শেহতীয়া খবৰ
Home / Tag Archives: Assam Floods

Tag Archives: Assam Floods

ধনশিৰি নদীৰ আৱতৰীয়া বানত ঃ ২২খন গাঁৱৰ ১,২৫৬টা পৰিয়ালৰ ক্ষতিসাধন

গণ বাৰ্তা, সৰুপথাৰ, ২৮ অক্টোবৰ : বিগত কেইবা দিন ধৰি দি থকা নেৰানেপেৰা বৰষুণৰ ফলত ফেনে-ফোটোকাৰে বাঢ়ে ধনশিৰি নদীৰ বক্ষ। নিশাটোৰ ভিতৰতেই গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ ২২খনকৈ গাঁৱত নদীখনৰ বাঢ়নী পানীয়ে বিস্তৰ ক্ষতি কৰে। হাহাকাৰ সৃষ্টি হয় নৈপৰীয়া ৰাইজৰ। যোৱানিশা বহু লোক শুই থকাৰ সময়তেই তাৎক্ষণিকভাৱে নদীৰ পানী বৃদ্ধি হৈ নদীকাষৰীয়া …

অধিক »

বৰপথাৰত ধনশিৰি নদীত যুৱক সন্ধানহীন

গণ বাৰ্তা, সৰুপথাৰ ,১৩ আগষ্ট : ধনশিৰি নদীত মনসা দেৱীৰ মূৰ্ত্তি বিসৰ্জন দিবলৈ গৈ বৰপথাৰৰ এজন যুৱক সন্ধানহীন হোৱাৰ বাতৰি পোৱা গৈছে | যুৱকজন হৈছে বৰপথাৰৰ কৈলানীপাৰাৰ দিপাংকৰ দাস (৩২) | জানিব পৰা মতে, সন্ধিয়া প্ৰায় ৬ বজাত ধনশিৰি নদীত মনসা পূজাৰ সম্পন্ন কৰি দেৱীৰ মূৰ্তি বিসৰ্জন দিবলৈ  গৈ ফেনে …

অধিক »

মাজুলীত টুলুঙা নাৱত বিপদসংকুল যাত্ৰা ছাত্র- ছাত্ৰী লগতে নামনি ভকতচাপৰিবাসী 

পৰাণজ্যোতি বৰা, মাজুলী, ৭ আগষ্ট: নামনি মাজুলীৰ অন্তৰ্গত ভকতচাপৰিবাসী ৰাইজে যাতায়তৰ ক্ষেত্ৰত জীয়াতু ভুগি আহিছে গোৱাল গাঁও-পহুমৰা পাৰঘাটটোত।এখন টুলুঙা নাৱতে বিদ্যালয় – মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্রী লগতে বিভিন্ন অঞ্চলত কৰ্মৰত ব্যক্তি, অঞ্চলটোৰ কেইবাখনো বিদ্যালয়ত কৰ্মৰত শিক্ষক-শিক্ষয়িত্ৰী , বেংক, বজাৰ -সমাহ আদি কৰাৰ বাবে দৈনিক শ শ যাত্ৰী উক্ত ঘাটটোৱে দি অহা যোৱা কৰে।বিশেষকৈ …

অধিক »

টেঙাগুৰিৰ জাবেদ আলীৰ মূখ্যমন্ত্ৰী পুঁজিলৈ ৫৫ হেজাৰ টকা চেক প্ৰদান

গণবাৰ্তা,ভূৰাগাঁও,৬ আগষ্টঃ সমগ্ৰ ৰাজ্যতে প্ৰলয়ংকাৰী বানে লাখ লাখ জনসাধাৰণৰ বিস্তৰ ক্ষতি সাধন কৰাৰ সময়তে চৰকাৰ,বিভিন্ন  দল সংগঠনৰ লগতে একাংশই ব্যক্তিগতভাবে বানাক্ৰান্ত অঞ্চলসমূহত সাহাৰ্য আগবঢ়াই থকা পৰিলক্ষিত হৈছে।আকৌ একাংশই এই অসহায় বন্যাৰ্তসকলক সহায়ৰ বাবে মূখ্যমন্ত্ৰীৰ বান সাহাৰ্য্য পুঁজিলৈ ধন আগবঢ়াৱাৰ সময়তে বন্যাৰ্তসকলক সহায়ৰ বাবে মূখ্যমন্ত্ৰী পুঁজিলৈ লাহৰীঘাট অঞ্চলৰ যুৱ নেতা তথা …

অধিক »

বেঁকী নৈৰ বানত ধ্বংসস্তুপত পৰিণত বহু পৰিয়ালৰ ঘৰ- দুৱাৰ

বৰপেটা এতিয়াও ১০,৩৬২ গৰাকী আশ্ৰয়, ৩,৫২,৫৯২ জন লোক বানৰ কবলত গণ বাৰ্তা বিশেষ, কলগাছিয়া, ৩১ জুলাই : সম্প্ৰতি বানপানী কমিছে যদিও কমা নাই বন্যাৰ্তৰ দুৰ্দশা। সমগ্ৰ অসমত বলিয়া বানে তচ্‌নচ্‌ কৰিছে বহুতৰে ঘৰ-দুৱাৰ। সেইদৰে বৰপেটা জিলাৰ কলগাছিয়া আৰু বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত শ শ ৰাইজৰ সপোনৰ ঘৰখন বেঁকী, মানাহ, চাউলখোৱা, ভেলেঙী …

অধিক »

সংহাৰী বানৰ কৱলত নামনিৰ ৯খন জিলা : বানত মৃতকৰ সংখ্যা ৮১ জনলৈ বৃদ্ধি, বানত প্লাৱিত ১৭খন জিলা

৬১ খন ৰাজহ চক্ৰৰ অন্তৰ্গত ২০৭৮ খন গাঁও প্ৰভাৱিত, বানত ১,২২,৮৩৫ হেক্টৰ কৃষি ভূমি প্লাৱিত, ২৭,১৫,১৮৪ জন লোক প্ৰভাৱিত মহানগৰ প্ৰতিবেদক, ২৬ জুলাই : ৰাজ্যত সংহাৰী বানৰ বিভীষিকা অব্যাহত আছে। উজনি অসমত বানৰ প্ৰকোপ সামান্য পৰিমাণে হ্ৰাস পাইছে যদিও নামনি অসমত তাণ্ডৱ বৰ্তমানো অব্যাহত আছে। নামনি অসমৰ ৯খন জিলা এতিয়াও বানত …

অধিক »

বানক লৈ উত্তাল সদন: অধ্যক্ষই আলোচনাৰ অনুমতি নিদিয়াত কংগ্ৰেছ-ইউ ডি এফৰ সদন ত্যাগ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৬ জুলাই ঃ ৰাজ্যৰ প্ৰলয়ংকৰী বানক লৈ আজি অসম বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশনৰ প্ৰথম দিনটোতে উত্তাল হৈ পৰিল সদনৰ মজিয়া। সদনৰ যাৱতীয় কাম-কাজ স্থগিত ৰাখি বানপানীয়ে ৰাজ্যত যিধৰণে তাণ্ডৱলীলা চলালে সেই সন্দৰ্ভত বিস্ত´তভাৱে আলোচনাৰ প্ৰস্তাৱ আগবঢ়াইছিল, কিন্তু অধ্যক্ষই উক্ত প্ৰস্তাৱক সন্মতি প্ৰদান নকৰাত এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়। …

অধিক »

কাজিৰঙাৰ বানাক্ৰান্তৰ কাষত ’প্ৰিয়বন্ধু’ ৷ বান সাহায্য বিতৰণত সহযোগ কৰিলে তিনি জনপ্ৰিয় শিল্পীয়ে

গণ বাৰ্তা, বোকাখাত, ২৬ জুলাই: যি সময়ত ৰাজ্যৰ বানাক্ৰান্তই এমুঠি অন্ন আৰু বস্ত্ৰৰ বাবে হাহাকাৰ কৰিছে সেই সময়ত “মানুহে মানুহৰ বাবে” ভূপেনদাই গাই যোৱা সেই চিৰসেউজ গীতক  আখৰে-আখৰে প্ৰমাণ কৰিবলৈকে সাম্প্ৰতিক সময়ত  একাংশ মানৱ দৰদী লোক আগবাঢ়ি আহিছে বানাক্ৰান্ত সকলক সহায়ৰ হাত আগবঢ়াবলৈ ৷ “প্ৰিয়বন্ধু” নামৰ বেচৰকাৰী স্বেচ্ছাসেৱী  সংগঠনটোৱে বোকাখাতৰ …

অধিক »

কুৰিশ্বুৰ পানীত নামনিত জলপ্ৰলয় : বাক্সা, চিৰাং, বৰপেটা, নলবাৰীত হাহাকাৰ পৰিস্থিতি

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৫ জুলাই : ৰাজ্যত প্ৰথমটো বানৰ অৱস্থা কিছু শাম কাটিছিল যদিও নামনি অসমত ভূটানৰ পানীৰ ধলে শেহতীয়াভাৱে প্ৰলয় অব্যাহত ৰখা পৰিলক্ষিত হৈছে। উপৰ্যুপৰি দ্বিতীয়বাৰলৈ নলবাৰী, বৰপেটা, বাক্সা, চিৰাঙৰ বান পৰিস্থিতি ভয়াৱহ হোৱা পৰিলিক্ষিত হৈছে। উল্লেখ্য যে আজি পুৱাৰে পৰা ভূটানৰ কুৰিশ্বু বান্ধৰ পানী এৰি দিয়াৰ ফলত বাক্সা, চিৰাং, …

অধিক »

মন্ত্ৰী হিমন্তৰ অধ্যক্ষতাত বান পৰিস্থিতিৰ পৰ্যালোচনা বৈঠক

বানত ক্ষতিৰ পৰিমাণ ১০০০ কোটি, ক্ষতিগ্ৰস্ত ত্ৰিশটাকৈ মথাউৰি ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৪ জুলাই : আজি জনতা ভৱনত ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিক লৈ এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। ৰাজ্যৰ শেহতীয়া বানত ক্ষয়-ক্ষতিৰ পৰিমাণ নিৰ্ণয় কৰাৰ বাবে আজিৰ বৈঠক অনুষ্ঠিত কৰা হয়। বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত বিভিন্ন বিভাগৰ …

অধিক »