শেহতীয়া খবৰ
Home / Tag Archives: Guwahati

Tag Archives: Guwahati

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ১৫৫তম জন্ম জয়ন্তী উদ্‌যাপনৰ প্ৰস্তুতি মহানগৰীত

মহানগৰ প্ৰতিবেদক : সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ১৫৫সংখ্যক জন্মজয়ন্তী উদ্‌যাপনৰ প্ৰস্তুতি আৰম্ভ হৈছে মহানগৰীত। সোমবাৰে গুৱাহাটী মহানগৰীত উলহ-মালহেৰে ড×দ্‌যাপন কৰা হ’ব সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ১৫৫সংখ্যক জন্মজয়ন্তী। আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৃতিৰক্ষা সমিতিয়ে উল্লেখ কৰা অনুসৰি জন্মজয়ন্তী উপলক্ষে মহানগৰীত আয়োজন কৰা হৈছে বিভিন্ন কাৰ্যসূচী। সোমাবাৰে দিনজোৰা …

অধিক »

জিএছটি সম্পৰ্কত বিভিন্ন ব্যৱসায়িক সংগঠনৰ প্ৰতিনিধিৰে মুখ্যমন্ত্ৰীৰ বৈঠক

গুৱাহাটী, ৯ অক্টোবৰ : ৰাজ্যখনৰ আৱাসন খণ্ডৰ অধিক বিকাশ সাধনৰ বাবে বৰ্তমানে থকা বিল্ডিং বাই লখনত যি আসোঁৱাহ আছে, সেইবোৰ দূৰীকৰণৰ সকলো ব্যৱস্থা সংযোজন কৰি এখন সময় সাপেক্ষে বিল্ডিং বাই ল অহা ৩১ অক্টোবৰৰ ভিতৰত প্ৰস্তুত কৰিবলৈ গুৱাহাটী উন্নয়ন বিভাগক আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰ্দেশ দিয়ে। আনহাতে এফৰডেবোল হাউছিঙৰ অধীনত গৃহ …

অধিক »

উত্তৰ গুৱাহাটীৰ সমাজহিতৈষী নাগৰিক অৱনী বৰদলৈৰ স্মৃতিচাৰণ সভা সম্পন্ন। 

পঙ্কজ নাথ, চাংসাৰি, ৯ অক্টোবৰ: উত্তৰ গুৱাহাটীৰ মধ্যমখণ্ড নিৱাসী প্ৰয়াত সমাজহিতৈষী ব্যক্তি-সচেতন নাগৰিক অৱনী বৰদলৈৰ প্ৰথম মৃত্যু বার্ষিকী উপলক্ষে কালি মঙলবাৰে প্ৰয়াত বৰদলৈৰ বাসভৱনত এখন স্মৃতিচাৰণ সভা সম্পন্ন হৈ যায়।স্মৃতিচাৰণ সভাৰ আৰম্ভণিতে প্ৰয়াত অৱনী বৰদলৈৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি নিবেদন কৰে পৰিয়ালবৰ্গৰ লগতে উপস্থিত লোকসকলে। প্ৰথমতে, প্ৰয়াত বৰদলৈৰ সহধৰ্মিনী কবি কুসুম বৰদলৈয়ে প্ৰয়াত …

অধিক »

গুৱাহাটীৰ হাতীগাঁৱত অসম ইছলামিক সাহিত্য সভাৰ বৈঠক

গণ বাৰ্তা, খাৰুপেটীয়া, ৫ অক্টোবৰ : ইছলামিক সাহিত্যৰ প্ৰসাৰ আৰু বিকাশ, শিক্ষা, কলা-সংস্কৃতি তথা সৰ্বাংগীণ উন্নয়নৰ হকে গঠিত (তদৰ্থ) অসম ইছলামিক সাহিত্য সভাৰ এখন জৰুৰী সভা আজি গুৱাহাটীৰ হাতীগাঁৱৰ আল হালাল ডাইনিং প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। সাহিত্য সভাৰ সভাপতি তথা অৱসৰী কেন্দ্ৰীয় অসামৰিক প্ৰশাসনিক বিষয়া আলহাজ শ্বেইখ ইফতিখাৰ হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত …

অধিক »

২২-২৩ অক্টোবৰত গুৱাহাটীৰ ইণ্ডো বাংলাদেশ বিজনেছ ছামিটঃ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ঘোষণা

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৪ অক্টোবৰ : ‘এডভান্টেজ অসম’ৰ পিছত বিনিয়োগক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে আজি উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সংবাদমেল পাতি স্থিতি স্পষ্ট কৰে। জনতা ভৱনত আয়োজিত এক সংবাদমেলত মন্ত্ৰী পাটোৱাৰীয়ে কয় যে এডভান্টেজ অসমৰ পিছত ৭৯,০০০ কোটি টকা বিনিয়োগৰ বাবে চুক্তি স্বাক্ষৰিত হৈছে। উক্ত চুক্তিৰ ভিত্তিতে ইতিমধ্যে কেৱল উদ্যোগ …

অধিক »

স্বেচ্ছাসেৱী অনুষ্ঠান “হেঁপাহ″ৰ উদ্যোগত  প্লাষ্টিক বৰ্জনৰ এক অভিযান আৰম্ভ

পৰিষ্কাৰ পৰিচন্নতাই আমাৰ দেহ মন সুস্থ কৰি ৰখাত সহায় কৰে : ননী বৰপূজাৰী গুৱাহাটী, ২ অক্টোবৰ : স্বেচ্ছাসেৱী অনুষ্ঠান “হেঁপাহ″ৰ উদ্যোগত বুধবাৰে  প্লাষ্টিক বৰ্জনৰ এক অভিযান আৰম্ভ হয়।   মহানগৰীৰ গণেশগুৰিৰ বি. কে টাৱাৰৰ বিপৰীতে পাচলি বজাৰৰ কাষত অনুষ্ঠিত এই অনুষ্ঠানত প্ৰখ্যাত চিত্ৰকাৰ তথা ভাস্কৰ্য শিল্পী ননী বৰপুজাৰীয়ে বিশিষ্ট অতিথি হিচাপে উপস্থিত …

অধিক »

আগন্তুক তিনিদিনলৈ মেঘাচ্ছন্ন আকাশ : পূজাত বিধি-পথালি দিব বতৰে

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১ ছেপ্টেম্বৰ : শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাথোঁ চাৰিটা দিন বাকী থকা অৱস্থাত ৰাজ্যৰ কেউপিনে উৎসাহ-উদ্দীপনা পৰিলক্ষিত হৈছে যদিও বেয়া বতৰৰ বাবে পূৰ্বৰ তুলনাত স্তিমিত হৈ পৰিছে পূজা আয়োজনৰ কাৰ্য। বেয়া বতৰৰ বাবে মণ্ডপ নিৰ্মাণকে আদি কৰি বিভিন্ন আনুষংগিক কাৰ্য সম্পাদন কৰাৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হ’বলগীয়াত পৰিছে পূজা সমিতিসমূহ। …

অধিক »

৩১ অক্টোবৰ পৰা ৬ নবেম্বৰলৈ মহানগৰীত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ

৬৫খন দেশৰ এশৰো অধিক ছবি প্ৰদৰ্শন কৰা হ’ব : মন্ত্ৰী নৱ দলে মহানগৰ প্ৰতিবেদক, ৩০ ছেপ্টেম্বৰ : ২-৩ কোটি টকা ব্যয়ৰে ৰাজ্য চৰকাৰে আয়োজন কৰিবলৈ ওলাইছে তৃতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ। এই ছবি মহোৎসৱত ৬৫খন দেশৰ এশখনৰো অধিক ছবি প্ৰদৰ্শন কৰা হ’ব।  সংবাদ মেল যোগে এই কথা ঘোষণা কৰিছে সাংস্কৃতিক বিভাগৰ মন্ত্ৰী …

অধিক »

২৬-২৯ ছেপ্টেম্বৰৰ পৰা গুৱাহাটীত ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলছ্‌

মহানগৰ প্ৰতিবেদক : ২৬ৰ পৰা ২৯ ছেপ্টেম্বৰলৈ গুৱাহাটীত অনুষ্ঠিত হ’ব ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেল্‌ছ। চাৰিদিনীয়াকৈ আয়োজন হ’বলগীয়া এই ছবি মহোৎসৱত বিভিন্ন ভাষাৰ ছবি প্ৰদৰ্শন হোৱাৰ সমান্তৰালকৈ ১৫খন চুটি ছবি প্ৰদৰ্শন কৰা হ’ব। আজি এই কথা ঘোষণা কৰিছে ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেল্‌ছৰ আয়োজকে। আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদমেলত আয়োজকে …

অধিক »

পদ্মশ্ৰী ডাঃ ইলিয়াছ, সহিত্যিক ড০ লক্ষ্মীনন্দন বৰা, গিলবাৰ্টচন চাংমাক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২২ ছেপ্টেম্বৰ : বিজেপিৰ জনসম্পৰ্ক অভিযানৰ অংশ হিচাপে ৰাজ্যিক নেতৃত্বই এজনৰ পিছত এজনকৈ বিশিষ্ট ব্যক্তিক সাক্ষাৎ কৰি মত বিনিময় অব্যাহত ৰাখিছে। তাৰে এক অংশ হিচাপে আজি কেন্দ্ৰীয় ক্ৰিড়া, যুৱ কল্যাণ আৰু সংখ্যালঘু পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী কিৰেণ ৰিজিজুৱে গুৱাহাটীত উপস্থিত হৈ পদ্মশ্ৰী ডাঃ ইলিয়াছ আলীৰ সিজুবাৰীস্থিত বাসগৃহত মত বিনিময় …

অধিক »