান্য ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে আজিম উদ্দিন আৰু সংগীসকলে পৰিৱেশন কৰা জিকিৰ-জাৰীৰে আৰম্ভ কৰা সাধাৰণ সভাত দলটোৱে কেইবাটাও জিকিৰ পৰিৱেশন কৰি উপস্থিত থকা সকলোকে আপ্লুত কৰি তোলে।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )