শেহতীয়া খবৰ
Home / আঞ্চলিক / বেপাৰীৰ ওচৰত আত্মসমৰ্পণ যোগানমন্ত্ৰীৰ : জানুৱাৰীলৈকে হ্ৰাস নাপায় পিঁয়াজৰ মূল্য

বেপাৰীৰ ওচৰত আত্মসমৰ্পণ যোগানমন্ত্ৰীৰ : জানুৱাৰীলৈকে হ্ৰাস নাপায় পিঁয়াজৰ মূল্য

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৬ নৱেম্বৰ : মূল্যবৃদ্ধি নিয়ন্ত্ৰণত চূড়ান্তভাৱে ব্যৰ্থ হৈছে বিজেপি চৰকাৰ। মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব বুলি নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই ক্ষমতা দখল কৰা বিজেপিয়ে এতিয়া প্ৰতিটো ক্ষেত্ৰতেই লৈছে ‘ইউ টাৰ্ন।’ মূলতঃ যেন ৰাজ্যৰ সৰ্বসাধাৰণ জনতাৰ সমস্যাক লৈ তুচ্ছ-তাচ্ছিল্য কৰিছে বিজেপি নেতা-কৰ্মীয়ে। কংগ্ৰেছৰ কাৰ্যকালত মূল্যবৃদ্ধিৰ বিৰুদ্ধে পিঁয়াজৰ মালা পিন্ধি কিম্বা ঘোঁৰাৰ গাড়ী চলাই অভিনৱ প্ৰতিবাদ কৰা এইসকল বিজেপি নেতা এতিয়া মৌন। সৰ্বসাধাৰণৰ দুখ-দুৰ্দশাক লৈ যেন তিলমানো ভ্ৰূক্ষেপ নাই। আজি ৰঙা পিঁয়াজে সৰ্বসাধাৰণ ৰাইজক কন্দুৱাইছে। হাঁহিছে যোগান মন্ত্ৰী আৰু বিজেপিৰ নেতা-কৰ্মীয়ে। প্ৰতিদিনেই বৃদ্ধি পাইছে ৰঙা পিঁয়াজৰ মূল্য। ক্ৰমাৎ চেঞ্চুৰীৰ দিশে আগবাঢ়িছে পিঁয়াজৰ মূল্য। বৰ্তমান ৮০ টকা হৈছেগৈ প্ৰতি কিলো পিঁয়াজৰ মূল্য। আলু-পিঁয়াজৰ বৰ্ধিত মূল্যক লৈ আজি জনতা ভৱনত যোগানমন্ত্ৰী ফণীভূষণ চৌধুৰীৰ সৈতে এক বৈঠকত মিলিত হয় চেম্বাৰ অৱ কমাৰ্চৰ প্ৰতিনিধি দল। উক্ত বৈঠকতেই বেপাৰীৰ ওচৰত যোগানমন্ত্ৰীয়ে আত্মসমৰ্পণ কৰা দেখিবলৈ পোৱা যায়।

আনকি পিঁয়াজ অথবা আলুৰ মূল্য হ্ৰাসৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে অসহায় যোগানমন্ত্ৰী। বৈঠকৰ পিছতেই চেম্বাৰ অৱ কমাৰ্চৰ প্ৰতিনিধিয়ে ঘোষণা কৰে যে জানুৱাৰীলৈকে হ্ৰাস নাপায় পিঁয়াজৰ মূল্য। নাছিকৰ পিঁয়াজ আহিছে যদিও দাম কমা নাই। মূল উৎসত পিঁয়াজৰ উৎপাদন হ্ৰাস পোৱাত পিঁয়াজৰ মূল্য বৃদ্ধি পাইছে। গতিকে অহা জানুৱাৰীলৈকে পিঁয়াজৰ মূল্য কোনো কাৰণতে হ্ৰাস নাপায়। যিকি নহওক আৰু দুমাহলৈকে ৰাজ্যবাসীয়ে পিঁয়াজৰ মূল্যক লৈ জলাকলা খাব লাগিব, সেয়া নিশ্চিত। ইপিনে ৰাজ্যৰ বিয়াগোম যোগানমন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে সৰ্বসাধাৰণ ৰাইজক মূল্য বৃদ্ধিৰ পৰা সকাহ দিয়াৰ পৰিৱৰ্তে চেম্বাৰ অৱ কমাৰ্চৰ ওচৰত আত্মসমৰ্পণ কৰাহে দেখিবলৈ পোৱা গ’ল।

দিল্লী চৰকাৰে পিঁয়াজৰ মূল্যত এক কঠোৰ ভূমিকা পালন কৰিছিল। পিঁয়াজৰ মূল্য বৃদ্ধিৰ পিছতেই ব্যৱসায়ীসকলক নিয়ন্ত্ৰণ কৰি কেজৰিৱাল চৰকাৰে অতি কম মূল্যত সৰ্বসাধাৰণ ৰাইজক পিঁয়াজ যোগান ধৰিবলৈ সক্ষম হৈছিল। কিন্তু বৰ্তমান ৰাজ্যৰ সোণোৱাল চৰকাৰৰ যোগানমন্ত্ৰী ফণীভূষণ চৌধুৰী এই ক্ষেত্ৰত সম্পূৰ্ণ বিপৰীত। মূল্য নিয়ন্ত্ৰণ কৰা দূৰৰে কথা, পিঁয়াজৰ মূল্য বৃদ্ধিক লৈ একপ্ৰকাৰ মন্ত্ৰীগৰাকীয়ে বেপাৰীৰ ওচৰত আঁঠু লোৱাহে পৰিলক্ষিত হৈছে। যি কি নহওক, দিল্লীৰ তুলনাত অসমত পিঁয়াজৰ মূল্য সৰ্বাধিক। তেনেস্থলত অসমত পিঁয়াজৰ এতিয়া ছিণ্ডিকেটৰাজ চলিছে নেকি, সেই লৈ প্ৰশ্ন উত্থাপন হৈছে।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )