শেহতীয়া খবৰ
Home / আঞ্চলিক / তৃতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱৰ সফল সামৰণি :৬৫খন দেশৰ ১০০খন ছবি প্ৰদৰ্শন

তৃতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱৰ সফল সামৰণি :৬৫খন দেশৰ ১০০খন ছবি প্ৰদৰ্শন

মাৰাঠী ছবি ‘ডিয়েৰ মল্লী’লৈ শ্ৰেষ্ঠ ছবিৰ সন্মান, শ্ৰেষ্ঠ চুটি ছবি ‘আহাৰৰ দুপৰীয়া’

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৬ নৱেম্বৰ : ১৪ হাজাৰ দৰ্শকৰ সঁহাৰিৰে সপ্তাহজোৰা তৃতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱৰ আজি অন্ত পৰে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত সামৰণী অনুষ্ঠানত আজি মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট অভিনেতা ড০ মোহন আগাশ্বে, গুৱাহাটীত বাংলাদেশৰ উচ্চায়ুক্ত ড০ শ্বাহ মহম্মদ তনবিৰ মনছুৰ, ছাইবেৰীয়াৰ বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা তথা চলচ্চিত্ৰ মহোৎসৱৰ জুৰিৰ অধ্যক্ষ নেনাদ ডুকিক, বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা তথা জুৰিৰ সদস্য ড০ সাbLনা বৰদলৈ, বাংলাদেশৰ চলচ্চিত্ৰ নিৰ্মাতা তথা জুৰিৰ সদস্য আবু ছায়েদ, আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰদূত ডেনিয়েল ছানভাৰো, বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা এ কে বীৰ। উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি জ্যেতি চিত্ৰবনৰ অধ্যক্ষ পৱিত্ৰ মাৰ্ঘেৰিটাই কয় যে ধাৰাবাহিকভাৱে তিনিটা বৰ্ষ অতিক্ৰম কৰি গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱে অকল দেশৰ মাজতে নহয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো নিজৰ স্থান সৃষ্টি কৰিবলৈ সক্ষম হৈছে। গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ যোগেদি নতুন প্ৰজন্মক ছবিৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে প্ৰয়াস গ্ৰহণ কৰা হৈছিল আৰু এই ক্ষেত্ৰত সাফল্য লাভ কৰা হৈছে।

বিগত বৰ্ষৰ তুলনাত এইবেলি দৰ্শকৰ আগ্ৰহ অধিক আছিল বুলি উল্লেখ কৰি ৭ হাজাৰ লোকে প্ৰতিনিধিৰ পঞ্জীয়ন কৰাৰ পিছত স্থানৰ অভাৱৰ বাবে আয়োজকে প্ৰতিনিধি পঞ্জীয়ন বন্ধ কৰিবলৈ বাধ্য হৈছিল। ইয়ে প্ৰমাণ কৰে ছবি মহোৎসৱখনৰ প্ৰতি ৰাজ্যবাসীৰ আগ্ৰহ আৰু আকৰ্ষণ। এইবেলি ১৪ হাজাৰ লোকে ৬৫খন দেশৰ ১০০খন ছবি উপভোগ কৰিবলৈ সক্ষম হৈছে বুলি তেওঁ দোহাৰে। ইপিনে আৰ্জেণ্টিনাৰ ডেনিয়েল ছানভাৰোৱে বিগত সময়ছোৱাতো তেওঁ চলচ্চিত্ৰ মহোৎসৱখনত অংশগ্ৰহণ কৰিছিল আৰু এইবেলি পূৰ্বতকৈ অধিক আড়ম্বপূৰ্ণভাৱে মহোৎসৱখন অনুষ্ঠিত হৈছে আৰু এই মহোৎসৱত আৰ্জেণ্টিনাৰ ছবি প্ৰদৰ্শিত হৈছে বুলি কয়। গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱৰ বিকাশক লৈ তেওঁ আনন্দিত আৰু অহা বৰ্ষতো এই মহোৎসৱত তেওঁ অংশগ্ৰহণ কৰিব বুলি কয়। ইপিনে গুৱাহাটীত থকা বাংলাদেশৰ উচ্চায়ুক্ত ড০ শ্বাহ মহম্মদ তনবিৰ মনছুৰে কয় যে পুৰণি ছবিত সাধাৰণতে এটা কাহিনী দেখা গৈছিল যে দুজন ভাতৃয়ে খলনায়কৰ আক্ৰমণ অথবা বিভিন্ন পৰিস্থিতিৰ বাবে এৰা-এৰি হৈছিল। পৰৱৰ্তী সময়ত আকৌ দুই ভাতৃৰ মিলনত ছবিখন সফলভাৱে সমাপ্তি ঘটিছিল। সেই একে বেদনা আৰু একে ঘটনা অসম আৰু বাংলাদেশৰ ক্ষেত্ৰত চলিছে। দেশ বিভাজনৰ পিছত দুই ভাতৃ অসম আৰু বাংলাদেশ পৃথক হৈ পৰিছিল।

পৰৱৰ্তী সময়ত ১৯৭১ চ নত স্বাধীন বাংলাদেশ জন্ম হোৱাৰ পিছত সম্প্ৰতি বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰচেষ্টাত বাংলাদেশ আৰু অসমৰ পুনৰ সম্বন্ধ আগৰ পৰ্যায়লৈ আহিছে। গুৱাহাটী ছবি মহোৎসৱত বাংলাদেশৰ ছবি প্ৰদৰ্শিত হৈছে। ভাষাৰ ক্ষেত্ৰত বাংলাদেশ আৰু অসমৰ কোনো অসুবিধা নাই বুলি উল্লেখ কৰি তেওঁ নিজেই পৰিয়ালসহ অসমীয়া ছবি ‘ৰত্নাকৰ, কাঞ্চনজংঘা, বুলবুল কেন ছিং উপভোগ কৰিছে বুলি কয়। বাংলাদেশৰ ছবি মহোৎসৱত অসমৰ ছবি প্ৰদৰ্শন কৰাৰ কথা উল্লেখ কৰি ইয়াৰ বাবে কোনো ডাবিং তথা ছাব টাইটেলৰ প্ৰয়োজন নাই বুলি তেওঁ উল্লেখ কৰে। ছবি মহোৎসৱত গজেন্দ্ৰ আহিৰেৰ পৰিচালিত মাৰাঠী ছবি ‘ডিয়েৰ মল্লী’ক শ্ৰেষ্ঠ ভাৰতীয় ছবিৰ বঁটা প্ৰদান কৰা হয়। আনহাতে বঙালী ছবি ‘অব্যক্ত’ৰ পৰিচালক অৰ্জুন দত্তক শ্ৰেষ্ঠ পৰিচালক হিচাপে স্বীকৃতি দিয়া হয়। কলা নিৰ্দেশনাৰ বাবে সুমিত্ৰা ভাবেই জুৰিৰ বিশেষ বঁটা লাভ কৰে। আনহাতে শ্ৰেষ্ঠ চুটি ছবি হিচাপে অসমীয়া ছবি ‘আহাৰৰ দুপৰীয়া’ বিবেচিত হয়। জুৰিৰ বিশেষ আকৰ্ষণ লাভ কৰে ‘স্বন পাপৰি’ আৰু ডিছ ইজ লাইফে।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )