শেহতীয়া খবৰ
Home / আঞ্চলিক / ঘোষণাতেই সীমাৱদ্ধ যোগানমন্ত্ৰীৰ ৬৬ টকীয়া ৰঙা পিঁয়াজ : শতকৰ দিশে পিঁয়াজ

ঘোষণাতেই সীমাৱদ্ধ যোগানমন্ত্ৰীৰ ৬৬ টকীয়া ৰঙা পিঁয়াজ : শতকৰ দিশে পিঁয়াজ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৭ নৱেম্বৰ : নিয়ন্ত্ৰণহীন হৈছে পিঁয়াজৰ দাম। গুৱাহাটীকে ধৰি সমগ্ৰ ৰাজ্যতেই একেকোবে আশী টকালৈ বৃদ্ধি পাইছে পিঁয়াজৰ দাম। পিঁয়াজে কন্দুৱাইছে গৃহিণীক, দাঁত নিকটাই হাঁহিছে যোগানমন্ত্ৰীয়ে। ৰাজ্য চৰকাৰৰ বিয়াগোম যোগানমন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে একপ্ৰকাৰ বেপাৰীৰ ওচৰত সম্পূৰ্ণৰূপে আত্মসমৰ্পণ কৰিছে। কালি চেম্বাৰ অৱ কমাৰ্চৰ সৈতে যোগানমন্ত্ৰীৰ বৈঠকৰ পিছতেই ঘোষণা কৰিছিল যে গুৱাহাটীৰ বজাৰত গ্ৰাহকে লাভ কৰিব ৬৬ টকা দৰত পিঁয়াজ। এককথাত ক’বলৈ গ’লে মহানগৰীত পিঁয়াজৰ দাম ৬৬ টকা নিৰ্দ্ধাৰণ কৰা হয় খুচুৰা বজাৰত। কিন্তু আজি উক্ত ঘোষণা যেন ঘোষণাতেই সীমাবদ্ধ থাকিল। যোগানমন্ত্ৰীয়ে ঘোষণা কৰাৰ দৰে মহানগৰীৰ কোনো এখন বজাৰতে নাই ৬৬ টকীয়া পিঁয়াজ। প্ৰতিখন বজাৰতেই পিঁয়াজৰ দাম হৈছেগৈ ৭৫ৰ পৰা ৮০ টকা। অসমলৈ পিঁয়াজ যোগান ধৰা নাছিক, গুজৰাট আৰু ৰাজস্থানত পিঁয়াজৰ দাম বৃদ্ধি পোৱাৰ অজুহাত দেখুৱাই পাইকাৰী ব্যৱসায়ীসকলে কালিৰে পৰা সমগ্ৰ ৰাজ্যজুৰি পিঁয়াজৰ দাম ঊধৰ্বগামী কৰাত মূৰে-কপালে হাত দিবলগীয়া হৈছে সৰ্বসাধাৰণ ৰাইজ।

ৰাজ্য চৰকাৰৰ বিয়াগোম যোগানমন্ত্ৰীয়ে কেৱল দাম নিৰ্দ্ধাৰণ কৰিয়ে দায়িত্ব সামৰিছে। কিন্তু ব্যৱসায়ীয়ে যোগান বিভাগৰ উক্ত ঘোষণাক অংগুষ্ঠ প্ৰদৰ্শন কৰি মুকলিভাৱে দাম বৃদ্ধিৰে লুণ্ঠন আৰম্ভ কৰিছে। এককথাত ক’বলৈ গ’লে ব্যৱসায়ীৰ ওচৰত সম্পূৰ্ণৰূপে আঁঠু লৈছে যোগান বিভাগে। নিয়ন্ত্ৰণহীন হৈছে বজাৰ। লক্ষণীয় যে খুচুৰা ব্যৱসায়ীয়ে যাতে কোনো অজুহাততেই এতিয়াৰে পৰা প্ৰতি কিলোগ্ৰাম পিঁয়াজৰ দাম ৬৬ টকাৰ অধিক ল’ব নোৱাৰে সেয়া নিশ্চিত কৰিবলৈ যোগান বিভাগে টোল-ফ্ৰী নম্বৰ মুকলি কৰিছে। কোনো ব্যৱসায়ীয়ে যদি অধিক হাৰত পিঁয়াজৰ দাম বৃদ্ধি কৰে, তেন্তে তৎকালেই টোল-ফ্ৰী নং ক্ৰমে – ১৯৬৭ অথবা ১৮০০৩৪৫৩৬১১ত অভিযোগ দাখিল কৰিবলৈ গুৱাহাটীবাসীক অনুৰোধ জনাইছিল। কিন্তু যোগান বিভাগে ঘোষণা কৰা উক্ত টোল-ফ্ৰী নম্বৰৰ এটা নম্বৰ ইনভেলিড আৰু আনটো নম্বৰত অভিযোগ দাখিল কৰিবলৈ গ’লে পিঁয়াজৰ বিষয়ে একো জ্ঞাত নহয় বুলি অৱগত কৰে।

টোল-ফ্ৰী নম্বৰ মুকলি কৰি একপ্ৰকাৰ সৰ্বসাধাৰণ ৰাইজক তাচ্ছিল্যহে কৰা দেখিবলৈ পোৱা যায়। নাছিকৰ গেলা পিঁয়াজৰ দৰেই হৈ পৰিছে এতিয়া যোগানমন্ত্ৰী ফণীভূষণৰ ঘোষণা। দিছপুৰত এ চি ৰূমত বহি ঘোষণা কৰে, কিন্তু ব্যৱসায়ীয়ে তিলমানো গুৰুত্ব প্ৰদান নকৰে। আজিৰ দিনতো প্ৰতিখন বজাৰতেই প্ৰায় ৰঙা পিঁয়াজ দামে চেঞ্চুৰীৰ দিশে গতি কৰিছে। সম্পূৰ্ণৰূপে অসহায় হৈ পৰিছে যোগান বিভাগ। সৌ-সিদিনা কংগ্ৰেছৰ আমোলত বিজেপিয়ে পিঁয়াজৰ মালা পিন্ধি দাম বৃদ্ধিৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিছিল। কিন্তু আজি আকাশলংঘী দাম বৃদ্ধিৰ সময়ত সেইসকল বিজেপি নেতাই এ চি ৰূমত বহি সৰ্বসাধাৰণ দুখ-দৰ্দশা দেখি আমোদ লৈছে।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )