শেহতীয়া খবৰ
Home / Tag Archives: Nagaon

Tag Archives: Nagaon

নগাঁৱত ব্যাতিক্ৰমী বিনামূলীয়া চকু চিকিৎসা শিবিৰ : নিজ মাতৃৰ মৃত্যু বাৰ্ষিকী উপলক্ষে মহিলাৰ প্ৰশংসনীয় পদক্ষেপ

ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ১৯ আগষ্ট : নগাঁও জিলাৰ ননৈ অঞ্চলৰ এগৰাকী মহিলাই এক ব্যতিক্ৰমী ৰূপত পালন কৰা নিজ মাতৃৰ প্ৰথম মৃত্যু বাৰ্ষিকী অনুষ্ঠানে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, ননৈৰ বাসিন্দা বি কে মৃদুমনি নামৰ মহিলা গৰাকীৰ মাতৃ প্ৰয়াত হেমপ্ৰভা কলিতাৰ প্ৰথম মৃত্যু বাৰ্ষিকী অনুষ্ঠানত বিশেষ অনুষ্ঠানৰ …

অধিক »

বিশেষ নিউজ ৰিপ’ৰ্ট | পাহৰণিৰ গৰ্ভত প্ৰাক স্বাধীনতা কালৰ অসম বিধান সভাৰ প্ৰথম গৰাকী উপাধ্যক্ষ মৌলবী আমিৰ উদ্দিন

অসমক ভাৰতৰ লগত থকাৰ সপক্ষে ভোটদান কৰা নেতাৰ পৰিয়াল এতিয়া আৰ্থিক দৈন্যতাত ভুগিছে ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ১৪ আগষ্টঃ  সমগ্ৰ ভাৰতবৰ্ষই ৭৩ সংখ্যক স্বাধীনতা দিৱসটি উলহ মাহলেৰে তিনিদিনীয়কৈ পালন কৰি থকাৰ সময়তে প্ৰাক স্বাধীনোত্তৰ কালৰ অসম বিধান সভাৰ প্ৰথম গৰাকী উপাধ্যক্ষ মৌলবী মহম্মদ আমিৰ উদ্দিনৰ পৰিয়াল ৰজা ঘৰ-প্ৰজা ঘৰৰ দ্বাৰা চৰম …

অধিক »

 শাওণৰ পথাৰত বটদ্ৰৱাৰ বিধায়িকাঃ পথাৰত ৰোৱনীৰ ৰূপত  বিধায়িকা আঙুৰলতাক ডেকা  

ছাইদুল ইছলাম, ধিং, ১০ আগষ্ট : বিভিন্ন সময়ত ভিন্ন ৰূপত বিশেষভাৱে  চৰ্চা লাভ কৰি আহিছে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই। কেতিয়াবা যদি ফুটবল খেলি, কেতিয়াবা আকৌ  বিহু হুচৰি, ৰাস নৃত্য, বৰষি বাই, বাইক চলাই, স্কুটি চলাই আদি বিভিন্ন ৰূপত দেখিবলৈ পোৱা যায় বিধায়িকা আঙুৰলতা ডেকাক। শনিবাৰেও পুনৰ সমষ্টিত আন এক …

অধিক »

অভি-নীল হত্যাকাণ্ডৰ শুনানি স্থগিত : ১৭আগষ্টত পৰৱৰ্তী শুনানি

সাক্ষীক বিপথে পৰিচালিত কৰাক লৈ অসন্তুষ্টি ব্যক্ত অভি-নীলৰ পিতৃৰ ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ৮ আগষ্ট : সমগ্ৰ দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ আজি নগাঁও জিলা ও সত্ৰ ন্যায়ধীশৰ আদালতত শুনানিৰ দিন আছিল যদিও গোচৰীয়া পক্ষৰ আবেদনৰ ভিত্তিত নগাঁৱৰ আদলতে ঘটনাৰ চাক্ষুস সাক্ষীৰ শুনানি স্থগিত ৰাখে। বিগত বৰ্ষৰ ৮ জুনত কাৰ্বিআংলং জিলাৰ ডকমকাত …

অধিক »

নগাঁৱৰ ধিঙত দুৰ্ধৰ্ষ গড়ৰ চোৰাং চিকাৰীক গ্ৰেপ্তাৰ

অস্ত্ৰ-শস্ত্ৰসহ সজীৱ গুলি উদ্ধাৰ ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ৬ আগষ্টঃ নগাঁও আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই ধিঙৰ খৈৰাবাৰীৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰসহ এটা দুৰ্ধৰ্ষ গড়ৰ চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত চোৰাং চিকাৰীটোৰ নাম ওৱাহাব আলী( ৪২)। আৰক্ষী সুত্ৰে জনা মতে, নগাঁও আৰক্ষীয়ে এপষেক পুৰ্বে দৰং জিলাৰ ওৰাং ৰাষ্ট্ৰীয় …

অধিক »

নগাঁৱত ভুপেন হাজৰিকা সোঁৱৰণী চিত্ৰ কৰ্মশালা আৰু চিত্ৰাংকন প্ৰতিযোগিতা সম্পন্ন 

ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ৩১ জুলাইঃ গুৱাহাটীৰ ক্ৰিয়েটিভ আইজৰ উদ্যোগত সদৌ অসম ভিত্তিত সুধাকণ্ঠ ভূপেন হাজৰিকা সোঁৱৰণি চিত্ৰ কৰ্মশালা আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ আঞ্চলিক অনুষ্ঠানটি আজি নগাঁও চহৰৰ নগাঁও বেঙ্গলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয় ৷ গুৱাহাটী ক্ৰিয়েটিভ আইজৰ সঞ্চালক প্ৰসিদ্ধ চিত্ৰ ভাস্কৰ্য শিল্পী দাদুল চলিহাই শিশুসকলৰ বাবে চিত্ৰশিল্পৰ এটি মাধ্যমৰ ওপৰত …

অধিক »

দৰিদ্ৰতাৰ বাবেই নিজৰ ঔৰষজাত দুই সন্তানক এৰি থৈ গ’ল নগাঁৱৰ বাইপাছ চ’কত

ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ৯ জুলাই ঃ মানৱতাক ভুলুণ্ঠিত কৰা এক জঘন্য ঘটনা সংঘটিত হৈছে নগাঁৱত। দৰিদ্ৰতাৰ বাবে পৰিয়াল পোহপাল দিবলৈ অসমৰ্থ এজন হৃদয়হীন পিতৃয়ে নিজৰ ঔৰসজাত দুই কণমানি শিশু সন্তানক বোজা জ্ঞান কৰি কালি নিশা নগাঁও চহৰৰ পাৰ্শ্বৱৰ্তী উৰিয়াগাঁৱৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ বাইপাছৰ চ’কত এৰি থৈ যায়। এই ঘটনাই কঁপাই …

অধিক »

নগাঁৱত চিপ লৈ মেধাৱী ছাত্ৰীৰ আত্মহত্যা

ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ১০ জুন ঃ নগাঁও সদৰ আৰক্ষী থানাৰ অন্তৰ্গত উত্তৰ বেঙেনাআটিত আজি দুপৰীয়া প্ৰায় ১ বজাত এগৰাকী মেধাৱী ছাত্ৰীয়ে চিপজৰী লৈ আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে আজি দুপৰীয়া আফচানা বিনটিন চৌধুৰী (১৯) নামৰ স্নাতক দ্বিতীয় বৰ্ষৰ ছাত্ৰীগৰাকীয়ে ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি নিজে …

অধিক »

ৰাজনীতি কৰা লোকৰ হৃদয়ত বিন্দুমাত্ৰও কৰুণাৰ ভাব নাই

নগাঁৱত মানৱ সেৱা সংস্থা কৰুণাধাৰাৰ সজাগতা সভাত হোমেন বৰগোহাঞিž ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ৯ জুন ছ নগাঁৱৰ শ্বহীদ ভৱনত ৰাজ্যৰ অগ্ৰণী মানৱ সেৱা সংস্থা কৰুণাধাৰাৰ এখন সজাগতা সভাত অংশগ্ৰহণ কৰি প্ৰসিদ্ধ সাহিত্যিক হোমেন বৰগোহাঞিয়ে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লগতে ৰাজ্যৰ আন বৃহৎ অনুষ্ঠানসমূহলৈ এই আহ্বান জনাই কয়- ‘শংকৰ সংঘ ইমান এটা বিশাল অনুষ্ঠান। …

অধিক »

নগাঁৱত গ্ৰাহকৰ একাউণ্ট নম্বৰৰ পৰা হেকাৰে লুটিলে ৭ লক্ষাধিক টকা 

ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ২৮ মে’ : বিগত কিছুদিন ধৰি নগাঁও চহৰত চিলনী চোৰৰ সন্ত্ৰাস অব্যাহত থকাৰ সময়ত কালি এজন লোকে এ টি এমৰ পৰা ধন উলিয়াই অনাত সহায় কৰি দিয়াৰ চলেৰে এটা দুৰ্বৃত্তই এগৰাকী মহিলাৰ ধন কৌশলেৰে উলিয়াই নিয়াৰ পিছত এইবাৰ এ টি এম হেকাৰৰ কবলত পৰিল এগৰাকী অৱসৰপ্ৰাপ্ত প্ৰধান …

অধিক »