শেহতীয়া খবৰ
Home / আঞ্চলিক / অযোধ্যাত মছজিদৰ বাবে ভূমি ল’ব নে নাই চুন্নী ৱাক্ফ ব’ৰ্ডে : ২৬ নৱেম্বৰৰ বৈঠকত হ’ব সিদ্ধান্ত

অযোধ্যাত মছজিদৰ বাবে ভূমি ল’ব নে নাই চুন্নী ৱাক্ফ ব’ৰ্ডে : ২৬ নৱেম্বৰৰ বৈঠকত হ’ব সিদ্ধান্ত

নতুন দিল্লী, ১০ নৱেম্বৰ : অযোধ্যাৰ গোচৰ সন্দৰ্ভত কালি উচ্চতম ন্যায়ালয়ে দিয়া ঐতিহাসিক ৰায় পুনৰ্বিবেচনাৰ আবেদন কৰা নহ’ব বুলি ইতিমধ্যে উত্তৰ প্ৰদেশ চুন্নী ৱাক্ফ ব’ৰ্ডে ঘোষণা কৰিছে। উক্ত ঘোষণাৰ পিছতেই আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা উল্লেখ কৰিছে। অযোধ্যাত মছদিৰ বাবে দিয়া ভূমি গ্ৰহণ কৰিব নে নাই সেই সন্দৰ্ভত অহা ২৬ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া বৈঠকত চুন্নী ৱাক্ফ ব’ৰ্ডে গ্ৰহণ কৰিব সৰ্বন্মতিক্ৰমে সিদ্ধান্ত। উল্লেখ্য যে কালি শতকজোৰা অযোধ্যাৰ বিবদমান ভূমি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে এক ঐতিহাসিক ৰায় প্ৰদান কৰে। অযোধ্যাৰ বিবদমান ভূমিত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ২.৭৭ একৰ ভূমি উচ্চতম ন্যায়ালয়ে প্ৰদান কৰে। একেদৰে উক্ত অঞ্চলতেই মছজিদ নিৰ্মাণৰ বাবে ৫ একৰ ভূমি প্ৰদানৰ নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে।

মছজিদৰ বাবে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে প্ৰদান কৰা ৫ একৰ ভূমিক লৈ দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। আনকি মছদিৰ বাবে দিয়া ভূমি গ্ৰহণ কৰিব নে নাই সেই সন্দৰ্ভত প্ৰশ্ন উত্থাপন হয়। কিছুমানে মুকলিভাৱে অভিযোগ কৰিছে যে মছজিদৰ বাবে দান দিয়া ভূমি গ্ৰহণ কৰিব নোৱাৰি। উচ্চতম ন্যায়ালয়ে মছজিদৰ নামত অযোধ্যাত প্ৰদান কৰা ৫ একৰ ভূমিক লৈ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে চুন্নী ৱাক্ফ ব’ৰ্ডে ঘোষণা কৰিছে যে ২৬ নৱেম্বৰত অনুষ্ঠিত হ’ব তেওঁলোকৰ বৈঠক। উক্ত বৈঠকত মছজিদৰ বাবে ভূমি গ্ৰহণ কৰিব লাগিব নে নাই সেই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব। উত্তৰ প্ৰদেশৰ চুন্নী ৱাক্ফ ব’ৰ্ডৰ অধ্যক্ষ জাফৰ ফাৰুকীয়ে সাংবাদিকৰ আগত জানিবলৈ দি কয় যে উক্ত জমি গ্ৰহণ কৰিব পৰা যাব নে নাই সেই সন্দৰ্ভত মত-বিৰোধৰ সৃষ্টি হৈছে। চলিত মাহৰ ২৬ নৱেম্বৰত ব’ৰ্ডৰ বৈঠক অনুষ্ঠিত হ’ব।

উক্ত বৈঠকতেই চৰকাৰে প্ৰদান কৰা ভূমি গ্ৰহণ কৰিব পৰা যাব নে নাই সেয়া সিদ্ধান্ত গ্ৰহণ কৰা হ’ব। তেওঁ লগতে আৰু কয় যে ১৩ নৱেম্বৰত ব’ৰ্ডৰ বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছিল। বিশেষ কাৰণত বৈঠক বাতিল হয়। ২৬ নৱেম্বৰত বৈঠক হোৱাৰ সম্ভাৱনা আছে। ভূমিক লৈ বিভিন্নজনৰ বিভিন্ন মত দেখা গৈছে। কিছুমানে কৈছে বাবৰি মছজিদৰ বাবদ ভূমি ল’ব পৰা নাযায়। এচামে চুন্নী ৱাক্ফ ব’ৰ্ডৰ বাবদ ভূমি গ্ৰহণৰ নিৰ্দেশ দিছে। আন একাংশই আকৌ শিক্ষা প্ৰতিষ্ঠানৰ বাবে উক্ত ভূমি প্ৰস্তুত কৰাৰ আহবান জনাইছে। এই সমস্ত বিষয় সন্দৰ্ভত উক্ত বৈঠকতে সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।