শেহতীয়া খবৰ
Home / আঞ্চলিক / ৰূপকোঁৱৰ-নটসূৰ্য-কলাগুৰু-ভূপেনদাৰ পদধূলা আজিও বিদ্যমান : অনুৰাধা শৰ্মা পূজাৰী

ৰূপকোঁৱৰ-নটসূৰ্য-কলাগুৰু-ভূপেনদাৰ পদধূলা আজিও বিদ্যমান : অনুৰাধা শৰ্মা পূজাৰী

তেজপুৰ উচ্চতৰ মাধ্যমিৰ ডেৰশ বছৰীয়া জয়ন্তী

ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৭ নৱেম্বৰ : আজি থাউকতে নাম-যশ অৰ্জন কৰাৰ এক সংস্কৃতিয়ে গা কৰি উঠিছে আৰু ইয়াত সাৰ-পানী যোগাইছে অভিভাৱকসকলে। আজিৰ অধিকাংশ অভিভাৱকে নিজ সন্তানক এক অঘোষিত প্ৰতিযোগিতাৰ থলীলৈ ঠেলি দি সন্তানসকলক ডাঙৰ দৰমহা পোৱা দেশ-বিদেশৰ নামী-দামী কোম্পানীত চাকৰি যাতে কৰিব পাৰে তাৰ বাবে উঠিপৰি লগা পৰিলক্ষিত হৈছে। কিন্তু ৰাজ্যৰ মুখ উজলোৱা ছাত্ৰ-ছাত্ৰী আমি কিমানগৰাকী পাইছো· পিতৃ-মাতৃয়ে মৃত্যুৰ সময়ত কিমানগৰাকী এনে সন্তানক সন্মুখত পাইছে· মানৱীয় চিন্তাবোৰ ক’ত হেৰাইছে· আজি তেজপুৰত এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে বিশিষ্ট সাংবাদিক, ঔপন্যাসিক অনুৰাধা শৰ্মা পূজাৰীয়ে। উল্লেখ্য যে ৰাজ্যখনৰে অন্যতম ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ডেৰশ বছৰীয়া জয়ন্তী সমাৰোহ আজিৰে পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হয়। এই জয়ন্তী সমাৰোহৰ কাৰ্যসূচী অনুসৰি আজি বিয়লি বিদ্যালয় চৌহদত আদৰণী সভা আৰু স্মৃতিগ্ৰন্থ উন্মোচন অনুষ্ঠান অনুষ্ঠিত হয়।

ডেৰশ বছৰীয়া জয়ন্তী উদ্‌যাপন সমিতিয়ে প্ৰকাশ কৰি উলিওৱা এই জয়ন্তী সমাৰোহৰ স্মৃতিগ্ৰন্থ আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট ঔপন্যাসিকা অনুৰাধা শৰ্মা পূজাৰীয়ে। বিদ্যালয়খনৰ শিক্ষয়িত্ৰী ৰিজুমণি বৰাই আঁত ধৰা আৰু স্মৃতিগ্ৰন্থখনৰ সম্পাদক শান্তনু বৰুৱাই আদৰণী ভাষণ আগবঢ়োৱা অনুষ্ঠানটিত অনুৰাধা শৰ্মা পূজাৰীয়ে আগবঢ়োৱা উন্মোচনী ভাষণত প্ৰসংগক্ৰমে আৰু কয় যে- শিক্ষা কেৱল বিদ্যালয়ৰ পৰাই পোৱা নাযায়। পাৰিপাৰ্শ্বিকতা, ঘৰ আৰু সমাজৰ পৰাও আমি শিক্ষা লাভ কৰো। বিগত ২০ বছৰত গণিত, বিজ্ঞান আদিত ১০০ৰ ভিতৰত এশ নম্বৰেই পোৱা বহুত কৃতী ছাত্ৰ-ছাত্ৰী আমি পাইছো। কিন্তু এইসকলৰ মাজত বিজ্ঞানৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰা কেইগৰাকীনো বিজ্ঞানী পাইছো· আজি প্ৰচলিত তথাকথিত প্ৰতিযোগিতাই ক’ব নোৱাৰাকৈ মানুহৰ মনত দম্ভ-অহংকাৰৰ সৃষ্টি কৰিবলৈ লৈছে। অকলেই প্ৰতিযোগিতা কৰি আমি একো সলনি কৰিব নোৱাৰো। দম্ভ-অহংকাৰ বৰ্জিত মানসিকতাৰে সমূহীয়াকৈহে পৰিৱৰ্তন অনা সম্ভৱ।

প্ৰসংগক্ৰমে অনুৰাধা শৰ্মা পূজাৰীয়ে স্বামীৰ চাকৰি সূত্ৰে তাহানিতে তেজপুৰত কিছুদিন থকাৰ কথা স্মৰণ কৰি কয়— তেজপুৰৰ বুৰঞ্জী কোৱা পুৰণি গছবোৰ কেনে আছে, তেওঁলোকে কথা ক’ব পৰা হ’লে সুধি জানিব বিচাৰিলো হয় ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, নটসূৰ্য ফণী শৰ্মা, কলাগুৰু বিষু্ণপ্ৰসাদ ৰাভা, ভাৰতৰত্ন ভূপেন হাজৰিকাৰ ল’ৰালি কালৰ কথা। এই মনীষীসকলে তেজপুৰতেই আৰম্ভ কৰিছিল তেওঁলোকৰ মহান জীৱনৰ পৰিক্ৰমা। আজি এই বিদ্যালয়খনত উপস্থিত হৈ কল্পনা কৰিছো আমাৰ সকলোৰে মৰমৰ ভূপেনদাৰ ছাত্ৰজীৱন আৰু শৈশৱ কালৰ কথা। ৰূপকোঁৱৰ, নটসূৰ্য, কলাগুৰু আৰু ভূপেনদাৰ পদধূলা আজিও এই বিদ্যালয়ৰ চৌহদত বিদ্যমান। অসমৰ সাহিত্য-সংস্কৃতিৰ বুৰঞ্জীৰ স্ৰষ্টাসকলৰ শিক্ষানুষ্ঠান তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা পুনৰ সৃষ্টি হওক পুৰোধা ব্যক্তিৰ। আনহাতে স্মৃতিগ্ৰন্থ উন্মোচনত অংশগ্ৰহণ কৰা বিশিষ্ট কবি-সাহিত্যিক জনাৰ্দন গোস্বামীয়ে আগবঢ়োৱা বক্তব্যত কয়— ডেৰশ বছৰ অতিক্ৰম কৰা এই স্মৃতিগ্ৰন্থখন এখন ইতিহাস হ’ব।

এই বিদ্যালয়ৰ তাৰকাসকল আজি অসমৰ উজ্জ্বল তাৰকা। স্মৃতিগ্ৰন্থসমূহে সেই সময়ৰ কথাসমূহ ধৰি ৰাখে। তেনে ক্ষেত্ৰত ডেৰশ বছৰ জয়ন্তী সমাৰোহ উপলক্ষে উন্মোচিত আজিৰ এই স্মৃতিগ্ৰন্থখন পুথিভঁৰালসমূহত সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিব লাগে। যাতে ভৱিষ্যতে নৱ প্ৰজন্ম আৰু গৱেষকসকলে বিভিন্ন বিষয়ক লৈ গৱেষণা কৰাৰ পথ কিছু পৰিমাণে হ’লেও প্ৰশস্ত কৰিব পাৰে এই স্মৃতিগ্ৰন্থখনে। জয়ন্তী সমাৰোহ উদ্‌যাপন সমিতিৰ সভাপতি ডাঃ বিশ্বৰঞ্জন কলিতা, কাৰ্যকৰী সভাপতি দিব্যজ্যোতি ভট্টাচাৰ্য, সম্পাদক তথা বিদ্যালয়খনৰ অধ্যক্ষ স্মৃতিৰেখা গোস্বামী, এমট্ৰনৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মা, ১৯৫০-৫১ চনত প্ৰকাশিত বিদ্যালয়ৰ প্ৰথমখন আলোচনী ‘সঁফুৰা’ৰ প্ৰথম সম্পাদক তথা বিশিষ্ট শিক্ষাবিদ নলিনী শৰ্মাই অংশগ্ৰহণ কৰা এই অনুষ্ঠানটিত উপস্থিত থাকি ঢেকীয়াজুলিৰ বিধায়ক অশোক সিংহালেও বক্তব্য ৰাখে।

বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তথা উদীয়মান কণ্ঠশিল্পী দীক্ষিত মহন্তই পৰিৱেশন কৰা বৰগীতেৰে শুভাৰম্ভ হোৱা এই অনুষ্ঠানটিত ঢেকীয়াজুলিৰ বিধায়ক সিংহালে প্ৰদান কৰা বক্তব্যত প্ৰসংগক্ৰমে দেশ-জাতিৰ পৰিৱৰ্তন আনিবলৈ হ’লে শিক্ষাগুৰুসকলে বিশেষ ভূমিকা গ্ৰহণ কৰিব লাগিব বুলি কৈ তেজপুৰ সদায় কলা-কৃষ্টি, নাট-সাহিত্য ক্ষেত্ৰত নেতৃত্ব দি আহিছে, তেনেস্থলত বিশেষকৈ বহু মনীষীৰ সৃষ্টি কৰা তেজপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ক ছাত্ৰ-ছাত্ৰীসকলৰ মানৱ সম্পদ বিকাশৰ ক্ষেত্ৰত নেতৃত্ব বহন কৰিবলৈও আহবান জনায়। আনহাতে আজি প্ৰথম দিনটোতেই ডেৰশখন পতাকা উত্তোলন, স্মৃতি তৰ্পণ, প্ৰদৰ্শনী উদ্বোধন, স্মৃতিগ্ৰন্থ উন্মোচনী সভা আৰু সাংস্কৃতিক অনুষ্ঠানেৰে আজি পুৱাৰে পৰাই উদুলি- মুদুলি পৰিৱেশৰ সৃষ্টি হয় বিদ্যালয় প্ৰাংগণত।

সমাগম ঘটে ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা বা দেশ- বিদেশত থকা বহু প্ৰাক্তন ছাত্ৰৰ লগতে বিদ্যালয়ৰ মজিয়াত পুনৰ প্ৰৱেশ কৰেহি এসময়ত শিক্ষকতা কৰি যোৱা বহুকেইগৰাকী শিক্ষকে। অবিভক্ত দৰং জিলাত ১৯৩০ চনলৈকে এই বিদ্যালয়খনেই একমাত্ৰ মাধ্যমিক শিক্ষাৰ প্ৰাণকেন্দ্ৰ আছিল। য’লৈ প্ৰায় চাৰি কুৰি কিলোমিটাৰ আঁতৰৰ পৰাও ছাত্ৰ আহি কৰিছিল অধ্যয়ন। কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা, লোকনায়ক অমিয় কুমাৰ দাস, সাহিত্যিক লম্বোদৰ বৰা, ব্যংগ সাহিত্যিক দণ্ডিনাথ কলিতা, বুৰঞ্জীবিদ ৰজনীকান্ত পদ্মপতি, কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ, ককা মহাদেৱ শৰ্মা, দেশপ্ৰাণ লক্ষ্মীধৰ শৰ্মা, আনন্দ চন্দ্ৰ আগৰৱালা, কবি-সাহিত্যিক সীতানাথ ব্ৰহ্ম চৌধুৰী, বিশিষ্ট গান্ধীবাদী নেতা বিজয় চন্দ্ৰ ভাগৱতী, ত্যাগবীৰ হেম চন্দ্ৰ বৰুৱা, কামাখ্যা প্ৰসাদ ত্ৰিপাঠী, ড০ সত্যেন্দ্ৰনাথ শৰ্মা, তীৰ্থনাথ শৰ্মা, কবি হীৰেন ভট্টাচাৰ্যই নহয়, অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিক মহীয়ান কৰি যোৱা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষু্ণপ্ৰসাদ ৰাভা, নটসূৰ্য ফণী শৰ্মা, মঞ্চকোঁৱৰ চন্দ্ৰধৰ গোস্বামী, বিশিষ্ট সংগীতশিল্পী শিৱপ্ৰসাদ ভট্টাচাৰ্যৰ পৰা ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ বৌদ্ধিক, বিদ্যায়তনিক কৰ্ষণৰ কঠীয়াতলী বিদ্যালয় প্ৰাংগণত আজি পুৱা বৰ্তমানৰ শিক্ষয়িত্ৰী, কবি-লেখিকা ৰিঞ্জুমণি নেওগ বৰাই ৰচনা কৰা আৰু তেজপুৰৰ বিশিষ্ট সুৰকাৰ বংকিম শৰ্মা প্ৰমুখ্যে একাংশ সংগীত শিল্পীয়ে সুৰাৰোপিত কৰা- ‘ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ য ঐতিহ্যমণ্ডিত জ্ঞানৰ আলয় …. অতীত সুঁৱৰি গৰ্বিত হওঁয উদাত্ত স্বৰে তৱ জয়গান গাওঁ’ ডেৰশ বছৰীয়া জয়ন্তীৰ শীৰ্ষক গীত বিদ্যালয়খনৰ সমূহ শিক্ষক- শিক্ষয়িত্ৰী আৰু ছাত্ৰই পৰিৱেশন কৰাৰ সময়ত বেথাৰাম শৰ্মা সোঁৱৰণী মণ্ডপৰ লগতে শোণিত কোঁৱৰ গজেন বৰুৱা সোঁৱৰণী মঞ্চত উপবিষ্ট সকলো পুলকিত হৈ পৰিল।

নষ্টালজিক হ’ল বহু প্ৰাক্তন ছাত্ৰ, বহু প্ৰাক্তন শিক্ষক-শিক্ষয়িত্ৰী। ডেৰশ বছৰীয়া জয়ন্তী উদযাপন সমিতিৰ সভাপতি বিশিষ্ট ক্ৰীড়া সংগঠক সমাজকৰ্মী ডাঃ বিশ্বৰঞ্জন কলিতাই মূল পতাকাখন উত্তোলন কৰাৰ পিছত বিদ্যালয়খনৰ অধ্যক্ষা স্মৃতিৰেখা গোস্বামীয়ে বিদ্যালয়ৰ পতাকা উত্তোলন কৰাৰ পিছত বিদ্যালয়খনৰ বহুকেইগৰাকী প্ৰাক্তন অধ্যক্ষ, শিক্ষক-শিক্ষয়িত্ৰী, প্ৰাক্তন ছাত্ৰ আৰু তেজপুৰৰ বিভিন্ন অনুষ্ঠানৰ মুৰববীৰ সৈতে ডেৰশগৰাকী ব্যক্তিয়ে ডেৰশখন পতাকা উত্তোলন কৰাৰ দৃষ্টিনন্দন দৃশ্যই সকলোকে আপ্লুত কৰে। বিদ্যালয়খনৰ শিক্ষক সঞ্জীৱ বৰা আৰু শিক্ষয়িত্ৰী ৰিঞ্জুমণি নেওগ বৰাই আঁত ধৰা এই অনুষ্ঠানত পৰিচালনা সমিতিৰ সভাপতি দিব্যজ্যোতি ভট্টাচাৰ্য, বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তথা বৰ্তমান ইংলেণ্ডত কৰ্মৰত বিশিষ্ট গীতিকাৰ-সুৰকাৰ তথা এগৰাকী প্ৰসিদ্ধ চিকিৎসক ডাঃ দ্বিজেন বৰুৱা, বিশিষ্ট পুৰাতত্ত্ববিদ ড০ সতীশ চন্দ্ৰ ভট্টাচাৰ্য, বিশিষ্ট লেখিকা মৃণালী চেতিয়া, প্ৰাক্তন অধ্যক্ষ প্ৰণৱ মজুমদাৰ, নৰেন হাজৰিকা, বিজয় শইকীয়া, অতুল কটকী, থুলেশ্বৰ বৰা, দৰং মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ অৱনী কুমাৰ শৰ্মা, বিশিষ্ট শিক্ষাবিদ পূৰ্ণেশ্বৰ নাথ, তেজপুৰ সাহিত্য সভাৰ সভাপতি ড০ ভূপেন শইকীয়া, বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা, প্ৰাক্তন সভাপতি অৱসৰপ্ৰাপ্ত অধ্যাপক মহেন্দ্ৰনাথ কেওট, শৈলজা কুমাৰ পদ্মপতি, তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পূৰ্ণেশ্বৰ নাথ, অৱসৰপ্ৰাপ্ত অধ্যাপিকা অন্ন মহন্ত, অৱসৰপ্ৰাপ্ত অধ্যক্ষা ড০ চাৰু চহৰীয়া নাথ, বিশিষ্ট নাট্যকাৰ-পৰিচালক ঐশ্বৰ্য কাকতিকে ধৰি ডেৰশগৰাকী বিশিষ্ট ব্যক্তিয়ে পতাকা উত্তোলন কৰে।

উল্লেখ্য যে এইখিনি মুহূৰ্ততে বিদ্যালয় প্ৰাংগণত উপস্থিত থকা বহু প্ৰাক্তন ছাত্ৰৰ লগতে একাংশ প্ৰাক্তন শিক্ষক-শিক্ষয়িত্ৰী স্মৃতিকাতৰ হৈ পৰে। সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞিবৰুৱা, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নকুল চন্দ্ৰ ভূঞা, নাট্যকাৰ ইন্দ্ৰেশ্বৰ বৰঠাকুৰ, সু-সাহিত্যিক দেৱেশ্বৰ চলিহা, সাহিত্যিক কুমুদেশ্বৰ বৰঠাকুৰেই নহয়, ককা মহাদেৱ শৰ্মা, দণ্ডিনাথ কলিতা আদি বহুজাতীয় জীৱনৰ পুৰোধাই শিক্ষকতা কৰা এই বিদ্যালয়খনৰ মজিয়াত আজি ডেৰশ বছৰীয়া জয়ন্তীৰ প্ৰথম দিনটোতেই স্মৃতিকাতৰ হৈ পৰা দেখা গ’ল কেইবাগৰাকীও প্ৰাক্তন অধ্যক্ষ তথা প্ৰাক্তন শিক্ষক-শিক্ষয়িত্ৰীক। এই দৃষ্টিনন্দন পতাকা উত্তোলনৰ কাৰ্যসূচীৰ পিছতেই শোণিতপুৰ জিলা সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক জয়ৰাম হাজৰিকাই স্মৃতি তৰ্পণ মুকলি কৰাৰ পিছত ছাত্ৰৰ লগতে প্ৰাক্তন ছাত্ৰৰ এখন প্ৰদৰ্শনীৰ দ্বাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৰাজ্যখনৰ বিশিষ্ট বিজ্ঞান লেখক তথা অৱসৰপ্ৰাপ্ত অধ্যাপক ক্ষীৰধৰ বৰুৱাই। এক উছৱমুখৰ পৰিৱেশত এই প্ৰদৰ্শনীৰ দ্বাৰ উদ্বোধন কৰি বিশিষ্ট বিজ্ঞান লেখক বৰুৱাই ভাষণ প্ৰসংগত কয়— ওঠৰ শতিকাতেই বিশ্বৰ ভিতৰত প্ৰথম ইটালীত আৰম্ভ হৈছিল প্ৰথমে কলা প্ৰদৰ্শনীৰ।

ইয়াৰ পিছতেই ক্ৰমশঃ পৃথিৱীজুৰি আৰম্ভ হয় বিজ্ঞানৰ প্ৰদৰ্শনী। জ্ঞান বৰ্দ্ধক এই প্ৰদৰ্শনীৰ ব্যৱস্থাই উঠি অহা প্ৰজন্মক কলাসন্মত কৰি তোলাৰ লগতে বিজ্ঞান-মনস্কতাৰ ক্ষেত্ৰত অধিক ইন্ধন যোগায় বুলি কৈ বৰ্তমানৰ গ্ৰন্থমেলাসমূহো একপ্ৰকাৰ প্ৰদৰ্শনীয়েই যদিও ইয়াৰ ব্যৱসায়িক দিশটোৰ কথা জড়িত হৈ থকাৰ পিছতো কিন্তু ই জ্ঞানৰ সঞ্চাৰ কৰে। আনহাতে এক উল্লেখযোগ্য তথ্য সদৰী কৰি বিশিষ্ট বিজ্ঞান লেখক ক্ষীৰধৰ বৰুৱাই কয়— ১৯৫১ চনতেই বিশ্বনাথ মহাবিদ্যালয়ত তেওঁৰ নেতৃত্বত পাৰমাণৱিক শক্তি প্ৰকল্পৰ আৰ্হি দেখুৱাই অনুষ্ঠিত কৰা বিজ্ঞান প্ৰদৰ্শনী এখন প্ৰত্যক্ষ কৰি তেতিয়াৰ সেই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকা মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহা অভিভূত হৈ পৰিছিল। ইয়াৰোপৰি ১৯৬৯ চনত অসম বিজ্ঞান সমিতিৰ জৰিয়তে বিশ্বনাথ চাৰিআলিত আয়োজন কৰা এখন বিজ্ঞান প্ৰদৰ্শনীত এগৰাকী ছাত্ৰই বিভিন্ন জীৱ-জন্তুৰ কংকালৰ লগতে তেতিয়াই মানুহৰ কংকালো প্ৰদৰ্শন কৰি সেই কংকালসমূহৰ বিভিন্ন দিশ বুজাবলৈ সক্ষম হোৱাৰ মুহূৰ্তত প্ৰতাপগড় চাহ বাগিচাৰ এগৰাকী ব্ৰিটিছ বিষয়া অভিভূত হৈ পৰিছিল আৰু ছাত্ৰগৰাকীৰ মূৰত হাত থৈ ভৱিষ্যতে এগৰাকী ডাঙৰ চিকিৎসক হ’ব পাৰিব বুলি কৈছিল আৰু সেই ছাত্ৰগৰাকীয়েই এতিয়া ৰাজ্যখনৰ প্ৰসিদ্ধ চিকিৎসক তথা গুৱাহাটীৰ জি এন আৰ চিৰ হোতা ডাঃ নোমল বৰা বুলি কয়।

এই তথ্য সদৰী কৰাৰ পিছতেই প্ৰদৰ্শনীস্থলীৰ লগতে মণ্ডপত উপস্থিত থকা ৰাইজৰ লগতে ছাত্ৰসকল উৎসুক্য হৈ পৰিছিল। উল্লেখ্য যে তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাই¦³¨ল শিক্ষান্ত পৰীক্ষাৰ ১৯৯৩ চনৰ প্ৰাক্তন ছাত্ৰসকলে বিদ্যালয়খনৰ বৰ্তমানৰ শিক্ষাৰ্থীসকলৰ বিশুদ্ধ খোৱাপানীৰ অভাৱৰ প্ৰতি লক্ষ্য ৰাখি প্ৰায় এক লাখ টকা ব্যয় সাপেক্ষে এটা অত্যাধুনিক স্বাস্থ্যসন্মত খোৱাপানীৰ ফিল্টাৰ যন্ত্ৰ বিদ্যালয় কৰ্তৃপক্ষক আনুষ্ঠানিকভাৱে প্ৰদান কৰে। প্ৰকাশ যে প্ৰাক্তন ছাত্ৰসকলে ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানখনৰ ডেৰশ বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি এইদৰে এক বহুদিনীয়া অভাৱ স্থায়ীভাৱে সমাধান কৰা কাৰ্যৰ চহৰখনৰ বিদ্ব্যৎ মহলে শলাগ লৈছে।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )