শেহতীয়া খবৰ
Home / Tag Archives: Chief Minister

Tag Archives: Chief Minister

দেশী-বিদেশী পৰ্যটকক আদৰিবলৈ সাজু বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা

গণ বাৰ্তা, কাজিৰঙা, ১২ অক্টোবৰ : উদুলি-মুদুলি আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পদূলি । অৱশেষত সকলো জল্পনা-কল্পনাৰ ওৰ পেলাই আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আনুষ্ঠানিকভাৱে মুকলি কৰা হয় । নতুন পৰ্যটন বৰ্ষক আদৰিবলৈ সাজু হৈছে উদ্যান কৰ্তৃপক্ষৰ লগতে সমগ্ৰ কাজিৰঙাবাসী। বিগত সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনত হোৱা প্ৰলয়ংকৰী বানৰ তাণ্ডৱত উদ্যানখনত …

অধিক »

কপিলী জলবিদ্যুৎ প্ৰকল্পত সংঘটিত ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

দক্ষিণ অসম মণ্ডলৰ আৰক্ষী মহাপৰিদৰ্শক পি কে দত্তক ঘটনাৰ তদন্তৰ দায়িত্ব ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১১ অক্টোবৰ : ডিমা হাছাও জিলাৰ উমৰাংছুত থকা কপিলী জলবিদ্যুৎ প্ৰকল্পত সংঘটিত দুৰ্ঘটনা সম্পৰ্কত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি নীপ্‌কো কৰ্তৃপক্ষৰ সৈতে ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত এক আলোচনাত মিলিত হয়। ৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়াৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই বৈঠকত …

অধিক »

জিএছটি সম্পৰ্কত বিভিন্ন ব্যৱসায়িক সংগঠনৰ প্ৰতিনিধিৰে মুখ্যমন্ত্ৰীৰ বৈঠক

গুৱাহাটী, ৯ অক্টোবৰ : ৰাজ্যখনৰ আৱাসন খণ্ডৰ অধিক বিকাশ সাধনৰ বাবে বৰ্তমানে থকা বিল্ডিং বাই লখনত যি আসোঁৱাহ আছে, সেইবোৰ দূৰীকৰণৰ সকলো ব্যৱস্থা সংযোজন কৰি এখন সময় সাপেক্ষে বিল্ডিং বাই ল অহা ৩১ অক্টোবৰৰ ভিতৰত প্ৰস্তুত কৰিবলৈ গুৱাহাটী উন্নয়ন বিভাগক আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰ্দেশ দিয়ে। আনহাতে এফৰডেবোল হাউছিঙৰ অধীনত গৃহ …

অধিক »

আউনীআটী বিদ্যা নিকেতনৰ শুভ উদ্বোধন অনুষ্ঠানত মুখ্যমন্ত্ৰী সোণোৱাল

গুৱাহাটী, ৫ অক্টোবৰ : ‘বৰ্তমান যুগত মূল্যবোধৰ অভাৱ ঘটিছে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰে মানৱ সমাজ আগবাঢ়ি গ’লেও মানৱীয় অনুভূতি আৰু শিষ্টাচাৰ ক্ৰমান্বয়ে কমিবলৈ ধৰিছে। মানৱীয় প্ৰমূল্যবোধৰ দৈন্যই সমাজত বিভিন্ন সমস্যাৰ সৃষ্টি কৰিছে। এনে প্ৰেক্ষাপটত গুণগত শিক্ষাৰ জৰিয়তেহে উন্নত মানৱ সম্পদ গঢ় দি এই সমস্যাসমূহ নিৰাময় কৰা সম্ভৱ।’ আজি ডিব্ৰুগড় নগৰৰ মানকটাৰ কছাৰীবাৰীস্থিত …

অধিক »

চাবুৱাৰ মিৰিগাঁও টেঙাবাৰীৰ গৰাখহনীয়া পৰিদৰ্শন

দ্ৰুত গতিত গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ জলসম্পদ বিভাগক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ গুৱাহাটী, ৫ অক্টোবৰ : মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড় জিলাৰ চাবুৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত মুলুক গাঁৱৰ পৰা নাৱৰে গৈ মিৰিগাঁও টেঙাবাৰীত উপস্থিত হৈ ডিব্ৰু নৈয়ে অঞ্চলটোত সৃষ্টি কৰা গৰাখহনীয়াৰ বুজ লয়। মুখ্যমন্ত্ৰী সোণোৱালে গৰাখহনীয়া ৰোধৰ বাবে জলসম্পদ বিভাগে গ্ৰহণ কৰা পদক্ষেপসমূহৰো পৰ্যালোচনা …

অধিক »

মুখ্যমন্ত্ৰীয়ে অসমক ভাৰতবৰ্ষৰ বুকুত চিণ্ডিকেট প্ৰধান ৰাজ্য হিচাপে গঢ়ি তুলিব বিচাৰিছে : কংগ্ৰেছ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১ ছেপ্টেম্বৰ : মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৃষ্ঠপোষকতাত উজনি অসমৰ বিশেষকৈ তিনিচুকীয়া জিলাৰ আপুৰুগীয়া বৰ্ষাৰণ্য আৰু বনাঞ্চল এফালৰ পৰা ধবংস কৰি চাৰিওফালে অবৈধ কয়লা খনন আৰু সম্পূৰ্ণভাৱে পুলিচ প্ৰশাসনৰ সহযোগিতাত যে কয়লা ছিণ্ডিকেট চলি আছে সেয়া বিগত এবছৰে কংগ্ৰেছে তথ্য সহকাৰে অভিযোগ উত্থাপন কৰি আহিছে। কিন্তু বিজেপিৰ মুখপাত্ৰসকলে উক্ত …

অধিক »

একোটা অঞ্চলৰ সঠিক উন্নয়নৰ বাবে শক্তিশালী বৌদ্ধিক ধ্যান-ধাৰণাৰ প্ৰয়োজন ঃ মুখ্যমন্ত্ৰী

শ্ৰীশ্ৰীমাধৱদেৱ বঁটান প্ৰদান কৰি মাধৱদেৱ বিশ্ববিদ্যালয়ৰ আনুষ্ঠানিক শুভাৰম্ভ গুৱাহাটী, ২৩ ছেপ্টেম্বৰ : আজি অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু লখিমপুৰ জিলা প্ৰশাসনৰ সহযোগত লখিমপুৰ জিলাৰ নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সত্ৰীয়া সংস্কৃতিৰ অন্যতম সাধক তথা শ্ৰীশ্ৰীমায়ামৰা দিনজয় সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী যোগদানন্দ চন্দ্ৰ গোস্বামী আৰু বিশিষ্ট …

অধিক »

কোকৰাঝাৰৰ আৰক্ষী অধীক্ষকৰ কাণ্ডৰ তদন্ত ঘোষণা মুখ্যমন্ত্ৰীৰ ঃ নামনি অসমৰ আয়ুক্ত মীনাক্ষী সুন্দৰমক তদন্তৰ দায়িত্ব

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২১ ছেপ্টেম্বৰ : কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক ৰাজেন সিãৰ শেহতীয়া এক কাণ্ডই এতিয়া দিছপুৰত জোকাৰণিৰ সৃষ্টি কৰিছে। দণ্ডাধীশ শৈলেন দত্ত দাসক সুৰামত্ত অৱস্থাত হোটেলৰ ভিতৰৰ পৰা চোঁচৰাই আনি আৰক্ষী অধীক্ষক ৰাজেন সিঙে বৰ্বৰভাৱে প্ৰহাৰ কৰা ঘটনাই সৰ্বত্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। কোকৰাঝাৰৰ হোটেলত সংঘটিত এই ঘটনাৰ ভাইৰেল ভিডিঅ’ই এতিয়া ছ’চিয়েল …

অধিক »

জনীয়া-কলগাছিয়াত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিমূৰ্তি দাহ

গণবাৰ্তা, য’তিগাওঁ ১৮ ছেপ্টেম্বৰ : জনীয়াৰ কাদঙ আৰু কলগাছিয়াত ৰাজ্যৰ গৃহ বিভাগৰ দায়িত্বত থকা মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰে কলগাছিয়া কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু নিখিল ভাৰত কৃষক সভা জনীয়া আঞ্চলিক সমিতিয়ে। যোৱা ৯ চেপ্টেম্বৰত দৰং জিলাৰ বুঢ়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মহেন্দ্ৰ শৰ্মাই গুৱাহাটীৰ পৰা তিনি গৰাকী মহিলাক …

অধিক »

মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাত চলিছে কয়লা ছিণ্ডিকেট : সাংসদ প্ৰদ্যুত বৰদলৈ

মাৰ্ঘেৰিটাত এন আৰ চিৰ সন্দৰ্ভত কংগ্ৰেছৰ সজাগতা সভা গণ বাৰ্তা, লেখাপানী, ১৫ ছেপ্টেম্বৰ : এনআৰ চিৰ সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ শীৰ্ষ মহলৰ এটি ৫৫জনীয়া দল আজি উপস্থিত হয় মাৰ্ঘেৰিটা মহকুমাত। এই দলটোত উপস্থিত আছিল অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰা, বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া, নগাঁও …

অধিক »