শেহতীয়া খবৰ
Home / Tag Archives: Barpeta

Tag Archives: Barpeta

কলগাছিয়াৰ বালিকুৰীত   অগ্নিকাণ্ডত ৪ টা বাসগৃহ, তিনিটা গৰু, ধান চাউল সহ ৩০ লক্ষাধিক টকাৰ সম্পত্তি ভষ্মীভূত। মাতৃ সহ নৱজাতকৰ কথমপি প্ৰান ৰক্ষা। 

গণ বাৰ্তা বিশেষ কলগাছিয়া ১৯ আগষ্ট : বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালিকুৰি এন চি গাঁওত সোমবাৰে দুপৰীয়াত ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হৈ তিনিটা পৰিয়ালৰ চাৰিটা ঘৰ ভষ্মিভূত হোৱাৰ লগতে তিনিটা পশুধন, মূল্যবান এন আৰ চিৰ নথিপত্ৰ, ধান-চাউল, ৪০ মোন মৰাপাট ভষ্মিভূত হৈ ৩০ লক্ষাধিক টকাৰ ক্ষতি হয়  । ৰান্ধনী শালৰ …

অধিক »

দক্ষিণ বৰপেটাৰ চৰাঞ্চলত পুতৌজনক ৰাজ্যৰ স্বাস্থ্য সেৱা ব্যৱস্থা : এম্বুলেঞ্চৰ অবিহনে ঠেলা, ঘোঁৰাৰ গাড়ী, সাঙীৰে কঢ়িয়াইছে ৰোগী 

গণবাৰ্তা, নগৰবেৰা, ১৯ আগষ্ট :ৰাজ্যৰ স্বাস্থ্য খন্ডত আমূল পৰিৱৰ্তন ঘটা বুলি চৰকাৰী পক্ষই যিমানেই দম্ভালি নামাৰক কিয় প্ৰকৃতাৰ্থত যে পৰিৱৰ্তন ঘটা নাই সেইটো দক্ষিণ বৰপেটাৰ চৰাঞ্চলৰ স্বাস্থ্য সেৱাৰ পুতৌজনক অৱস্থাৰ ফালে লক্ষ্য কৰিলেই সহজে অনুমান কৰিব পাৰি। দক্ষিণ বৰপেটাৰ বাঘবৰ আৰু চেঙা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ চৰাঞ্চলৰ ৰাইজৰ স্বাস্থ্য সেৱা ব্যৱস্থা …

অধিক »

বৰপেটাৰোডত কবি গুৰুক ৰবীন্দ্ৰনাথক স্মৰণ বিধায়ক বঁটা প্ৰদান

গণবাৰ্তা বিশেষ, ১৭ আগষ্ট : বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ ৭৮ সংখ্যক মহাপ্রয়াণ দিৱস বৰপেটাৰোডৰ কেন্দ্ৰীয় ৰবীন্দ্র স্মৃতি মঞ্চৰ উদ্যোগত কালি সন্ধিয়া প্ৰগতি সংঘৰ বাকৰিত পালন কৰা হয় ৷ এই উপলক্ষে  শ্ৰদ্ধাঞ্জলি তথা মাঙ্গলিক অনুষ্ঠান , সাংস্কৃতিক অনুষ্ঠান আৰু বিধায়ক বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ ৰবীন্দ্র স্মৃতি মঞ্চৰ সভাপতি দেবব্রত দত্ত আৰু …

অধিক »

জনীয়াৰ কালামপুৰত নাওঁ দুৰ্ঘটনাত একেটা পৰিয়ালৰ ৪ জনসহ মুঠ ৫ জন সন্ধানহীন

গণবাৰ্তা,য’তিগাওঁ ১৩ আগষ্টঃ  ঈদৰ দিনা অৰ্থাৎ ১২ আগষ্টৰ আবেলি জনীয়া সমষ্টিৰ অন্তৰ্গত কলগাছিয়া আৰক্ষী থানাৰ এলেকাধীন কালামপুৰ গাঁৱত এক হৃদয়বিদাৰক ঘটনা সংঘটিত হয়। কালামপুৰ গাঁৱৰ পৰা কালামপুৰ চৰলৈ বেঁকী নৈৰ মাজেৰে গৈ থকা অৱস্থাত হঠাতে হোৱা ধুমুহাত  টুলুঙা নাও দুৰ্ঘটনা হৈ একেটা পৰিয়ালৰ ৪ জন সহ মুঠ ৫ জন লোক …

অধিক »

এনআৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা ব্লেক মেইলিঙৰ বলি হৈছে : সংবাদমেলত আব্দুল খালেক

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১০ আগষ্ট : এনআৰচিৰ শুনানিক লৈ শেহতীয়াকৈ ৰাজ্যত চলি থকা বিসংগতিক লৈ সৰৱ হৈ পৰিছে বৰপেটা লোকসভাৰ সাংসদ আব্দুল খালেক। ন্যায়ালয়ৰ নিৰ্দেশনাক অৱমাননা কৰি এটা নিশাৰ ভিতৰতেই হাজাৰ হাজাৰ শুনানিৰ জাননী প্ৰেৰণ কৰা বিষয়টোক লৈ সাংসদগৰাকীয়ে উল্লেখ কৰি কয় যে এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা ব্লেক মেইলিঙৰ বলি …

অধিক »

পাঁচ সহস্ৰাধিক দুৰ্ভগীয়া লোকক শুশ্ৰূষা কৰিলে যোৰহাটৰ সমাজ কৰ্মী যুৱক বৃন্দই

 ষ্টাফ ৰিপৰ্টাৰ , যোৰহাট ৭ আগষ্ট : ” মানুহে মানুহৰ বাবে  যদিহে অকণো নেভাৱে ,অকনি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া ,, ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ এই গীতটোৰ সম্পূৰ্ণ মূল্যায়ণ কৰিলে তথা আখৰে আখৰে পালন কৰিলে যোৰহাটৰ এদল মানৱদৰদী যুৱক বৃন্দই । বিগত তিনি দিনত দিনে নিশাই এচাম দুৰ্ভগীয়ালোকৰ বাবে সময়ৰ …

অধিক »

মাজুলীত নৈপৰীয়া ২৮ ৰাজহ গাঁও বানৰ কৱলত, ৯৬৭ হেক্টৰ কৃষিভূমি জলমগ্ন,

পৰাণজ্যোতি বৰা, মাজুলী, ১০ জুলাই : মাজুলীত বানত প্ল­াৱিত হৈছে বহুকেইখন ৰাজহ গাঁও। ন ন গাঁও এতিয়া বানৰ কবলত পৰাৰ খবৰ আহিছে। বৰ্তমানলৈকে বান পৰিস্থিতি বিশেষ উদ্বেগজনক হৈ পৰা নাই যদিও ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী আৰু ৰঙানদী বান্ধৰ পৰা এৰি দিয়া পানীৰে ওফন্দি উঠা সোৱণশিৰিৰ বানৰ কবলত পৰিছে জিলাখনৰ ভালেকেইটা চাপৰিসহ …

অধিক »

বৰপেটাত বিনামূলীয়া ডায়েলাইছিছ কেন্দ্ৰৰ শুভাৰম্ভ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ূষ হাজৰিকাৰ

গণ বাৰ্তা বিশেষ, বৰপেটা, ৫ জুলাই ঃ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়েলাইছিছ আঁচনিৰ অধীনত আজি বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত বিনামূলীয়া ডায়েলাইছিছ কেন্দ্ৰটো ৰাইজৰ সুবিধাৰ্থে মুকলি কৰা হয়। এই কেন্দ্ৰটো আনুষ্ঠানিকভাবে মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীয়ূষ হাজৰিকাই। এই উদ্দেশ্যে চিকিৎসা মহাবিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হয় বিনামূলীয়া …

অধিক »

ৰাজ্যজুৰি ঈদৰ উছাহ, বজাৰত উভৈনদী বিভিন্ন খাদ্য, ৰং-বিৰঙী কাপোৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী : ঈদ-উল-ফিতৰক লৈ সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত ব্যাপক উৎসাহ-উদ্দীপনা বিৰাজ কৰা পৰিলক্ষিত হৈছে। এমাহ জোৰা ৰোজাৰ অন্তত অহা বুধবাৰে উদ্‌যাপন কৰিব পৱিত্ৰ ঈদ-উল-ফিতৰ। ঈদলৈ আৰু হাতত দুটা দিন বাকী থকা অৱস্থাত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত ব্যাপক উৎসাহৰ লগতে ঈদৰ প্ৰস্তুতি আৰম্ভ হোৱা পৰিলক্ষিত …

অধিক »

অচিৰেই বৰপেটালৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আথেৱাল , চৰাঞ্চল উন্নয়নত গুৰুত্ব মোদী মন্ত্ৰীসভাৰ

পুলেন্দ্ৰ দাস, বৰপেটা, ৩১ মে’ : দ্বিতীয়বাৰৰ বাবে কালি প্ৰধানমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰা নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীসভাত এইবাৰো গুৰুত্বপূৰ্ণ দপ্তৰ লাভ কৰা ৰিপাব্লিকান পাৰ্টী অৱ ইণ্ডিয়া(এ)ৰ ৰাষ্ট্ৰীয় সভাপতি ৰামদাস আঠাৱালেক কালি নতুন দিল্লীত সাক্ষাৎ কৰে দলটোৰ ৰাজ্যিক সাধাৰণ সম্পাদক(প্ৰশাসন) ৰেজাউল কৰিমে । এক বিজ্ঞপ্তিত এই কথা জানিবলৈ দিয়ে দলটোৰ ৰাজ্যিক সাধাৰণ সম্পাদকগৰাকীয়ে …

অধিক »