শেহতীয়া খবৰ
Home / আঞ্চলিক / বিশ্ব ঐতিহ্য অন্তৰ্ভুক্তিৰ বাবে চৰাইদেউ মৈদামত চৰকাৰী জৰীপ : আহোমৰ পূৰ্বপুৰুষৰ সমাধিৰ মানচিত্ৰ প্ৰস্তুত

বিশ্ব ঐতিহ্য অন্তৰ্ভুক্তিৰ বাবে চৰাইদেউ মৈদামত চৰকাৰী জৰীপ : আহোমৰ পূৰ্বপুৰুষৰ সমাধিৰ মানচিত্ৰ প্ৰস্তুত

গণ বাৰ্তা, নাজিৰা : শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বুৰঞ্জীপ্ৰসিদ্ধ ৰজাদিনীয়া প্ৰাচীন সমলসমূহ সংৰক্ষণ কৰাৰ হকে চৰাইদেউ মৈদামত চৰকাৰী জৰীপ । নাজিৰা মহকুমা সমীপত অৱস্থিত চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্যৰ তালিকা ও মৈদামসমূহৰ মানচিত্ৰ প্ৰস্তুতকৰণৰ বিশেষ পদক্ষেপ হাতত লোৱা হৈছে। ৫ নৱেম্বৰৰ দিনা পোনপ্ৰথমবাৰৰ বাবে চৰাইদেউ মৈদাম ক্ষেত্ৰত চৰকাৰী জৰীপ চলোৱা হয় । এছিয়া মহাদেশৰ পিৰামিড হিচাপে স্বীকৃতি লাভ কৰাৰ পাছতো বিশ্ব ঐতিহ্যত অন্তৰ্ভুক্ত হ’বলৈ এই মৈদামসমূহৰ নিজস্ব মানচিত্ৰৰ অভাৱ । মিডিয়া মেনেজমেণ্ট এণ্ড ৰিছাৰ্চ এছ’চিয়েচনৰ সভাপতি স্থানীয় যুৱক ডঃ জাকিৰুল আলম, আলোচনাপন্থী আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাই উক্ত বিষয়ক লৈ দীৰ্ঘদিনে আন্দোলন চলাই আহিছিল।

চৰকাৰী তথ্য আৰু বুৰঞ্জীবিদৰ সহযোগত ডঃ জাকিৰুল আলমে স্থানীয় কেইজনমান লোকৰ সৈতে মানচিত্ৰত কীৰ্তিচিহ্নসমূহ অন্তৰ্ভুক্ত কৰিবলৈ মেপ প্ৰস্তুত কৰিবলৈ দায়িত্ব লয় । দাগ নম্বৰ অনুযায়ী চৰাইদেউৰ মৈদাম, পুখুৰী, গড় আৰু অন্যান্য কীৰ্তিচিহ্নসমূহ অন্তৰ্ভুক্ত কৰি মানচিত্ৰ প্ৰস্তুত কৰা হৈছে । মানচিত্ৰখন সম্পূৰ্ণৰূপে প্ৰস্তুত হ’লেই বিশ্ব ঐতিহ্য ক্ষেত্ৰত চৰাইদেউৰ নাম অন্তৰ্ভুক্ত হ’ব । চৰাইদেউ আহোম ৰাজ্যৰ প্ৰথম স্বৰ্গদেউ চাওলুং চুকাফাৰ ৰাজধানী । য’ত আহোম ৰজাৰ মৈদামসমূহ, আহোম যুগৰ পুখুৰী, দেওশাল ঘৰ ইত্যাদিক সাঙুৰি আহোম ৰজাৰ ছশ বছৰীয়া ইতিহাসৰ বহুতো গুৰুত্বপূৰ্ণ সমল আছে। এই জৰীপ কাৰ্য সম্পূৰ্ণ হ’বলৈ প্ৰায় তিনি-চাৰি মাহ সময়ৰ প্ৰয়োজন হ’ব ।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )