শেহতীয়া খবৰ
Home / আঞ্চলিক / কাজিৰঙা সমন্বয় ক্ষেত্ৰ”ত শংকৰদেৱৰ সংঘৰ ৮৯ সংখ্যক অধিৱেশনৰ লাইখুঁটা স্থাপন

কাজিৰঙা সমন্বয় ক্ষেত্ৰ”ত শংকৰদেৱৰ সংঘৰ ৮৯ সংখ্যক অধিৱেশনৰ লাইখুঁটা স্থাপন

গণ বাৰ্তা, বোকাখাত, ১০ নৱেম্বৰ : প্ৰতিকূল বতৰকো নেওচি আজি বোকাখাত মহকুমাৰ মহুৰা মৌজাৰ দিহিঙীয়া মহুৰা পথাৰৰ ‘বিশ্ব ঐতিহ্য কাজিৰঙা সমন্বয় ক্ষেত্ৰ’ ত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯সংখ্যক বাৰ্ষিক অধিৱেশনৰ মূল মণ্ডপৰ লাইখঁুটা স্থাপন কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ১০ সহস্ৰাধিক ভকত-বৈষ্ণৱৰ উপস্থিতিত, পুৱা দহ বজাত উৰুলি, হৰিনাম, শঙ্খ, দবা, খোল তালৰ ধ্বনিৰ মাজত লাইখঁুটা স্থাপন কৰে সংঘৰ পদাধিকাৰ কমলা কান্ত গগৈয়ে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰা আৰু আধিৱেশনৰ আদৰণী সমিতিৰ সম্পাদক চন্দ্ৰকান্ত ভূঞাই আঁত ধৰা লাইখঁুটা স্থাপন অনুষ্ঠানত পদাধিকাৰ কমলা কান্ত গগৈয়ে গুৰুজনাৰ বিশ্বজনীন মতাদৰ্শ প্ৰচাৰ আৰু প্ৰসাৰৰ যোগেদি বস্তুবাদ আৰু ভোগবাদসৰ্বস্ব ধ্যান-ধাৰণা পৰিহাৰ কৰি আধ্যাত্মিক সেৱা ভাবাদৰ্শৰে মানৱতাবাদী সমাজ গঠনৰ বাবে ভক্তিপ্ৰাণৰ ৰাইজলৈ আহ্বান জনায়।

অনুষ্ঠানত আদৰণী সমিতিৰ কাৰ্যকৰী সভাপতি, বোকাখাত বিধানসভা সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী অতুল বৰাই অধিৱেশনভাগ সৰ্বতোপ্ৰকাৰে সাফল্যমণ্ডিত কৰি তুলিবলৈ সকলো স্তৰৰ ৰাইজক অনুৰোধ জনায় আৰু প্ৰতিকূল বতৰৰ মাজতো বোকা-পানী গছকি বিশ্ব ঐতিহ্য কাজিৰঙা সমন্বয় ক্ষেত্ৰত সমবেত হোৱা ভক্তিপ্ৰাণ ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰে। গোলাঘাট জিলাৰ ইছলাম ধৰ্মী সমাজৰ প্ৰতিনিধি হিচাপে অনুষ্ঠানত উপস্থিত থাকে দেৰগাঁও জামাতৰ মঃ ৰঞ্জুমণি হুছেইন আৰু মঃ হাইৰুল ইছলাম প্ৰমুখ্যে কে’বাগৰাকীও প্ৰতিনিধি। অধিৱেশনৰ প্ৰথম অনুষ্ঠান লাইখঁুটা স্থাপন অনুষ্ঠানত হিন্দু-মুছলমান উভয়ে সমস্বৰে পৰিৱেশন কৰে ‘আমাৰ মনত ভেদ ভাব নাই অ’ আল্লাহ, আমাৰ মনত ভেদ ভাব নাই, হিন্দু কি মুছলমান একে আল্লাৰ ফৰমান….. আৰু হৰিনামৰ ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰ নদী….।

এনেকৈ হিন্দু-মুছলমান উভয়ে গোৱা হৰিনাম- জিকিৰ পৰিৱেশনেৰে কমাৰগাঁও অঞ্চলৰ আকাশ- বতাহ মুখৰ কৰে। এনেদৰে হাজাৰ হাজাৰ ভকত- বৈষ্ণৱৰ উপস্থিতিয়ে বৈকুণ্ঠপুৰীত পৰিণত কৰে ‘বিশ্ব ঐতিহ্য কাজিৰঙা সমন্বয় ক্ষেত্ৰ’। উল্লেখ্য যে লাইখুঁটা স্থাপনৰ পূৰ্বে সেৱা বাহিনীৰ বাপ-বান্ধৱসকলে পৰিৱেশ নিকাকৰণ কৰাৰ পিছত নামাচাৰ্য ধনেশ্বৰ লইঙৰ পৰিচালনাত বৰদিহিঙীয়া নামঘৰত নাম প্ৰসংগ সম্পন্ন কৰে। আনহাতে পুৱাৰ পৰা কমাৰগাঁৱত মহিলা তোৰণত লাইখঁুটা স্থাপনলৈ অহা ভকত-বৈষ্ণৱ, অতিথিবৃন্দক আই-মাতৃসকলে হৰি নামেৰে আদৰণি জনায়।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )