শেহতীয়া খবৰ
Home / আঞ্চলিক / ধুমুহাত গোৱালপাৰাত বিস্তৰ ক্ষতি : তচনচ বহু ঘৰ-দুৱাৰ

ধুমুহাত গোৱালপাৰাত বিস্তৰ ক্ষতি : তচনচ বহু ঘৰ-দুৱাৰ

অনিৰ্দ্দিষ্ট কাললৈ বিদ্যুৎ যোগান বন্ধ

গণ বাৰ্তা বিশেষ, গোৱালপাৰা, ১৮ মে’ : যোৱা কিছুদিনৰ পৰা ধুমুহা হৈ থকাৰ সময়তে যোৱানিশা গোৱালপাৰা জিলাৰ ভিন্ন প্ৰান্তত এজাক ধুমুহাই তচনচ কৰি থৈ যায় বহু ঘৰ-দুৱাৰ। জানিব পৰা মতে নিশা ১২ বজাত অহা এজাক প্ৰচণ্ড ধুমুহাত চহৰৰ ভালুকডুবি, বাপুজী নগৰ, কাৰবালা, গোবিন্দপুৰ, মৰিয়ম নগৰ, নিউ গোৱালপাৰা, দুৰ্গা মন্দিৰ, চালবাৰী, ৰাক্ষসিনী, ফত্ৰিপাৰা, হাৰিমূৰা, পেটকাটা, কাৰবলা, ভাটিপাৰা আদি অঞ্চলৰ বিস্তৰ ক্ষতিসাধন হয়। ইফালে গোৱালপাৰা চহৰৰ বিভিন্ন স্থানত আঁৰি থোৱা চৰকাৰী প্ৰচাৰ হৰ্ডিংসমূহ ভাগি পৰাৰ লগতে চহৰৰ বিভিন্ন ঠাইত গছ-গছনি উভালি পৰি বিদ্যুতৰ খুঁটা, তাঁৰ আদি ছিন্ন-ভিন্ন হৈ পৰে ।

ফলত নিশাৰে পৰা দিনজোৰা চহৰখনৰ বিভিন্ন প্ৰান্তত বিদ্যুৎ সেৱা বিচ্ছিন্ন হৈ পৰে আৰু কেতিয়ালৈকে পুনৰায় সাৰ্বজনীনভাৱে বিদ্যুৎ সেৱা সৰবৰাহ কৰা হ’ব সেই বিষয়েও বাতৰি লিখা পৰলৈকে জানিব পৰা হোৱা নাই। ধুমুহাই উঘালি পেলাইছে হেজাৰ হেজাৰ মূল্যৱান গছ-গছনি। ধুমুহাৰ তাণ্ডৱত ঘৰ-বাৰীৰ লগতে কিছুমান চৰকাৰী কাৰ্যালয়ৰ ব্যাপক ক্ষতিসাধন কৰিছে। চহৰৰ মাজমজিয়াত থকা জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয় চৌহদৰ সীমান্ত আৰক্ষী উপ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ ওপৰত প্ৰকাণ্ড গছ এটা উভালি পৰাত কাৰ্যালয়টোৰ বিস্তৰ ক্ষতিসাধন হয়। ইয়াৰ উপৰি পথসমূহত গছ বাগৰি পৰাৰ ফলত বহু ঠাইত যাতায়াত ব্যাহত হৈ আছে । গোৱালপাৰা জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় আৰু গোৱালপাৰা ডাকঘৰৰ লগতে কে’বাটাও কাৰ্যালয় চৌহদৰ প্ৰকাণ্ড প্ৰকাণ্ড গছ-বাগৰি পৰাৰ ফলত তেনে কাৰ্যালয়সমূহৰ ব্যাপক ক্ষতি হৈছে ।

ইপিনে গোৱালপাৰা ছোৱালী মহাবিদ্যালয় চৌহদৰ মূল্যৱান গছসমূহ উভালি পৰাৰ লগতে মহাবিদ্যালয়ৰো বিস্তৰ ক্ষতিসাধন হয়। আনফালে জিলাখনৰ বলবলা অঞ্চলৰ কে’বাখনো গাঁও ধুমুহাৰ কবলত পৰি বিস্তৰ ক্ষতিসাধন হোৱা বুলিও জানিব পৰা গৈছে। ধুমুহাৰ কবলত পৰি ঘৰ-দুৱাৰ, গছ-গছনি আদিৰ ক্ষতি হ’লেও কোনো প্ৰাণ হানি হোৱাৰ বাতৰি পোৱা হোৱা নাই।