শেহতীয়া খবৰ
Home / আঞ্চলিক / সৰভোগত উপ-কোষাগাৰ উদ্বোধন কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

সৰভোগত উপ-কোষাগাৰ উদ্বোধন কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

গণ বাৰ্তা বিশেষ, সৰভোগ, ৬ নৱেম্বৰ : বৃহত্তৰ বৰনগৰবাসী ৰাইজৰ এক দীৰ্ঘদিনীয়া সপোন আছিল দুগ্ধনগৰী সৰভোগত উপ-কোষাগাৰ দেখা পোৱা, এই সপোন অৱশেষত আজি দিঠকত পৰিণত হ’ল। আজি দিনৰ ১১ বজাত অসম চৰকাৰৰ স্বাস্থ্য-বিত্ত তথা গড়কাপ্টানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সৰভোগত স্থাপন কৰা উপ-কোষাগাৰটো উদ্বোধন কৰে। তাৰ কিছু সময় পিছতে মন্ত্ৰীগৰাকীয়ে সৰভোগ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈ সৰভোগ মহকুমা অসামৰিক চিকিৎসালয়ৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰে। দুয়োটা কাৰ্যসূচীৰ পিছত কালী মন্দিৰ প্ৰাংগণত ৫০খন বিছনাযুক্ত মহকুমা অসামৰিক চিকিৎসালয়ৰ মাংগলিক শুভাৰম্ভ অনুষ্ঠান আৰু সৰভোগ উপ-কোষাগাৰ উদ্বোধনী অনুষ্ঠান বুলি এখন বিশেষ সভা অনুষ্ঠিত হয়। সভাত ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে সৰভোগবাসীৰ দীৰ্ঘদিনীয়া সপোন আজি পূৰণ হ’ল।

অসম চৰকাৰৰ বিত্ত বিভাগৰ অধীনত উপ-কোষাগাৰ এটি সৰভোগত স্থাপন হ’ল। এই কোষাগাৰটোৰ জৰিয়তে সৰভোগ, বৰপেটাৰোড, কলগাছিয়া অঞ্চলত থকা চৰকাৰৰ কাৰ্যালয়ৰ বিত্তীয় লেনদেন, চাকৰিৰ বাবে আবেদন বা যোগদানৰ বাবে ট্ৰেজাৰী চালান আদিকে ধৰি বিভিন্ন সুবিধা ল’ব পাৰিব চৰকাৰী কৰ্মচাৰীৰ লগতে সাধাৰণ ৰাইজে। মহকুমা চিকিৎসালয় মহকুমা থাকিলহে দিয়া হয়, কিন্তু আমি সৰভোগত মহকুমা নোহোৱাকৈ চিকিৎসালয়খন দিলোঁ, ১২ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ’বলগীয়া চিকিৎসালয়খন ২ বছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলিও কয়। ইয়াত সকলো ধৰণৰ উন্নত চিকিৎসা সেৱা উপলব্ধ হ’ব। ২০১৭-১৮ৰ বাজেটত ঘোষণা কৰা, দুগ্ধ বিজ্ঞান মহাবিদ্যালয়খন সৰভোগৰ পৰা প্ৰয়োজনীয় মাটি আবণ্টন নোহোৱাৰ ফলত কিছু অসুবিধাৰ সৃষ্টি হৈছে, প্ৰয়োজনীয় ভূমি আবণ্টন পালেই নিৰ্মাণকাৰ্য আৰম্ভ কৰিব বুলি কয়। গুৰুত্বপূৰ্ণ বিষয় যে সৰভোগ আৰু জনীয়া সমষ্টিৰ বৃহত্তৰ অঞ্চল সামৰি গড়কাপ্টানী বিভাগৰ এক নতুন ডিভিজনে বৰপেটাৰোডৰ পৰা কাম আৰম্ভ কৰিব।

এই সম্পৰ্কত সিদ্ধান্ত লোৱা বুলি ৰাইজক অৱগত কৰি, ইতিমধ্যে গড়কাপ্টানী বিভাগে সৰভোগ সমষ্টিত দ্বিতীয়খন অভাৰব্ৰীজ সৰভোগত নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছে, যাতে ৰাইজে সুন্দৰকৈ ৰে’লগে’ট পাৰ হ’ব পাৰে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সৌভাগ্য আঁচনিখনৰ জৰিয়তে দেশৰ দুখীয়া মানুহক বিনামূলীয়া বিদ্যুৎ যোগানেৰে তেওঁলোকৰ ঘৰবোৰ পোহৰাই তুলিলে। ৰাজ্যৰ প্ৰতিগৰাকী বৃদ্ধই বৃদ্ধ পেঞ্চন লাভ কৰিছে, দুই-এদিনতে ৰাজ্যৰ প্ৰতিগৰাকী বিধৱা মাতৃক পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিব বুলি কয়, এজনো মানুহৰ নাম বাদ নপৰাকৈ এই পেঞ্চন ব্যৱস্থা কৰিব। ইতিমধ্যে কেবিনেটত অনুমোদন দিছে, বিত্ত বিভাগেও পুঁজি যোগান ধৰিছে, গ্ৰামোন্নয়ন বিভাগে কম দিনৰ ভিতৰত ৰূপায়ণ কৰিব। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে চিপিএমে সৰভোগ সমষ্টিক ভেঞ্চাৰলৈ পৰিণত কৰিছিল, কিন্তু আমাৰ বিধায়কে তাৰপৰা উদ্ধাৰ কৰিলে।

এই সভাতে উপস্থিত থাকি ৰাজ্যিক বিজেপিৰ সভাপতি তথা স্থানীয় বিধায়ক ৰণজিৎ কুমাৰ দাসে কয় যে আজিৰ দিনটো সৰভোগ সমষ্টিৰ ৰাইজৰ বাবে এক উল্লেখযোগ্য দিন, আজিৰ দিনটোৰ পৰাই সৰভোগে এক নতুন দিগন্তৰ সূচনা কৰিব। সৰভোগ উপ- কোষাগাৰটোৰ জৰিয়তে সৰভোগবাসী ৰাইজৰ দীৰ্ঘদিনৰ সপোন পূৰণ হ’ব। আমাৰ ৰাইজে চিকিৎসা সেৱাৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি অসুবিধাৰ সন্মুখীন হৈ আছিল। সৰভোগ মহকুমা অসামৰিক চিকিৎসালয়খন সম্পূৰ্ণ হৈ উঠাৰ পিছত চিকিৎসাৰ ক্ষেত্ৰত সকলো সমস্যা সমাধান হ’ব। এই সভাত জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা, এপিজিচিএলৰ সঞ্চালক তথা জিলা বিজেপিৰ সভাপতি শংকৰ চন্দ্ৰ দাস, এন এইচ এমৰ কাৰ্যবাহী সঞ্চালক ডাঃ অচ্যুত কুমাৰ বৈশ্য, অসম চৰকাৰৰ হিচাপ আৰু কোষাগাৰ সঞ্চালক অম্লানজ্যোতি বৰদলৈ উপস্থিত থাকে। উক্ত সভাৰ আঁত ধৰে জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই। সভাৰ শেষত শলাগৰ শৰাই আগবঢ়াই জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই। উক্ত সভাত তিনি সহস্ৰাধিক লোক উপস্থিত থাকে।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )