শেহতীয়া খবৰ
Home / আঞ্চলিক / নগাচুক্তি- এন আৰ এলক লৈ গৃহমন্ত্ৰীৰে সৰ্বানন্দ সোণোৱালৰ বৈঠক

নগাচুক্তি- এন আৰ এলক লৈ গৃহমন্ত্ৰীৰে সৰ্বানন্দ সোণোৱালৰ বৈঠক

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৭ নৱেম্বৰ : বিচিপিএলক ব্যক্তিগত খণ্ডৰ হাতত অৰ্পণ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰ উঠিপৰি লগা বুলি তথ্য লাভ কৰাৰ পিছতে ৰাজ্যৰ অন্যতম ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান নুমলীগড় শোধনাগাৰ ব্যক্তিগত খণ্ডলৈ যাব বুলি ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। অসম আন্দোলনৰ ফল হিচাপে ৰাজ্যবাসীয়ে লাভ কৰা শোধনাগাৰটো ব্যক্তিগত খণ্ডৰ হাতলৈ যোৱাৰ উপক্ৰম হোৱাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। উল্লেখ্য যে নুমলীগড় শোধনাগাৰত ৰাজ্য চৰকাৰৰ অংশীদাৰিত্ব হ’ল ১২ শতাংশ। আনহাতে বিচিপিএলৰ অংশীদাৰিত্ব হ’ল ৬৫.৬ণ শতাংশ। এনে অৱস্থাত বিচিপিএল ব্যক্তিগত খণ্ডলৈ যোৱাটো নিশ্চিত। আনহাতে নগা চুক্তি স্বাক্ষৰিত হ’লেই অসমতো ইয়াৰ প্ৰভাৱ পৰাটো অৱধাৰিত। অসম-নাগালেণ্ড সীমান্তত প্ৰায়ে নগা আগ্ৰাসনকাৰীয়ে অসমৰ ভূমিত আক্ৰমণ সংঘটিত কৰি চাহ খেতি তহিলং কৰাৰ লগতে ঘৰ-বাৰী ধবংস কৰি আহিছিল।

মৰিয়নী, গোলাঘাট, শিৱসাগৰৰ চৰাইদেউৰ বিভিন্ন সীমামূৰীয়া অঞ্চলত নগা আগ্ৰাসনকাৰীয়ে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰি আহিছে। উল্লেখ্য যে অসমৰ এক বৃহৎ ভূমি বৃহত্তৰ নাগালিমত অন্তৰ্ভুক্ত কৰি আলোচনাত বহিছিল এন এছ চি এন (আই-এম)। এনে অৱস্থাত নগা চুক্তি স্বাক্ষৰিত হ’লে অসমৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰাটো স্পষ্ট হৈ পৰাত ৰাজ্যবাসী শংকিত হৈ পৰিছিল। এই দুয়োটা বিষয়ক লৈ আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক চৰকাৰী বাসভৱনত সাক্ষাৎ কৰি নগা চুক্তি আৰু নুমলীগড় শোধনাগাৰ সন্দৰ্ভত বিস্ত´ত আলোচনাত মিলিত হয়। আলোচনা কালত মুখ্যমন্ত্ৰীগৰাকীয়ে নগা চুক্তিৰ ফলত অসমৰ জনসাধাৰণৰ স্বাৰ্থ যাতে বিঘ্নিত নহয় সেই দিশটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক অনুৰোধ জনায়।

আলোচনা কালত মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান নুমলীগড় শোধনাগাৰ লিমিটেড সম্পৰ্কত অসমৰ জনসাধাৰণে পোষণ কৰা মতামত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ দৃষ্টিগোচৰ কৰে আৰু এই ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানটোৰ বৰ্তমানৰ স্থিতাৱস্থা বাহাল ৰখাৰ দিশত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ সহায়-সহযোগিতা কামনা কৰে। আলোচনাৰ অন্তত গৃহমন্ত্ৰী অমিত শ্বাহে অসমৰ স্বাৰ্থ বিঘ্নিত কৰা কোনো সিদ্ধান্ত লোৱা নহ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীক আশ্বাস প্ৰদান কৰে। ইপিনে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গৃহমন্ত্ৰীৰ সৈতে আলোচনা সমাপ্ত কৰাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি নগা চুক্তি আৰু নুমলীগড় শোধনাগাৰ সন্দৰ্ভত অসমৰ ৰাইজৰ মতামত অৱগত কৰায়।

ৰাজ্যৰ বিভিন্ন সমস্যা সম্পৰ্কত বিস্তৃত আলোচনা :

গুৱাহাটী ঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ চৰকাৰী বাসভৱনত সাক্ষাৎ কৰি ৰাজ্যখনৰ বিভিন্ন সমস্যা সম্পৰ্কত এক আলোচনাত মিলিত হয়। সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে নগা চুক্তি সন্দৰ্ভত অসমবাসীৰ দৃষ্টিভংগীও প্ৰধানমন্ত্ৰীক অৱগত কৰে। আলোচনা কালত হিন্দুস্তান পেপাৰ কৰ্পোৰেচনৰ অধীনস্থ জাগীৰোডত থকা নগাঁও কাগজ কল আৰু পাঁচগ্ৰামত থকা কাছাৰ কাগজ কল সম্পৰ্কতো বিতংভাৱে আলোচনা কৰে। এই কাগজ কল দুটাৰ কৰ্মচাৰীসকলৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ বাবে শীঘ্ৰে কাগজ কল দুটাৰ পুনৰুজ্জীৱিতকৰণৰ পদক্ষেপ ল’বলৈও প্ৰধানমন্ত্ৰীক মুখ্যমন্ত্ৰীয়ে অনুৰোধ জনায়। আলোচনা কালত ৰাজহুৱা খণ্ডৰ তৈল প্ৰতিষ্ঠান নুমলীগড় শোধনাগাৰ লিমিটেডৰ বৰ্তমানৰ স্থিতাৱস্থা বাহাল ৰখাৰ দিশত মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ পৰা সহযোগিতা বিচাৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰি এই বিষয়ত সিদ্ধান্ত লোৱা হ’ব বুলি মুখ্যমন্ত্ৰীক আশ্বাস প্ৰদান কৰে। মুখ্যমন্ত্ৰীয়ে অহা ১০ জানুৱাৰীৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ‘খেলো ইণ্ডিয়া’ ক্ৰীড়া প্ৰতিযোগিতা উদ্বোধন কৰাৰ বাবে প্ৰধানমন্ত্ৰীক আমন্ত্ৰণ জনোৱাৰ উপৰি শংকৰদেৱ বঁটা প্ৰদান কাৰ্যসূচীতো অংশ গ্ৰহণৰ বাবে আমন্ত্ৰণ জনায়।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )