শেহতীয়া খবৰ
Home / আঞ্চলিক / ২৮ নৱেম্বৰৰ পৰা অসম বিধানসভাৰ শীতকালীন অধিৱেশন

২৮ নৱেম্বৰৰ পৰা অসম বিধানসভাৰ শীতকালীন অধিৱেশন

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী : অহা ২৮ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ’ব অসম বিধানসভাৰ শীতকালীন অধিৱেশন। ৬ ডিচেম্বৰলৈ চলিবলগীয়া এই সাতদিনীয়া শীতকালীন অধিৱেশনত ৰাজ্যৰ শেহতীয়া পৰিস্থিতিক লৈ বিৰোধীয়ে সদন উত্তাল কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। ইপিনে শতীকালীন অধিৱেশনৰ প্ৰথম দিনটোতেই নৱনিৰ্বাচিত চাৰি বিধায়কৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব। জনীয়া সমষ্টিৰ নৱনিৰ্বাচিত ৰফিকুল ইছলাম, সোণাৰি সমষ্টিৰ বিধায়িকা নৱনীতা সন্দিকৈ, ৰঙাপৰা সমষ্টিৰ বিধায়ক ৰাজেন বৰঠাকুৰ আৰু ৰাতাবাৰী সমষ্টিৰ বিধায়ক বিজয় মালাকাৰে আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰিব।