শেহতীয়া খবৰ
Home / Tag Archives: AGP

Tag Archives: AGP

অগপ-বিজেপিয়ে বিদেশী সমস্যাক জীয়াই ৰাখি ৰাজনীতি কৰিব বিচাৰিছে : কংগ্ৰেছৰ অভিযোগ

ষ্টাফ ৰিপ’ৰ্টাৰ, ৰৰ ছেপ্টেম্বৰ : এন আৰ চি সন্দৰ্ভত পুনৰবাৰ সৰৱ হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটী। বিজেপিৰ শেহতীয়া স্থিতিক লৈ সৰৱ হৈ পৰিছে দলটো। আজি ৰাজীৱ ভৱনত আয়োজিত এক সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰাই কয় যে বিজেপিয়ে কেৱল ভোটৰ স্বাৰ্থত বিদেশী খেদাৰ কথা কয়। এফালে এজনো বিদেশী …

অধিক »

এনআৰিচত দীৰ্ঘদিনীয়া আন্দোলন, অসমবাসীৰ ত্যাগৰ প্ৰতিফলন নহ’ল ঃঅগপৰ 

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৮ ছেপ্টেম্বৰ : আজি অসম গণ পৰিষদ দলৰ আমবাৰীস্থ মুখ্য কাৰ্যালয়ত দলৰ সভাপতি অতুল বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় সমিতিৰ বৰ্ধিত সাধাৰণ সভাই ৰাজ্যখনৰ সাম্প্ৰতিক পৰিস্থিতিৰ লগতে দলীয় সংগঠনৰ ওপৰত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। সভাই যোৱা ৩১ আগষ্টত প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাৰ ওপৰত বিশ¸দভাৱে আলোচনা …

অধিক »

অগপ-বিজেপিয়ে বিদেশীৰ সমস্যা সমাধান হোৱাটো নিবিচাৰঃ সংবাদমেলত কংগ্ৰেছৰ অভিযোগ

বৈধ প্ৰতিপন্ন লোকৰ আত্মীয়ক ন্যায়াধিকৰণলৈ পঠিয়াব নালাগে : দেৱব্ৰত শইকীয়া ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১ ছেপ্টেম্বৰ : চূড়ান্ত এনআৰচিৰ পৰা ১৯,০৬,৬৫৭জন লোকৰ নাম বাদ পৰিছে। এনআৰচিৰ পৰা বাদ পৰা অধিকাংশ লোকেই ভাৰতীয় নাগৰিক। প্ৰকৃত ভাৰতীয় নাগৰিকক আইনী সাহায্য প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি ইতিমধ্যে কংগ্ৰেছে প্ৰতিখন জিলাত আইনী কোষ গঠন কৰিছে। বাঙালী, …

অধিক »

বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত কামাখ্যা-বীৰেন্দ্ৰ প্ৰসাদ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৩১ মে’ : ৰাজ্যসভালৈ অসমৰ পৰা বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা আৰু বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য। কোনোধৰণৰ প্ৰতিদ্বন্দ্বী নথকাৰ বাবে আজি মিত্ৰজোঁটৰ দুগৰাকী প্ৰাৰ্থীক আজি বিজয়ী বুলি ঘোষণা কৰিছে নিৰ্বাচনী বিষয়াই। উল্লেখ্য যে ১৪ জুনত অসমৰ পৰা খালী হ’বলগীয়া ৰাজ্যসভাৰ দুখন আসনৰ বাবে ২৮ মে’ …

অধিক »

অগপত অতুল হাটাও অভিযান অব্যাহত তৃণমূল অগপৰ

কলিয়াবৰ বৰপেটা-ধুুবুৰীত কেব সমৰ্থনকাৰী অগপৰ প্ৰাৰ্থীক পৰাস্ত কৰাৰ বাবে ৰাইজক অভিনন্দন ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৭ মে’ : বিজেপিৰ সৈতে মিত্ৰতা স্থাপন কৰি একপ্ৰকাৰ কেবৰ সমৰ্থনত নামি পৰাৰ পিছতে অগপৰ তৃণমূল পৰ্যায়ত চলি থকা বিদ্ৰোহ উথলি উঠিছিল। এই বিদ্ৰোহ দমন কৰিবলৈ অগপই কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত সংবিধান সংশোধনী কমিটী আৰু শৃংখলা ৰক্ষা কমিটী গঠন …

অধিক »

কামাখ্যা-বীৰেন্দ্ৰ প্ৰসাদ বিজেপি মিত্ৰজোঁটৰ ৰাজ্যসভাৰ প্ৰাৰ্থী

বিনা প্ৰতিদ্বন্দ্বিতাৰে দুয়োগৰাকী প্ৰাৰ্থী বিজয়ী হোৱাটো নিশ্চিত ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৭ মে’ : অৱশেষত ৰাজ্যসভাৰ প্ৰাৰ্থীৰ নাম ঘোষণা হ’ল। যোৰহাট লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ কামাখ্যা প্ৰসাদ তাছা বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী। একেদৰে মিত্ৰজোঁটৰ চৰ্ত সাপেক্ষে ৰাজ্যসভাৰ দ্বিতীয়খন আসনৰ বাবে প্ৰাৰ্থী হ’ব অগপৰ প্ৰাক্তন সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য। মনোনয়ন দাখিলৰ অন্তিম দিন কাইলৈ …

অধিক »

তৃণমূলকৰ্মীৰ বিদ্ৰোহৰ পিছতে অগপত সংস্কাৰৰ জোৱাৰ

শৃংখলা ৰক্ষাৰ বাবে অনুশাসন কমিটীৰ অনুমোদন ষ্টাফ ৰিপ’ৰ্টাৰ ৰিপ’ৰ্টাৰ, গুৱাহাটী : বিজেপিৰ সৈতে মিত্ৰতা স্থাপন কৰাৰ পিছতে তৃণমূল কৰ্মীসকলৰ মাজত বিদ্ৰোহৰ সৃষ্টি হোৱাৰ পিছতে অগপৰ ভিতৰচ’ৰাত দুটা ফৈদৰ সৃষ্টি হোৱাৰ পৰিলক্ষিত হৈছিল। এফালে মিত্ৰতাৰ সপক্ষত থকা অতুলপন্থী, আনফালে প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত। কেব সমৰ্থনকাৰী প্ৰাৰ্থীক ভোট …

অধিক »

তৃণমূল কৰ্মীৰ বিদ্ৰোহত এস্তমান অতুল-কেশৱ , সংবিধান সংশোধনৰ বাবে কাৰ্যনিৰ্বাহকত বিশেষ তৎপৰতা

আজি সাধাৰণ পৰিষদৰ বৈঠক ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৪ মে’ : অগপৰ ভিতৰচ’ৰাত যে অস্থিৰতা এতিয়াও আছে সেয়া পুনৰ এবাৰ প্ৰমাণিত হৈছে। কালি বিধায়িনী দলৰ বৈঠকত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্ত অনুপস্থিত থকাৰ পিছত তেওঁৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ প্ৰসংগই চৰ্চা লাভ কৰিছিল। কিন্তু আজি কাৰ্যনিৰ্বাহকৰ সকলোকে আচৰিত কৰি …

অধিক »

জন্মস্থান গোলাঘাটৰ পৰাই নেতৃত্ব সলনিৰ কুচ কাৱাজ , অগপত অতুল হাতাও অভিযান অব্যাহত

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী : অসমীয়া ৰাইজৰ আৱেগ-অনুভূতিক অৱজ্ঞা কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক সমৰ্থনকাৰী দল বিজেপিৰ সৈতে মিত্ৰতা স্থাপন কৰি লোকসভাৰ নিৰ্বাচনী বৈতৰণী পাৰ কৰিব খোজা অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ বিৰুদ্ধে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ মাজত ক্ষোভ অব্যাহত আছে। নাগৰিকত্ব সংশোধনী বিধেয়ক আনিম বুলি সদম্ভে ঘোষণা কৰা …

অধিক »

দুৰ্নীতিৰ পৰা ৰক্ষা পাবলৈ বিজেপিৰ শৰনাপন্ন অতুল-কেশৱ : অগপৰ প্ৰাক্তন কেন্দ্ৰীয় আইন উপদেষ্টা হেমেন বৰাৰ অভিযোগ

মন্ত্ৰী অতুল বৰাই ট্ৰেক্টৰ-বীজ কেলেংকাৰীত লিপ্ত থকাৰ বিপৰীতে কেশৱৰ ভাতৃ কৃষ্ণ মহন্ত মথাউৰি কেলেংকাৰীত লিপ্ত মহানগৰ প্ৰতিবেদক, ১০ মে’ : বিয়াগোম দুৰ্নীতিৰ পৰা নিজক বচাবলৈ অগপ দলক বিজেপিৰ শৰণাপন্ন কৰিলে অতুল বৰা, কেশৱ মহন্তই। পাঁচ শতাংশ কৰ্মীৰ সমৰ্থনেৰে এই দুগৰাকী অগপ নেতাই বিজেপিৰ সৈতে পুনৰ লোকসভা নিৰ্বাচনৰ প্ৰাক্ক্ষণত মিত্ৰতা গঢ়িলে বুলি …

অধিক »