শেহতীয়া খবৰ
Home / আঞ্চলিক / শ শ শ্ৰমিকক বলপূৰ্বক উঠাই এফটিৰ প্ৰ-পত্ৰত চহী সংগ্ৰহ , হাতীগাঁও আৰক্ষীথানা ঘেৰাও ক্ষুব্ধ ৰাইজৰ

শ শ শ্ৰমিকক বলপূৰ্বক উঠাই এফটিৰ প্ৰ-পত্ৰত চহী সংগ্ৰহ , হাতীগাঁও আৰক্ষীথানা ঘেৰাও ক্ষুব্ধ ৰাইজৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৩১ মে’ : প্ৰাক্তন সেনা বিষয়াক বিদেশী সজোৱাৰ ঘটনাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ থকাৰ সময়তে মহানগৰীৰ হাতীগাঁও আৰক্ষীয়ে নিশাৰ ভাগত সিজুবাৰী, নটবমাৰ শ শ শ্ৰমিকক বলপূৰ্বক উঠাই আনি প্ৰমাণ-পত্ৰ সংগ্ৰহ কৰাৰ লগতে হাতৰ ছাপ আৰু বিদেশী ন্যায়াধিকৰণৰ প্ৰ-পত্ৰত চহী সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। পৰিকল্পিত আৰু অতি ষড়যন্ত্ৰমূলকভাৱে সাধাৰণ খাটি খোৱা সংখ্যালঘু সম্প্ৰদায়ৰ শ্ৰমিকসকলক এনেদৰে মাজনিশা উঠাই আনি হাতৰ ছাপ সংগ্ৰহ কৰি পৰৱৰ্তী সময়ত বিদেশী ঘোষণা কৰাৰ কুটিল চক্ৰান্ত চলিছে বুলি অভিযোগ উত্থাপন হৈছে।

এগৰাকী অপৰাধীৰহে হাতৰ ছাপ সংগ্ৰহ কৰিব পাৰে। তেনেস্থলত সাধাৰণ খাটি খোৱা শ্ৰমিকসকলক এনেদৰে ডাবি-ধমকিৰে হাতৰ ছাপ আৰু বনছাইন সংগ্ৰহ কৰা বিষয়টোক লৈ গভীৰ ৰহস্যৰ সৃষ্টি হোৱাই নহয়, অঞ্চলজুৰি আতংক বিৰাজ কৰিছে। হাতীগাঁও আৰক্ষীৰ এনেধৰণৰ ষড়যন্ত্ৰৰ বাবে এতিয়া দিনহাজিৰা কৰা শ্ৰমিকসকলে গুৱাহাটী ত্যাগ কৰিবলৈ বাধ্য হৈছে। হাতীগাঁও আৰক্ষীৰ এনেধৰণৰ কাণ্ডৰ বিৰুদ্ধে এইবাৰ নটবমা, সিজুবাৰীৰ ৰাইজ জাঙুৰ খাই উঠিছে। এনেধৰণৰ ষড়যন্ত্ৰ বন্ধ কৰাৰ লগতে নিশাৰ আন্ধাৰত জধে-মধে শোৱাপাটীৰ পৰা নিৰীহ শ্ৰমিকক উঠাই অনা কাৰ্য বন্ধ কৰিবলৈ আজি অৰ্ধশতাধিক লোকে হাতীগাঁও আৰক্ষী থানা ঘেৰাও কৰে।

যিসকল শ্ৰমিকৰ পৰা বলপূৰ্বক হাতৰ ছাপ আৰু বনছাইন সংগ্ৰহ কৰিছে সেইসমূহ প্ৰ-পত্ৰ ওভতাই দিয়াৰ দাবী উত্থাপন কৰিছে ক্ষুব্ধ ৰাইজে। ভুক্তভোগী চফিকুল ইছলামে ‘দৈনিক গণ অধিকাৰ’ৰ আগত কয় যে যোৱা ২৫ মে’ত পুৱতি নিশা প্ৰায় ৫.৩০ বজাত ভাৰাঘৰৰ পৰা শুই থকা অৱস্থাত তেওঁৰ লগতে আন কে’বাজনো শ্ৰমিকক বলপূৰ্বক আৰক্ষী থানালৈ উঠাই আনে। আৰক্ষী থানাত শ্ৰমিকসকলক আবদ্ধ কৰি সকলো ধৰণৰ ভাৰতীয় নাগৰিকৰ (পান কাৰ্ড, ভোটাৰ আই ডি) প্ৰ-পত্ৰ সংগ্ৰহ কৰাৰ লগতে হাতৰ ছাপ আৰু এফ টি প্ৰ-পত্ৰত বলপূৰ্বক বনছাইন সংগ্ৰহ কৰিছে। একেদৰে থানাৰ ভিতৰতেই সকলোকে ফটো তুলি এশ-দুশ টকাকৈ সংগ্ৰহ কৰিছে। চফিকুলে গণ অধিকাৰৰ সাংবাদিকৰ আগত এইবুলিও কয় যে যিখন প্ৰ-পত্ৰত চহী সংগ্ৰহ কৰিছিল সেইখনৰ ওপৰত এফ টি বুলি উল্লেখ আছিল।

এতিয়া পেটৰ তাড়নাত দিনহাজিৰা কৰিবলৈ গুৱাহাটীলৈ অহা এইসকল শ্ৰমিকক ষড়যন্ত্ৰমূলকভাৱে বিদেশী সজাবলৈ পৰিকল্পনা ৰচনা কৰা হৈছে নেকি বুলি সকলোৰে মাজত প্ৰশ্ন উদয় হৈছে। আনকি বনছাইন সংগ্ৰহ কৰা প্ৰ-পত্ৰখন কি বুলি প্ৰশ্ন কৰিলে আৰক্ষীয়ে কোনো ধৰণৰ উত্তৰ দিয়াৰ পৰা বিৰত আছিল বুলিও ইছলামে জানিবলৈ দিয়ে। একেদৰে নিশাৰ ভাগত, অৰ্থাৎ যোৱা শনিবাৰে হাতীগাঁও আৰক্ষীয়ে বলপূৰ্বক উঠাই অনা আন শ্ৰমিকসকলৰ লগত চালক হিচাপে জীৱিকা নিৰ্বাহ কৰি থকা মকিব আলীয়ে আৰক্ষীৰ এনেধৰণৰ ষড়যন্ত্ৰত ক্ষুব্ধ হৈ আজি সাংবাদিকৰ আগত কয় যে যদি ভাৰাতীয়া হিচাপে আৰক্ষীয়ে তথ্য সংগ্ৰহ কৰিছে, তেন্তে স্বত্বাধিকাৰীৰ সৈতে যোগাযোগ কৰিলে সকলো ধৰণৰ তথ্য সময়মতে লাভ কৰিব।

তেনেস্থলত এনেদৰে স্বত্বাধিকাৰীৰ সৈতে কোনোধৰণৰ বাৰ্তালাপ নকৰি পুৱতি নিশা শোৱাপাটীৰ পৰা ডাবি-ধমকিৰে শ্ৰমিকসকলক থানালৈ আনি হাতৰ ছাপ আৰু বনছাইন সংগ্ৰহ কৰাৰ কাৰণ কি· মকিব আলীয়ে আজি আন এক তথ্য সংগ্ৰহ কৰি কয় যে যিসমূহ প্ৰ-পত্ৰত শ্ৰমিকসকলৰ বনছাইন সংগ্ৰহ কৰিছিল সেইসমূহ প্ৰ-পত্ৰ সীমান্ত আৰক্ষীৰ হাতত হস্তান্তৰ কৰা হৈছিল। পৰৱৰ্তী সময়ত এইসমূহ লোকলৈ ষড়যন্ত্ৰমূলকভাৱে বিদেশীৰ জাননী প্ৰেৰণ কৰা হ’ব নেকি বুলি এই লৈ এতিয়া আতংকিত হৈ পৰিছে সকলোৱে। ক্ষুব্ধ ৰাইজে আজি হাতীগাঁও আৰক্ষী থানাত ভাৰপ্ৰাপ্ত বিষয়া ৰতন দাসক সাক্ষাৎ কৰি যিসকল শ্ৰমিকৰ হাতৰ ছাপ আৰু বনছাইন সংগ্ৰহ কৰা হৈছিল সেইসমূহ প্ৰ-পত্ৰ ওভতাই দিবলৈ দাবী উত্থাপন কৰিছিল।

আনকি এইসমূহ শ্ৰমিকক অপৰাধীৰ দৰে কিয় হাতৰ ছাপ সংগ্ৰহ কৰা হৈছে সেই সন্দৰ্ভতো আৰক্ষী বিষয়াগৰাকীৰ পৰা মতামত জানিব বিচাৰিছে। স্থানীয় ৰাইজৰ আগত আৰক্ষী বিষয়াগৰাকীৰ ভাষ্যতেই অমিল দেখিবলৈ পোৱা গৈছিল। আৰক্ষী বিষয়াগৰাকীয়ে প্ৰথমতে ভাৰাঘৰত থকা লোকৰ তথ্যপাতি সংগ্ৰহ কৰাৰ কথা উল্লেখ কৰিছিল যদিও পিছত সেই ভাষ্য সলনি কৰি চুৰিৰ ঘটনা বৃদ্ধি পোৱাৰ বাবেই এনেধৰণেই শ্ৰমিকসকলক উঠাই আনি তথ্য সংগ্ৰহ কৰিছে বুলি উল্লেখ কৰে। অৰ্থাৎ হাতীগাঁও আৰক্ষী বিষয়াগৰাকীৰ ভাষ্যতেই ৰহস্যৰ সৃষ্টি হৈছে। আনকি হাতৰ ছাপ আৰু বনছাইন সংগ্ৰহ কৰা শ্ৰমিকসকলৰ প্ৰ-পত্ৰসমূহ ওভতাই দিবলৈ অমান্তি হৈ উচ্চপদস্থ বিষয়াৰ সৈতে যোগাযোগ কৰিবলৈহে পৰামৰ্শ আগবঢ়ায়।

যি কি নহওক নিশাৰ ভাগত শুই থকা অৱস্থাত এনেধৰণৰ নিৰীহ শ্ৰমিকসকলক বলপূৰ্বক উঠাই আনি হাতৰ ছাপ আৰু বনছাইন সংগ্ৰহ কৰা বিষয়টোৰ আঁৰত যে এটা গভীৰ ৰহস্য লুকাই আছে সেয়া স্পষ্ট হৈছিল। শ্ৰমিকসকলৰ অধিকাংশই অশিক্ষিত। সেয়ে আৰক্ষীয়ে যিকোনো প্ৰ-পত্ৰতেই শ্ৰমিকসকলক সহজেই স্বাক্ষৰৰ বাবে বাধ্য কৰিবলৈ সক্ষম হৈছিল। অধিকাংশ শ্ৰমিকে অৱগত নহয় যে তেওঁলোকৰ বনছাইন কোনখন প্ৰ-পত্ৰত সংগ্ৰহ কৰিছে আৰু হাতৰ ছাপ কিয় সংগ্ৰহ কৰিছে।

এইসকল লোকৰ নাম পৰৱৰ্তী সময়ত বিদেশী ন্যায়াধিকৰণলৈ প্ৰেৰণ কৰা হ’ব নেকি বুলি আশংকা কৰি এতিয়া সকলোৱে আতংকিত হৈ পৰিছে। ইপিনে ঈদৰ পিছত বিষয়টোৰ সন্দৰ্ভত উচ্চপদস্থ বিষয়াৰ সৈতে স্থানীয় ৰাইজৰ মাজত এক বৈঠকৰ আয়োজন কৰি বিষয়টো মীমাংসা কৰিব বুলিও আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।