শেহতীয়া খবৰ
Home / আঞ্চলিক / দাবী-আপত্তি আবেদনৰ শুনানিত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা উলংঘা কৰিছে হাজেলাই

দাবী-আপত্তি আবেদনৰ শুনানিত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা উলংঘা কৰিছে হাজেলাই

এন আৰ চিৰ ৰাজ্যিক সমন্বয়কৰ বিৰুদ্ধে সৰৱ আমছু

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৯ মে’: উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত অসমত প্ৰস্তুত হৈ থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সমগ্ৰ প্ৰক্ৰিয়াটোত কৰ্তৃপক্ষখই শেহতীয়াভাৱে বহু খাম-খেয়ালিৰ আশ্ৰয় লোৱা পৰিলক্ষিত হৈছে। উচ্চতম ন্যায়ালয়ে ১-১১-২০১৮ তাৰিখে অনুমোদন জনোৱা SOP/Modalities ৰ কিছু দফাৰ লগতে উচ্চতম ন্যায়ালয়ৰ কেইবাটাও নিৰ্দেশনা উলংঘা কৰি দাবী-আপত্তি আবেদন নিষ্পত্তি প্ৰক্ৰিয়া চলাই আছে। যাৰ ফলত সাধাৰণ ৰাইজে বহু সমস্যাৰ সন্মুখীন হৈ আহিছে। আমছুৱে ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক বহুবাৰ এই সম্পৰ্কে সাক্ষাৎ কৰি স্মাৰক-পত্ৰ প্ৰদান কৰাৰ লগতে উদ্ভৱ হোৱা সমস্যাসমূহ সমাধান কৰিবলৈ দাবী জনাই আহিছে যদিও কৰ্তৃপক্ষখই সমগ্ৰ বিষয়টো সম্পূৰ্ণৰূপে উপেক্ষা কৰি সংখ্যালঘু ৰাইজক অযথা হাৰাশাস্তি কৰি আছে।

দাবী-আপত্তি আবেদন গ্ৰহণ কৰাৰ সময়ৰ পৰা বৰ্তমান শুনানিলৈকে উচ্চতম ন্যায়ালয়ক অন্ধকাৰত ৰাখি অন্যায়ভাৱে কৰ্তৃপক্ষখই সমগ্ৰ প্ৰক্ৰিয়াটো আগবঢ়াই নি আছে। আজি আমছুৰ মুখ্য কাৰ্যালয়ত আয়োজিত এক সংবাদ মেলত সংগঠনটোৰ উপদেষ্টা আজিজুৰ ৰহমানে এন আৰ চিৰ সন্দৰ্ভত চলি থকা বিসংগতিৰ বিৰুদ্ধে সৰৱ হৈ কয় যে উচ্চতম ন্যায়ালয়ে অনুমোদন জনোৱা SOP-ৰ দফা ৩.২ৰ উপদফা- (iv) মতে কোনো ব্যক্তিয়ে মিছাকৈ কাৰোবাৰ বিৰুদ্ধে আপত্তি আবেদন দাখিল কৰিলে তেওঁৰ বিৰুদ্ধে নাগৰিকত্ব আইন, ১৯৫৫ৰ ধাৰা ১৭ত উল্লেখ অনুসৰি ৫ বছৰলৈকে জে’ল আৰু ৫০ হাজাৰ টকা পৰ্যন্ত জৰিমনা বিহাৰ দৰে শাস্তি প্ৰযোজ্য হ’ব। কিন্তু কৰ্তৃপক্ষখই উক্ত দফা সম্পূৰ্ণ উলংঘা কৰি ভুৱা তথা মিছা আপত্তিকাৰীসকলক শাস্তি দিয়াৰ পৰিৱৰ্তে ৰক্ষণাবেক্ষণ দি অহাহে পৰিলক্ষিত হৈছে।

উচ্চতম ন্যায়ালয়ৰ অনুমোদিত SOPৰ দফা-৫ অনুযায়ী দাবী-আপত্তিৰ কাৰণ উল্লেখ কৰি দাবী আবেদন দাখিল কৰা তথা আপত্তি উত্থাপন হোৱা ব্যক্তিক জাননী দিব লাগিব। কিন্তু কৰ্তৃপক্ষখই জাৰি কৰি থকা কোনো জাননীতে কাৰণতো উল্লেখ নায়েই, বৰঞ্চ আপত্তিকাৰীৰ ঠিকনাও উল্লেখ কৰা নাই। যিটো সম্পূৰ্ণ নীতিবিৰুদ্ধ হৈ আছে। তেওঁ লগতে আৰু কয় যে The Citizenship ( Registration of Citizens and Issue of National Identity Cards) Rules, 2003ৰ ধাৰা ৬(২) মতে LRCR সকলৰ হাতত দাবী-আপত্তি আবেদনকাৰীৰ পৃথক পৃথক একোখনকৈ পঞ্জী থাকিব লাগিব, য’ত দাবী-আপত্তিকাৰীৰ সম্পূৰ্ণ বিৱৰণ উল্লেখ থাকিব। কিন্তু আপত্তি আবেদনৰ ক্ষেত্ৰত কৰ্তৃপক্ষখৰ হাতত তেনে পঞ্জী আছে নে নাই আমাৰ সন্দেহ হয়। কাৰণ কিমান মানুহে কিমান ব্যক্তিৰ বিৰুদ্ধে আপত্তি শুনানি দি থাকিব লগা হৈছে তাৰ পৰা ধাৰণা হয় যে ২০য২৫ লাখ লোকৰ বিৰুদ্ধে আপত্তি-শুনানি চলি আছে। কৰ্তৃপক্ষখক এই সম্পৰ্কে স্পষ্টীকৰণ দিবলৈ দাবী জনায়।

সংবাদ মেলত আমছুৰ উপদেষ্টাগৰাকীয়ে হাজেলাক সমালোচনা কৰি কয় যে আপত্তি আবেদন দাখিলৰ সময়ত আপত্তিকাৰীয়ে নিজৰ নাম, ঠিকনা, ফোন নম্বৰ ইত্যাদিৰ উপৰি আপত্তিৰ কাৰণ উল্লেখ কৰাটো বাধ্যতামূলক। সেই অনুসৰি উচ্চতম ন্যায়ালয়ৰ অনুমোদিত SOPৰ দফা ৫ অনুসৰি আপত্তিৰ কাৰণ স্পষ্টকৈ উল্লেখ কৰি অতিকমেও ১৫ দিনৰ পূৰ্বে আপত্তি উত্থাপিত হোৱা ব্যক্তিক জাননী দিব লাগিব। কোনো কাৰণত কোনো জাননী ১৫ দিন পূৰ্বে দিব নোৱাৰিলে সেই জাননীৰ শুনানিৰ তাৰিখ পুনঃনিৰ্ধাৰণ কৰি নতুন জাননী প্ৰদান কৰিব লাগিব। কিন্তু বৰ্তমান চলি থকা হিয়াৰিঙত বহু লোকে দুদিন-তিনিদিন পূৰ্বে জাননী লাভ কৰি আহিছে আৰু জাননীসমূহত তেওঁৰ বিৰুদ্ধে কি কাৰণত আপত্তি আবেদন দাখিল কৰিছে সেয়া উল্লেখ কৰা পৰিলক্ষিত হৈ থকা নাই, যিটো SOPৰ নিৰ্দিষ্ট দফাৰ সম্পূৰ্ণ উলংঘন।

আপত্তিকাৰীয়ে শুনানিত অংশগ্ৰহণ কৰি কি কি কাৰণত আপত্তি দাখিল কৰিছিল সেই সম্পৰ্কে সাক্ষ্য প্ৰদান কৰাটো বাধ্যতামূলক। কিন্তু উদ্দেশ্যপ্ৰণোদিতভাৱে ভুৱা আপত্তিকাৰীসকলক শুনানিত উপস্থিত থকা পৰিলক্ষিত হোৱা নাই। যোৱা ৮-৫-২০১৯ তাৰিখে ড×চ্চতম ন্যায়ালয়ে প্ৰতীক হাজেলাক দাবী আপত্তি নিষ্পত্তিৰ ক্ষেত্ৰত তেওঁৰ বিবেক আৰু আইন অনুসৰি সিদ্ধান্ত লোৱাৰ কৰ্তৃত্ব প্ৰদান কৰিছিল। এই মৰ্মে ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই যোৱা ১১ মে’, ২০১৯ তাৰিখে জাৰি কৰা নিৰ্দেশনাত যদিও একপক্ষীয় সিদ্ধান্তৰ কথা কোৱা হৈছে, সেয়া কিন্তু স্পষ্ট নহয়। বহু ঠাইত আপত্তিকাৰী অনুপস্থিত থকা সত্ত্বেও শুনানি নিষ্পত্তি বিষয়াই আপত্তি উত্থাপন হোৱা ব্যক্তিক শুনানিৰ নামত অযথা প্ৰশ্ন কৰি ব্যতিব্যস্ত কৰি অহাৰ অভিযোগ আহিছে।

আনহাতে আপত্তিকাৰীৰ অনুপস্থিতিত নিষ্পত্তিকাৰী বিষয়াই যাৰ বিৰুদ্ধে আপত্তি উত্থাপন কৰা হৈছে তেওঁক আপত্তিকাৰীৰ অনুপস্থিতিৰ বিষয়ে লিখিতভাৱে দিয়াৰ লগতে তেনে আপত্তি পোনে পোনে আপত্তি খাৰিজ কৰি একপক্ষীয় সিদ্ধান্ত দিব লাগে দাবী জনায়। লগতে ৰহমানে আৰু কয়- আপত্তিকাৰীৰ নাম-ঠিকনা ইত্যাদি প্ৰকাশ কৰিব নালাগে বুলি ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই ১১ মে’ তাৰিখে নিৰ্দেশনা দিয়াত ভুক্তভোগীক Nature Justice পোৱাত বাধা দিয়াহে হৈ আছে। নিজৰ নাগৰিকত্বৰ বিৰুদ্ধে আপত্তি আবেদন দাখিল কৰা ব্যক্তিজনৰ সম্পূৰ্ণ বিৱৰণ জনাটো সংশ্লিষ্ট ব্যক্তিজনৰ অধিকাৰ। কিন্তু এন আৰ চি কৰ্তৃপক্ষখই মইমতালিৰে আপত্তিকাৰীৰ তথ্য গোপন ৰাখি তথ্য জনাৰ অধিকাৰ খৰ্ব কৰি আহিছে। এন আৰ চিৰ সম্পূৰ্ণ প্ৰক্ৰিয়া, বিশেষকৈ দাবী আৰু আপত্তি প্ৰক্ৰিয়া স্বচ্ছ হ’ব লাগিব বুলি SOPত উল্লেখ আছে। কিন্তু দাবী-আপত্তি নিষ্পত্তিৰ সময়ত নিষ্পত্তিকাৰী বিষয়াই কি সিদ্ধান্ত গ্ৰহণ কৰি আছে সেয়া গোপনে, বিশেষকৈ আপত্তিকাৰী উপস্থিত নথকা শুনানিত কি সিদ্ধান্ত গ্ৰহণ কৰি আছে স্পষ্টকৈ প্ৰকাশ নকৰাত ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়া হৈ আছে আৰু SOPৰ নীতি উলংঘা হৈ আছে।

এই বিসংগতিসমূহ দূৰ কৰাৰ লগতে বিদেশীমুক্ত এখন শুদ্ধ, নিকা, স্বচ্ছ এন আৰ চি প্ৰস্তুতৰ বাবে আমছুৱে ইতিমধ্যে ৰাজ্যিক সমন্বয়ক, ভাৰতৰ মহাপঞ্জীয়ক আৰু অসম চৰকাৰৰ মুখ্য সচিবক দাবী উত্থাপন কৰি আহিছে যদিও কোনো সুফল নোপোৱাত অহা ২১ মে’, ২০১৯ তাৰিখে দিল্লীৰ যন্তৰ-মন্তৰত দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব। এই কাৰ্যসূচীৰ অন্তত ভাৰতৰ ৰাষ্ট্ৰপতি, কেন্দ্ৰীয় গৃহ সচিব আৰু মহাপঞ্জীয়কক এখনকৈ স্মাৰক-পত্ৰ প্ৰদান কৰিব। আজিৰ সংবাদমেলত আমছুৰ উপদেষ্টা আজিজুৰ ৰহমান, সভাপতি ৰেজাউল কৰিম সৰকাৰ, কাৰ্যকৰী সভাপতি আইনুদ্দিন আহমেদ, সাধাৰণ সম্পাদক আব্দুৰ ৰহমান বিশ্বাস, ইমতিয়াজ হুছেইন, মোশ্বাৰফ হুছেইন কবিৰ, সহকাৰী সাধাৰণ সম্পাদক মিন্নাতুল ইছলাম, শিক্ষা আৰু আলোচনী সম্পাদক শ্বাকিল আহমেদ আদি উপস্থিত থাকে।

( News Cr : দৈনিক গণ অধিকাৰ  | A Dainik Gana Adhikar News Report )