শেহতীয়া খবৰ
Home / আঞ্চলিক / অযোধ্যা ভূমি বিবাদৰ ৰায়ৰ পূৰ্বে দেশজুৰি হাই এলাৰ্টঃপ্ৰতিখন ৰাজ্যক সতৰ্ক থকাৰ নিৰ্দেশনা কেন্দ্ৰীয় চৰকাৰৰ

অযোধ্যা ভূমি বিবাদৰ ৰায়ৰ পূৰ্বে দেশজুৰি হাই এলাৰ্টঃপ্ৰতিখন ৰাজ্যক সতৰ্ক থকাৰ নিৰ্দেশনা কেন্দ্ৰীয় চৰকাৰৰ

নতুন দিল্লী : অযোধ্যাৰ ভূমি বিবাদৰ চূড়ান্ত ৰায়দান উচ্চতম ন্যায়ালয়ে অহা সপ্তাহত দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে অৱসৰ গ্ৰহণৰ পূৰ্বে অযোধ্যা ভূমি বিবাদৰ ৰায়দান দিয়াৰ সম্ভাৱনা আছে। সেইবাবে অহা সপ্তাহত দীঘলীয়া সময় ধৰি চলা অযোধ্যা ভূমি বিবাদৰ চূড়ান্ত ৰায়দান দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। উচ্চতম ন্যায়ালয়ে অযোধ্যা ভূমি বিবাদৰ ৰায়দান দিয়াৰ পূৰ্বে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে দেশজুৰি হাই এলাৰ্ট ঘোষণা কৰিছে। প্ৰতিখন ৰাজ্যক সষ্টম থকাৰ নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। গৃহ মন্ত্ৰালয়ে লগতে শান্তি বৰ্তাই ৰখাৰ বাবে যিকোনো ঘটনাৰ সৈতে যঁুজ দিবলৈ সষ্টম থকাৰ নিৰ্দেশনা প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰৰ সংস্থাসমূহক।

উল্লেখ্য যে অযোধ্যা ভূমি বিবাদৰ ৰায়দান দিয়াৰ পূৰ্বে উত্তৰ প্ৰদেশৰ ফাজিয়াবাদ আৰক্ষীসতৰ্ক হৈছে। আপত্তিজনক ছ’চিয়েল মিডিয়াৰ পোষ্টৰ প্ৰতি দৃষ্টি ৰাখিবলৈ ১৬ হাজাৰ কৰ্মীক নিয়োগ কৰিছে। উল্লেখ্য যে উচ্চতম ন্যায়ালয়ে অযোধ্যা ভূমি বিবাদৰ ৰায়দান দিয়াৰ পূৰ্বে কাৰ্তিক পূৰ্ণিমা উপলক্ষে ১২ নৱেম্বৰত অযোধ্যাত ১ লাখ ভক্ত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। সেইবাবে নিৰাপত্তাৰ দিশটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি গৃহ মন্ত্ৰালয়ে অযোধ্যাৰ সমান্তৰালকৈ সমগ্ৰ দেশতে হাই এলাৰ্ট জাৰি কৰিছে। আনহাতে উত্তৰ প্ৰদেশ আৰক্ষীয়ে জনসমাগম অঞ্চলসমূহত দৃষ্টি ৰখাৰ বাবে আৰ এ এফ কোম্পানীৰ উপৰি বিভিন্ন সশস্ত্ৰ কোম্পানী নিয়োগ কৰিছে।

ইয়াৰ উপৰি এক ডজনতকৈ অধিক আৰক্ষী অধীক্ষক, ৩০জনকৈ অধিক উপ-আৰক্ষী অধীক্ষক আৰু নিম্ন পদবীপ্ৰাপ্ত আৰক্ষী বিষয়া অযোধ্যা সুৰক্ষাৰ বাবে নিয়োগ কৰিছে। উল্লেখ্য যে অহা ১৭ নৱেম্বৰত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে অৱসৰ গ্ৰহণ কৰিব। যোৱা ১৬ অক্টোবৰত অযোধ্যা ভূমি বিবাদৰ গোচৰৰ শুনানি সম্পূৰ্ণ কৰি ৰায়দান সুৰক্ষিত ৰাখিছিল উচ্চতম ন্যায়ালয়ে।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )