শেহতীয়া খবৰ
Home / আঞ্চলিক / সলনি নহয় সভাপতি-বিৰোধি দলপতিঃ অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক হৰিশ ৰাৱটৰ ঘোষণা

সলনি নহয় সভাপতি-বিৰোধি দলপতিঃ অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক হৰিশ ৰাৱটৰ ঘোষণা

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৭ নৱেম্বৰ : ক্ষমতাকেন্দ্ৰিক সংঘাতে কংগ্ৰেছৰ ভিতৰচ’ৰাত ভয়াৱহ ৰূপ ধাৰণ কৰিছে। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক ক্ষমতাচ্যুত কৰাৰ লক্ষ্যৰে কংগ্ৰেছৰ ভিতৰচ’ৰাত ভাগে ভাগে সক্ৰিয় হৈছে বিসম্বাদী গোট। ইতিমধ্যে সভাপতি আৰু বিৰোধী দলপতিক আঁতৰাবলৈ কংগ্ৰেছৰ তেৰজনকৈ বিধায়কে গোপনে স্বাক্ষৰ গ্ৰহণ কৰি কংগ্ৰেছৰ অধ্যক্ষ ছোনিয়া গান্ধীৰ ওচৰত দাখিল কৰিছে। ১৩জনকৈ বিধায়কৰ উক্ত স্বাক্ষৰক লৈ এতিয়া কংগ্ৰেছৰ ভিতৰচ’ৰাত তোলপাৰ লাগিছে। বিৰোধী দলপতিৰ বিৰুদ্ধে এনেদৰে বিধায়কে ছোনিয়া গান্ধীলৈ প্ৰেৰণ কৰা পত্ৰ ৰাজহুৱা হোৱাৰ পিছতেই স্বাক্ষৰ প্ৰদান কৰা সাতজনকৈ বিধায়কে মুখ খুলিছে আৰু ব্লেকমেইলিঙেৰে স্বাক্ষৰ গ্ৰহণ কৰা বুলি অভিযোগ কৰে। যি কি নহওক ক্ষমতাক লৈ এতিয়া কংগ্ৰেছৰ ভিতৰচ’ৰাত বিসম্বাদে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। এনে বিসম্বাদৰ মাজতেই আজি সাংবাদিকৰ আগত ছোনিয়াৰ দূত তথা অসম প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক হৰীশ ৰাৱতে ঘোষণা কৰে যে সলনি নহয় সভাপতি আৰু বিৰোধী দলপতি।

পৰিয়ালৰ মাজত সংঘাত থাকেই, সমাধান কৰা হ’ব। এতিয়া সোণোৱাল চৰকাৰক সলনি কৰাৰ সময় সমাগত বুলিও ৰাৱতে উল্লেখ কৰে। ইপিনে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰা আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে ছোনিয়া গান্ধীলৈ প্ৰেৰণ কৰা পত্ৰ সন্দৰ্ভত জ্ঞাত নহয় বুলি ৰাৱতে উল্লেখ কৰে। উল্লেখ্য যে কালি নিশাৰ ভাগত ৰাজীৱ ভৱনত হৰীশ ৰাৱতৰ উপস্থিতিত এক বৈঠক অনুষ্ঠিত হয়। উক্ত বৈঠকত কংগ্ৰেছৰ বিধায়কসকল উপস্থিত থাকে। কেইবা ঘণ্টা ধৰি চলা বৈঠকত দলৰ মাজত চলি থকা বিসম্বাদক লৈ আলোচনা হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। এই সন্দৰ্ভত ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাই জানিবলৈ দি কয় যে কালি কেন্দ্ৰীয় প্ৰতিনিধিৰ সৈতে কংগ্ৰেছৰ বিধায়কসকলৰ মাজত অনুষ্ঠিত বৈঠকত কেব আৰু এনআৰচিৰ প্ৰসংগই বিশেষভাৱে স্থান লাভ কৰে। নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু এনআৰচিক লৈ কংগ্ৰেছ পূৰ্বৰ স্থিতিতে অটল আছে।

অসমত প্ৰস্তুত হোৱা এনআৰচিত ১৯৭১ৰ ২৫ মাৰ্চৰ পূৰ্বে অহা সকলো ভাৰতীয় নাগৰিকৰ নাম এনআৰচিত অন্তৰ্ভুক্ত হ’ব লাগিব। এইক্ষেত্ৰত বৈধ নথি থকা কোনো ভাৰতীয় নাগৰিকৰ নাম বাদ পৰিব নোৱাৰিব।একেদৰে অসম চুক্তিক উলংঘা কৰি হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ তীব্ৰ বিৰোধিতা কৰি যাব কংগ্ৰেছে। এইক্ষেত্ৰত বিজেপিৰ এই ষড়যন্ত্ৰৰ বিৰুদ্ধে কংগ্ৰেছে প্ৰতিবাদ অব্যাহত ৰাখিব বুলিও বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি বিধায়ক নুৰুল হুদাই জানিবলৈ দিয়ে। মন কৰিবলগীয়া যে বিগত কেইবাটাও নিৰ্বাচনত শোচনীয়ভাৱে পৰাজয় বৰণ কৰা কংগ্ৰেছৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ বিপৰীতে একাংশ নেতাই ক্ষমতাক লৈ কংগ্ৰেছৰ ভিতৰচ’ৰাত বিসম্বাদৰ সৃষ্টি কৰা বিষয়টোৱে লৈ এতিয়া চৰ্চা লাভ কৰিছে। যি সময়ত বিজেপিয়ে পৃষ্ঠপ্ৰমুখৰ বাজপেয়ী ভৱনলৈ সাংগঠনিক ভেটি শক্তিশালী কৰাত নামি পৰিছে, তেনে সময়তে কংগ্ৰেছৰ এই ক্ষমতাকেন্দ্ৰিক অৰিয়াঅৰিয়ে দলটোক পৰৱৰ্তী সময়ত কি পৰ্যায়লৈ নিয়ে সেয়া লক্ষণীয় হ’ব।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )