শেহতীয়া খবৰ
Home / আঞ্চলিক / বিজেপিৰ ইস্তাহাৰত অসম বিৰোধী স্থিতি স্পষ্ট | চৰকাৰ আহিলে গৃহীত হ’ব নাগৰিকত্ব সংশোধনী বিধেয়ক

বিজেপিৰ ইস্তাহাৰত অসম বিৰোধী স্থিতি স্পষ্ট | চৰকাৰ আহিলে গৃহীত হ’ব নাগৰিকত্ব সংশোধনী বিধেয়ক


ষ্টাফৰিপ’ৰ্টাৰ, গুৱাহাটী, ৮ এপ্ৰিলঃ
বিজেপিয়ে যে কোনো কাৰণতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লোকৰ আৱেগ-অনুভূতিক প্ৰশ্ৰয় নিদিয়ে সেয়া পুনৰ এবাৰ প্ৰমাণিত হৈছে। লাখ লাখ লোকৰ বিৰোধৰ পিছত ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন হোৱাৰ পৰা ৰক্ষা পৰিছিল যদিও পুনৰ চৰকাৰ আহিলে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়াৰ অস্তিত্ব ধূলিসাৎ কৰিব পৰা নাগৰিকত্ব সংশোধনী বিধেয়ক, চমুকৈ ‘কেব’ পুনৰ উত্থাপন কৰি গৃহীত কৰি অসমলৈ দুই কোটি পঞ্চাশ লাখ হিন্দু বঙালীৰ আগমন ঘটাৰ পথ প্ৰশস্ত কৰিব বুলি প্ৰত্যক্ষভাৱে কৈছে সংকল্প-পত্ৰত। লক্ষণীয় যে আজি দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰা হয়। নিৰ্বাচনী ইস্তাহাৰ ‘সংকল্প-পত্ৰ’ত কৃষক, মহিলা, দৰিদ্ৰলৈ বিভিন্ন প্ৰতিশ্ৰুতি দিয়াৰ উপৰি নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত বিজেপিয়ে নিজৰ স্থিতি স্পষ্ট কৰে। কেব গৃহীত কৰিবলৈ বিজেপি বদ্ধপৰিকৰ বুলি নিৰ্বাচনী ইস্তাহাৰত প্ৰতিশ্ৰুতি দি বিজেপি চৰকাৰ আহিলে বিধেয়কখন গৃহীত কৰা হ’ব বুলি আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে ঘোষণা কৰে। আনহাতে এইবাৰৰ নিৰ্বাচনী ইস্তাহাৰত ৰাষ্ট্ৰীয় সুৰক্ষাক প্ৰাধান্য দি কৃষকৰ মাহিলি পেন্সন আৰু কৃষক ভৱিষ্যনিধিৰ কথাও উল্লেখ কৰে। ছয় কোটি লোকৰ মতামত লৈ দিল্লীত নিৰ্বাচনী ইস্তাহাৰ প্ৰস্তুত কৰা বুলি উল্লেখ কৰি এই ইস্তাহাৰৰ যোগেদি নতুন ভাৰত নিৰ্মাণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে বিজেপি চৰকাৰে। ইপিনে নাগৰিকত্ব সংশোধনী বিধেয়কৰ যোগেদি পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ ধৰ্মীয় সংখ্যালঘুক ভাৰতত সংস্থাপিত কৰিবলৈ বিজেপি বদ্ধপৰিকৰ বুলি উল্লেখ কৰি নিৰ্বাচনী ইস্তাহাৰৰ যোগেদি শীঘ্ৰে ৰাম মন্দিৰ নিৰ্মাণ প্ৰসংগ সমাধান কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে।
ৰাষ্ট্ৰৰ সুৰক্ষাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰি সন্ত্ৰাসবাদ আৰু জেহাদৰ বিৰুদ্ধে সামৰিক শক্তিক অধিক শক্তিশালী কৰা হ’ব বুলি উল্লেখ কৰে। ইপিনে অনুপ্ৰৱেশ ৰোধৰ ক্ষেত্ৰতো আগন্তুক বিজেপি চৰকাৰে পদক্ষেপ ল’ব বুলি আজি ঘোষণা-পত্ৰত উল্লেখ কৰি ভাৰতক বিশ্বৰ তৃতীয় অৰ্থনীতিৰ দেশ কৰাৰ প্ৰচেষ্টা গ্ৰহণ কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে। দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা শীৰ্ষ বিজেপি নেতা ৰাজনাথ সিঙে নিৰ্বাচনী ইস্তাহাৰ ‘সংকল্প-পত্ৰ’ প্ৰকাশ কৰি ২০২২ চনৰ ভিতৰত এই সকলো নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰা হ’ব বুলি ঘোষণা কৰে। আনহাতে মহিলা আৰু কৃষকক সবল কৰাৰ প্ৰতিশ্ৰুতিৰে কৃষকলৈ পেন্সনৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে। উল্লেখ্য যে মোদী চৰকাৰৰ কাৰ্যকালত দেশৰ কৃষকসকল আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱাৰ উপৰি বিগত পাঁচ বছৰত কৃষকৰ উন্নয়নৰ বাবে মোদী চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ কৃষকসকলে বিদ্ৰোহ আৰম্ভ কৰিছিল। এনে অৱস্থাত ক্ষুব্ধ কৃষকসকলক পেন্সন দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি কৃষকৰ ভোট আদায় কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে বিজেপি চৰকাৰে। লক্ষণীয় যে নিৰ্বাচনী ইস্তাহাৰত উল্লেখ থকা অনুসৰি ষাঠি বছৰৰ সকলো লোকে পেন্সনৰ সুবিধা লাভ কৰিব। ইয়াৰ উপৰি কৃষকসকলৰ আৰ্থিক স্বচ্ছলতাৰ বাবে ৰাষ্ট্ৰীয় ব্যৱসায়িক আয়োগ গঠন কৰা হ’ব বুলি আজি নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰে বিজেপিয়ে। লক্ষণীয় যে বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত নাগৰিকত্ব সংশোধনী বিধেয়ক পুনৰ উত্থাপন কৰি গৃহীত কৰা হ’ব বুলি সংকল্প গ্ৰহণ কৰাৰ পিছত এতিয়া সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত চাঞ্চল্যৰ সৃষ্টি হৈছে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে লাখ লাখ জনতা আৰু শতাধিক দল-সংগঠনে প্ৰতিবাদ কৰাৰ পিছতো একমাত্ৰ হিন্দু বাংলাদেশীৰ স্বাৰ্থতে পুনৰ মোদী চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন কৰিবলৈ লোৱা সিদ্ধান্তই অসমৰ জাতীয় অস্তিত্বলৈ সংকট কঢ়িয়াই অনাৰ আশংকা ঘনীভূত হৈ পৰিছে। এনে অৱস্থাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰা আঞ্চলিকতাবাদী দল অগপৰ কি কাৰণত বিজেপিৰ সৈতে পুনৰ মিত্ৰতাত অংশ লৈছিল বুলি প্ৰশ্ন উত্থাপন কৰিছে সচেতন মহলে। ইয়াৰ উপৰি এন পি পি দলৰ এতিয়া স্থিতি কি হ’ব তাক লৈও প্ৰশ্ন উত্থাপন কৰিছে বিভিন্ন মহলে।

( Cr : বিশেষ প্ৰতিবেদন, দৈনিক গণ অধিকাৰ  | A Dainik Gana Adhikar Election Special Report :
http://bit.ly/9AprilFrontPageGanaAdhikar )