শেহতীয়া খবৰ
Home / আঞ্চলিক / দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ গ্ৰন্থ ‘ভাৰতবৰ্ষৰ আদালতসমূহ : অতীতৰ পৰা বৰ্তমানলৈ’ উন্মোচন

দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ গ্ৰন্থ ‘ভাৰতবৰ্ষৰ আদালতসমূহ : অতীতৰ পৰা বৰ্তমানলৈ’ উন্মোচন

ৰায়দান ন্যায়াধীশৰ কাম, কিন্তু তত্ত্বগধুৰ গ্ৰন্থ সমাজৰ বাবে আইনজ্ঞৰ অৱদান : ৰঞ্জন গগৈ

ঐতিহাসিক ৰায় প্ৰদান কৰি সকলো শ্ৰেণীৰ লোকক সুখী কৰা কাৰ্যত আমি গৌৰান্বিত : মুখ্যমন্ত্ৰী

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১০ নৱেম্বৰ : এটা শতিকাজোৰা বিবদমান গোচৰৰ এটা ঐতিহাসিক ৰায় প্ৰদান কৰাৰ পিছতে আজি নিজ গৃহত উপস্থিত হয় দেশৰ মুখ্য ন্যায়াধীশ তথা অসমৰ সুযোগ্য সন্তান ৰঞ্জন গগৈ। আজি দিল্লীৰ পৰা পোনে পোনে ডিব্ৰুগড়ত উপস্থিত হৈ খলিহামাৰীৰ নিজ বাসগৃহত উপস্থিত হয় মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ। সন্ধিয়া বিশেষ বিমানেৰে গুৱাহাটীত উপস্থিত হৈ আই টি আই মাছখোৱাত উচ্চতম ন্যায়ালয়ৰ দ্বাৰা প্ৰকাশিত ‘ক’ৰ্টছ অৱ ইণ্ডিয়া ঃ পাছ টু প্ৰেজেণ্ট’ নামৰ গ্ৰন্থখনৰ অসমীয়া অনুবাদ ‘ভাৰতবৰ্ষৰ আদালতসমূহ ঃ অতীতৰ পৰা বৰ্তমানলৈ’ নামৰ গ্ৰন্থখন উন্মোচন কৰে।

গুৱাহাটীৰ প্ৰাগজোতি¸ সাংস্কৃতিক প্ৰকল্প প্ৰেক্ষাগৃহত অনুষ্ঠিত আড়ম্বপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকে দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ এছ অ’ বোবড়ে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অজয় লাম্বা, ন্যায়ধীশ অৰুণ কুমাৰ মিশ্ৰ। উন্মোচনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি দেশৰ পৰৱৰ্তী ন্যায়াধীশ শাৰদ অৰবিন্দ বোবড়েই মুখ্য ন্যায়াধীশগৰাকীৰ কামক প্ৰশংসা কৰাৰ লগতে তেওঁৰ অন্তৰত অসমৰ বাবে অফুৰন্ত স্নেহ থকা বুলি ব্যাখ্যা কৰাৰ লগতে অসমৰ প্ৰতি থকা মৰমৰ বাবেই তেওঁ অৱসৰৰ পিছত অসমতে থাকিব বুলি তেওঁলোকক অৱগত কৰিছিল। মুখ্য ন্যায়াধীশগৰাকীৰ লগত কাম কৰিবলৈ পাই তেওঁ অত্যন্ত সুখী বুলি উল্লেখ কৰে। আনহাতে অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি ঐতিহাসিক ৰায়ৰ দ্বাৰা দীৰ্ঘদিন ধৰি চলি থকা বিবাদ এটাৰ অন্ত পেলোৱা কাৰ্যত অত্যন্ত সুখী বুলি উল্লেখ কৰি মুখ্য ন্যায়াধীশগৰাকীয়ে কালি যি ৰায় প্ৰদান কৰি এটা বিবাদৰ অন্ত পেলালে তাক লৈ অসমবাসী গৌৰৱান্বিত বুলি উল্লেখ কৰে।

সকলো শ্ৰেণীৰ লোকক সুখী কৰিব পৰা এটা ঐতিহাসিক ৰায় প্ৰদান কৰা কাৰ্য সম্ভৱপৰ কৰি তুলিব পৰাটো অতি কঠিন যদিও মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে যি পাৰদৰ্শিতাৰে সেয়া সম্পাদন কৰিলে, তাক লৈ অসমবাসী গৌৰৱান্বিত। আনহাতে ন্যায়াধীশ অৰুণ কুমাৰ মিশ্ৰই মুখ্য ন্যায়াশীধগৰাকীক প্ৰশংসা কৰাৰ লগতে অসমক শক্তিৰ ধৰিত্ৰী আখ্যা দিয়ে। ৰঞ্জন গগৈক ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ মুখ্য ন্যায়াধীশ বুলি অভিহিত কৰাৰ লগতে মুখ্য ন্যায়াধীশগৰাকীয়ে এহেজাৰ পৃষ্ঠাজোৰা ৰায় এটা প্ৰস্তুত কৰি অসম্ভৱক সম্ভৱপৰ কৰি তোলা বুলি উল্লেখ কৰে। মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বাবেহে এনে কাৰ্য সম্ভৱপৰ বুলি তেওঁ উল্লেখ কৰে। আনহাতে গ্ৰন্থ উন্মোচন কৰি মুখ্য ন্যায়াধীশগৰাকীয়ে ৰায় লিপিবদ্ধ কৰা ন্যায়াধীশসকলৰ কৰ্তব্য আৰু কাম, কিন্তু গ্ৰন্থ এখন সৃষ্টি কৰাটোহে ন্যায়াধীশসকলৰ সমাজৰ প্ৰতি মুখ্য অৱদান বুলি উল্লেখ কৰে।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )