শেহতীয়া খবৰ
Home / আঞ্চলিক / দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি হ’ল পবিতৰা অভয়াৰন্য

দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি হ’ল পবিতৰা অভয়াৰন্য

গণ বাৰ্তা, জাগীৰোড, ৬ নৱেম্বৰ : জীপ চালক হ’ল বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য। বহু প্ৰতীক্ষাৰ অন্তত আজি মুকলি হ’ল পবিতৰা অভয়াৰণ্য। দেশী-বিদেশী পৰ্যটকৰ বাবে এই বৰ্ষত সাজু ২০খন জীপ ছাফাৰী আৰু ১০টাকৈ বিভাগীয় হাতী ছাফাৰী। এশিঙীয়া গঁড়ৰ ৰম্যভূমি পবিতৰা অভয়াৰণ্যত ফিটা কাটি হাতী ছাফাৰীৰ লগতে জীপ ছাফাৰী চলাই বনমন্ত্ৰী পৰিমল শুক্লবদ্যই মুকলি কৰিলে অভয়াৰণ্যখন। উপস্থিত স্থানীয় বিধায়ক তথা ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযূষ হাজৰিকা আৰু মায়ঙৰ ৰজা তৰণীকান্ত সিংহৰ লগতে বহুকেইজন উচ্চপদস্থ বন বিভাগৰ বিষয়া। অভয়াৰণ্য দৰ্শনৰ বাবে অনলাইন টিকটৰ ব্যৱস্থাা বন বিভাগৰ।

অভয়াৰণ্যখনত সম্প্ৰতি ১০২ টা গঁড়, পাঁচ শতাধিক বনৰীয়া ম’হ, সহস্ৰাধিক বন গাহৰিৰ লগতে বহুকেইটা প্ৰজাতিৰ বন গাহৰিৰ উপৰিও ৩৮৫ প্ৰজাতিৰ দেশী-বিদেশী পৰিভ্ৰমী পক্ষী আছে। বিগত বৰ্ষত দেশী-বিদেশী পৰ্যটকৰ পৰা ৬৩লাখ কৰ সংগ্ৰহ হৈছিল। কিন্তু অভয়াৰণ্যখনত এইবাৰ ANTHRAX নামৰ ভাইৰাছত দুটা ম’হৰ মৃত্যুৰ বাবেই ২২ অক্টোবৰত মুকলি হ’বলগীয়া অভয়াৰণ্যখন মুকলিৰ দিন পিছুৱাই দিয়া হৈছিল। বহু প্ৰতীক্ষাৰ অন্তত আজি এক উখল-মাখল পৰিৱেশৰ মাজতে মুকলি হ’ল অভয়াৰণ্যখন। অভয়াৰণ্যখন পলমকৈ মুকলি হ’লেও দেশী-বিদেশী পৰ্যটকৰ বাবে সাজু কৰি তুলিছে বন বিভাগে।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )