শেহতীয়া খবৰ
Home / আঞ্চলিক / বিভিন্ন প্ৰতিশ্ৰুতিৰে অগপৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ

বিভিন্ন প্ৰতিশ্ৰুতিৰে অগপৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ

ডিজিটেল সংবাদ, গুৱাহাটীঃ মঙলবাৰে গোলাঘাটত অসম গণ পৰিষদ দলে মুকলি কৰে নিৰ্বাচনী ইস্তাহাৰ। অগপ সভাপতি অতুল বৰাই মুকলি কৰা এই অনুষ্ঠানটোত উপস্থিত আছিল কমলা কলিতা, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ লগতে যথেষ্ট সংখ্যক দলীয় কৰ্মী উপস্থিত থাকে।

নিৰ্বাচনী ইস্তাহাৰত অগপ দলে অসম চুক্তিৰ প্ৰতিতো দফা ৰূপায়ন কৰাৰ ক্ষেত্ৰত থকা দায়ৱদ্ধতাৰ কথা প্ৰথমেই দোহাৰে। ইয়াৰ লগতে অসম চুক্তিৰ ৬ নং দফা অনুসৰি অসমত সকলো খিলঞ্জীয়াক অৰ্থনৈতিক,সামাজিক আৰু ৰাজনৈতিকভাৱে অধিকাৰ সুৰক্ষিত কৰাত দায়বদ্ধ থাকিব বুলিও উল্লেখ কৰিছে অগপই। ৬ জনগোষ্ঠীৰ জনজাতিকৰণ, আন্ত:ৰাজ্যিক সীমা সমস্যা আৰু যুৱক যুৱতী সকলৰ সংস্থাপনৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা লোৱাৰ ক্ষেত্ৰত কেন্দ্ৰক হেচা প্ৰদান কৰিব বুলিও ইস্তাহাৰত উল্লেখ কৰে অগপই। ইয়াৰোপতি নাগৰিকত্ব বিধেয়কৰ ক্ষেত্ৰত পূৰ্বৰ স্থিতিতে অটল থাকিব বুলিও প্ৰকাশ কৰিছে অগপই।