শেহতীয়া খবৰ
Home / ৰাজনীতি / মহাৰাষ্ট্ৰত এনচিপি-কংগ্ৰেছেৰে মিলি চৰকাৰ গঠনৰ কুচ কাৱাজ শিৱসেনাৰ

মহাৰাষ্ট্ৰত এনচিপি-কংগ্ৰেছেৰে মিলি চৰকাৰ গঠনৰ কুচ কাৱাজ শিৱসেনাৰ

মুম্বাই, ১০ নৱেম্বৰ : মহাৰাষ্ট্ৰত বিজেপিয়ে দ্বিতীয়বাৰলৈ চৰকাৰ গঠন কৰাটো অনিশ্চিত। আজি মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়ণৱিশে ৰাজ্যপালক সাক্ষাৎ কৰি ৰাজ্যখনত তেওঁলোকে দ্বিতীয়বাৰলৈ চৰকাৰ গঠন কৰিবলৈ প্ৰস্তুত নহয় বুলি উল্লেখ কৰে। ৰাজ্যপালক সাক্ষাৎ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁলোকে চৰকাৰ গঠন কৰিবলৈ যে অসমৰ্থ সেই কথা অৱগত কৰে। যিহেতু তেওঁলোকৰ হাতত নাই নিৰ্দিষ্টসংখ্যক বিধায়ক। আনহাতে মহাৰাষ্ট্ৰত বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰে বুলি আজি প্ৰকাশ কৰিছে প্ৰদেশ অধ্যক্ষ চন্দ্ৰকান্ত পাটিলে। মহাৰাষ্ট্ৰত আজি বিজেপিৰ এক ৰুদ্ধদ্বাৰ বৈঠকো অনুষ্ঠিত হয়। উক্ত বৈঠকৰ অন্তত মহাৰাষ্ট্ৰৰ বিজেপিৰ অধ্যক্ষ চন্দ্ৰকান্ত পাটিলে সংবাদ মাধ্যমৰ আগত কয় যে তেওঁলোকে মহাৰাষ্ট্ৰত চৰকাৰ গঠন কৰিবলৈ ইচ্ছুক নহয়।

যিহেতু তেওঁলোকৰ তাত নাই পৰ্যাপ্তসংখ্যক বিধায়ক। লগতে এই বুলিও কয় যে মিত্ৰজোঁট শিৱসেনাই তেওঁলোকৰ সৈতে বিশ্বাসঘাতকতা কৰিছে। জনাদেশক শিৱসেনাই অপমান কৰিছে বুলি উল্লেখ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে এই বুলিও কয় যে ৰাজ্যপালে তেওঁলোকক চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনাইছিল যদিও তেওঁলোকৰ হাতত নাই পৰ্যাপ্তসংখ্যক বিধায়ক। যাৰ বাবে তেওঁলোকে চৰকাৰ গঠন কৰিব নোৱাৰে বুলি অৱগত কৰি দিয়া হৈছে। উল্লেখ্য যে মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ১০৫খন আসন লাভ কৰাৰ বিপৰীতে মিত্ৰজোঁট শিৱসেনাই ৫৬খন আসন লাভ কৰিছিল। ৫৬খন আসন লাভ কৰি শিৱসেনাই মহাৰাষ্ট্ৰত দ্বিতীয় বৃহৎ দলৰূপে পৰিগণিত হৈছিল। মহাৰাষ্ট্ৰত চৰকাৰ গঠন কৰিবলৈ বিজেপি আৰু শিৱসেনাই পৰ্যাপ্তসংখ্যক আসন লাভ কৰিছিল যদিও আজিলৈকে তেওঁলোকে চৰকাৰ গঠন কৰিবলৈ সক্ষম নহ’ল।

যিহেতু নিৰ্বাচনৰ ফলাফলৰ পিছতেই ৫০-৫০ চৰকাৰত আঁকোৰগোজ হৈ আছিল তথা আছে শিৱসেনা। যাৰ বাবে মহাৰাষ্ট্ৰৰ বৃহৎ দলৰূপে পৰিগণিত হোৱা বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ সক্ষম নহ’ল। এফালে যদি শিৱসেনাই ৫০-৫০ চৰকাৰৰ দাবী কৰি আহিছে, আনফালে আকৌ বিজেপিয়ে ৫০-৫০ চৰকাৰৰ সূত্ৰ অস্বীকাৰ কৰি আহিছে। এনে এক পৰিস্থিতিৰ মাজতেই শেহতীয়াকৈ বিধানসভাৰ কাৰ্যকাল সমাপ্তি ঘটে। তাৰ পিছতেই মহাৰাষ্ট্ৰত কোনে চৰকাৰ গঠন কৰিব, তাক লৈ এক অনিশ্চয়তাৰ সৃষ্টি হৈ অহাৰ সময়ছোৱাতেই আজি বিজেপিয়ে স্পষ্ট কৰিছে যে তেওঁলোকে দ্বিতীয়বাৰলৈ মহাৰাষ্ট্ৰত চৰকাৰ গঠন নকৰে। আনহাতে, আজি শিৱসেনাৰ সাংসদ সঞ্জয় ৰাৱটে উল্লেখ কৰিছে যে তেওঁলোক বিজেপিৰ সৈতে চৰকাৰ গঠন কৰিবলৈ প্ৰস্তুত যদিও কেইটামান চৰ্ত মানি চলিব লাগিব বিজেপিয়ে। কিন্তু চৰ্তসমূহ মানি চলাৰ পৰা আঁতৰি আছে বিজেপি দলটো। যাৰ বাবে ৰাজ্যখনত চৰকাৰ গঠনত বিলম্ব হৈছে বুলি উল্লেখ কৰে শিৱসেনাৰ সাংসদগৰাকীয়ে।

আনহাতে এনচিপি-কংগ্ৰেছে শিৱসেনাৰ সৈতে মিত্ৰজোঁট চৰকাৰ গঠন কৰাৰ মন মেলিছে। ১২ নৱেম্বৰত এনচিপিৰ বিধায়কসকলৰ সৈতে বৈঠকত মিলিত হ’ব দলটোৰ প্ৰমুখ শাৰদ পাৱাৰ। বৈঠকৰ পিছতহে এনচিপিয়ে সিদ্ধান্ত ল’ব তেওঁলোকে কি ধৰণে আগবাঢ়ি শিৱসেনাৰ সৈতে মিত্ৰজোঁট চৰকাৰ গঢ়িব পাৰে মহাৰাষ্ট্ৰত। আজি মহাৰাষ্ট্ৰৰ বিজেপি প্ৰদেশ অধ্যক্ষ চন্দ্ৰকান্ত পাটিলে এইবুলিও কয় যে বিজেপি আৰু শিৱসেনাই একলগ হৈ চৰকাৰ গঠন কৰিবলৈ এক জনাদেশ দিছিলে ভোটাৰ ৰাইজে। কিন্তু সেই জনাদেশক অপমান কৰিলে শিৱসেনাই। তাৰ বিপৰীতে শিৱসেনাই এতিয়া কংগ্ৰেছ আৰু এনচিপিৰ সৈতে চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে। শিৱসেনাৰ এই কাৰ্যক অভিনন্দন জনোৱা বুলি উল্লেখ কৰি প্ৰদেশ অধ্যক্ষগৰাকীয়ে কয় যে বিজেপিয়ে মহাৰাষ্ট্ৰত চৰকাৰ গঠন নকৰাৰ সিদ্ধান্ত লৈছে।