শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / দেশৰ নিৰ্বাচন আয়োগত মহা বিদ্ৰোহ , পক্ষপাতিত্বমূলকভাৱে কাম কৰাৰ অভিযোগ স্বয়ং নিৰ্বাচন আয়ুক্তৰ

দেশৰ নিৰ্বাচন আয়োগত মহা বিদ্ৰোহ , পক্ষপাতিত্বমূলকভাৱে কাম কৰাৰ অভিযোগ স্বয়ং নিৰ্বাচন আয়ুক্তৰ

আচৰণবিধি ভংগৰ ক্ষেত্ৰত মোদী-শ্বাহক একপক্ষীয়ভাৱে ক্লীন শ্বীট !


নতুন দিল্লী, ১৮ মে’ : দেশৰ নিৰ্বাচন আয়োগৰ ভিতৰত মহাবিদ্ৰোহ চলা পৰিলক্ষিত হৈছে। দেশত সাধাৰণ নিৰ্বাচন চলি থকাৰ সময়ত নিৰ্বাচন আয়োগৰ ভিতৰচ’ৰাত নিৰ্বাচনী আচৰণবিধি উলংঘা কৰা গোচৰ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত মুখ্য নিৰ্বাচন আয়ুক্তই একপক্ষীয়ভাৱে সিদ্ধান্ত গ্ৰহণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। স্বয়ং নিৰ্বাচন আয়ুক্ত অশোক লাভাচাই এই অভিযোগ উত্থাপন কৰিছে। লক্ষণীয় যে বিগত কেইবাদিন ধৰি নিৰ্বাচনী আচৰণবিধি উলংঘাৰ সন্দৰ্ভত অনুষ্ঠিত বৈঠকসমূহত অংশগ্ৰহণ কৰা নাই অশোক লাভাচাই। এগৰাকী মুখ্য নিৰ্বাচন আয়ুক্ত আৰু দুগৰাকী নিৰ্বাচন আয়ুক্তৰে গঠিত হয় দেশৰ নিৰ্বাচন আয়োগ। তেনে ক্ষেত্ৰত সকলো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত এই তিনিজনীয়া কমিটীখনৰ সহমত গুৰুত্বপূৰ্ণ। কিন্তু বিগত সময়ছোৱাত নিৰ্বাচন আয়োগে সংবিধানপ্ৰদত্ত নিয়ম অনুসৰি কাম নকৰা বুলি অভিযোগ তুলি মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল অৰোৰালৈ তিনিখনকৈ পত্ৰ প্ৰেৰণ কৰে নিৰ্বাচন আয়ুক্ত অশোক লাভাচাই।

পত্ৰত লাভাচাই স্পষ্টভাৱে উল্লেখ কৰে যে দেশত প্ৰতিষ্ঠিত আইনৰ আধাৰত যেতিয়ালৈকে নিৰ্বাচন আয়োগে কাম-কাজ নকৰে, তেতিয়ালৈকে আয়োগৰ বৈঠকত বহাৰ কোনো যুক্তি নাই। লাভাচাই নিৰ্বাচনী আচৰণবিধি ভংগৰ ক্ষেত্ৰত মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে পক্ষপাতিত্বমূলক আচৰণ কৰাৰ অভিযোগ উত্থাপন কৰাৰ পিছতে দেশজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। উল্লেখ্য যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ সৰ্বভাৰতীয় সভাপতি অমিত শ্বাহৰ বিৰুদ্ধে ঘৃণা বিয়পোৱা ভাষণ দিয়াৰ অভিযোগ উত্থাপিত হৈছিল যদিও নিৰ্বাচন আয়োগে ২ছ১ অনুপাতত এই অভিযোগ খণ্ডন কৰি বিজেপিৰ সভাপতি আৰু মোদীক চাৰিটাকৈ গোচৰত ক্লীনচিট দিছিল।

এই ক্ষেত্ৰত নিৰ্বাচন আয়ুক্ত অশোক লাভাচাই কয় যে আয়োগৰ বৈঠকৰ সময়ত তেওঁৰ মন্তব্য গুৰুত্ব সহকাৰে লোৱা উচিত আছিল আৰু নিৰ্বাচনী আচৰণবিধি উলংঘাৰ ক্ষেত্ৰত নিৰ্দেশ জাৰি কৰাৰ ক্ষেত্ৰত সংখ্যাগৰিষ্ঠৰ মন্তব্যৰ গুৰুত্ব অনুধাৱন কৰাৰ প্ৰয়োজন আছে। নিৰ্বাচন আয়োগে এনে বিষয়সমূহৰ ক্ষেত্ৰত নিৰপেক্ষভাৱে কাম কৰিব লাগে, কাৰণ দেশৰ নিৰ্বাচন আয়োগে জনসাধাৰণৰ আইনক প্ৰতিনিধিত্ব কৰে। লক্ষণীয় যে চলিত নিৰ্বাচনত নিৰ্বাচন আয়োগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহ খণ্ডন কৰাৰ বিপৰীতে বিৰোধী দলৰ নেতৃত্বলৈ এখনৰ পিছত এখনকৈ নিৰ্বাচনী আচৰণবিধি ভংগ কৰাৰ জাননী প্ৰেৰণ কৰিছিল। এনে ক্ষেত্ৰত অশোক লাভাচাই স্পষ্টভাৱে মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল অৰোৰালৈ পত্ৰ প্ৰেৰণ কৰাৰ পিছতে সৰৱ হৈ পৰিছে বিৰোধী দলসমূহ। নিৰ্বাচন আয়োগ সম্প্ৰতি মোদী আৰু বিজেপি চৰকাৰৰ হাতৰ পুতলা বুলি অভিযোগ উত্থাপন কৰিছে বিৰোধী দলসমূহে।