শেহতীয়া খবৰ
Home / Tag Archives: Sarbananda Sonowal

Tag Archives: Sarbananda Sonowal

বিপ্লৱী কমিউনিষ্ট নেতা কমৰেড অম্বু বৰাৰ দেহাৱসান ঃ মুখ্যমন্ত্ৰীৰ লগতে দল-সংগঠনৰ শোক প্ৰকাশ

মহানগৰ প্ৰতিবেদক, ১৫ অক্টোবৰ : আজীৱন কমিউনিষ্ট ৰাজনীতি কৰা কমৰেড অম্বু বৰাই শেষ নিশ্বাস ত্যাগ কৰিলে। আজি দিনৰ ১১ বজাত বিপ্লৱী কমিউনিষ্ট নেতাগৰাকীয়ে বাৰ্ধক্যজনিত কাৰণত মহানগৰীৰ গণেশগুৰিস্থিত নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে। ৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰা সৈনিক শিল্পী বিষু্ণ ৰাভাৰ সংগ্ৰামী সতীৰ্থ অম্বু বৰাই ইহসংসাৰত এৰি যায় …

অধিক »

নুমলীগড় শোধনাগাৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ প্ৰেৰণ মুখ্যমন্ত্ৰীৰ

গুৱাহাটী  : নুমলীগড় শোধনাগাৰৰ সৰ্বাধিক অংশীদাৰিত্ব থকা ভাৰত পেট্ৰ’লিয়াম কৰ্পোৰেচন লিমিটেড (বিপিচিএল) ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ হোৱাৰ যি বাতৰি প্ৰকাশ পাইছে তাৰ আলমত নুমলীগড় শোধনাগাৰো ভৱিষ্যতে ব্যক্তিগত খণ্ডলৈ যাব নেকি এই আশংকা দূৰ কৰাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাৰত চৰকাৰলৈ এক বিশেষ পত্ৰ প্ৰেৰণ কৰিছে।

অধিক »

দেশী-বিদেশী পৰ্যটকক আদৰিবলৈ সাজু বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা

গণ বাৰ্তা, কাজিৰঙা, ১২ অক্টোবৰ : উদুলি-মুদুলি আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পদূলি । অৱশেষত সকলো জল্পনা-কল্পনাৰ ওৰ পেলাই আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আনুষ্ঠানিকভাৱে মুকলি কৰা হয় । নতুন পৰ্যটন বৰ্ষক আদৰিবলৈ সাজু হৈছে উদ্যান কৰ্তৃপক্ষৰ লগতে সমগ্ৰ কাজিৰঙাবাসী। বিগত সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনত হোৱা প্ৰলয়ংকৰী বানৰ তাণ্ডৱত উদ্যানখনত …

অধিক »

কপিলী জলবিদ্যুৎ প্ৰকল্পত সংঘটিত ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

দক্ষিণ অসম মণ্ডলৰ আৰক্ষী মহাপৰিদৰ্শক পি কে দত্তক ঘটনাৰ তদন্তৰ দায়িত্ব ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১১ অক্টোবৰ : ডিমা হাছাও জিলাৰ উমৰাংছুত থকা কপিলী জলবিদ্যুৎ প্ৰকল্পত সংঘটিত দুৰ্ঘটনা সম্পৰ্কত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি নীপ্‌কো কৰ্তৃপক্ষৰ সৈতে ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত এক আলোচনাত মিলিত হয়। ৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়াৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই বৈঠকত …

অধিক »

জিএছটি সম্পৰ্কত বিভিন্ন ব্যৱসায়িক সংগঠনৰ প্ৰতিনিধিৰে মুখ্যমন্ত্ৰীৰ বৈঠক

গুৱাহাটী, ৯ অক্টোবৰ : ৰাজ্যখনৰ আৱাসন খণ্ডৰ অধিক বিকাশ সাধনৰ বাবে বৰ্তমানে থকা বিল্ডিং বাই লখনত যি আসোঁৱাহ আছে, সেইবোৰ দূৰীকৰণৰ সকলো ব্যৱস্থা সংযোজন কৰি এখন সময় সাপেক্ষে বিল্ডিং বাই ল অহা ৩১ অক্টোবৰৰ ভিতৰত প্ৰস্তুত কৰিবলৈ গুৱাহাটী উন্নয়ন বিভাগক আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰ্দেশ দিয়ে। আনহাতে এফৰডেবোল হাউছিঙৰ অধীনত গৃহ …

অধিক »

আউনীআটী বিদ্যা নিকেতনৰ শুভ উদ্বোধন অনুষ্ঠানত মুখ্যমন্ত্ৰী সোণোৱাল

গুৱাহাটী, ৫ অক্টোবৰ : ‘বৰ্তমান যুগত মূল্যবোধৰ অভাৱ ঘটিছে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰে মানৱ সমাজ আগবাঢ়ি গ’লেও মানৱীয় অনুভূতি আৰু শিষ্টাচাৰ ক্ৰমান্বয়ে কমিবলৈ ধৰিছে। মানৱীয় প্ৰমূল্যবোধৰ দৈন্যই সমাজত বিভিন্ন সমস্যাৰ সৃষ্টি কৰিছে। এনে প্ৰেক্ষাপটত গুণগত শিক্ষাৰ জৰিয়তেহে উন্নত মানৱ সম্পদ গঢ় দি এই সমস্যাসমূহ নিৰাময় কৰা সম্ভৱ।’ আজি ডিব্ৰুগড় নগৰৰ মানকটাৰ কছাৰীবাৰীস্থিত …

অধিক »

চাবুৱাৰ মিৰিগাঁও টেঙাবাৰীৰ গৰাখহনীয়া পৰিদৰ্শন

দ্ৰুত গতিত গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ জলসম্পদ বিভাগক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ গুৱাহাটী, ৫ অক্টোবৰ : মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড় জিলাৰ চাবুৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত মুলুক গাঁৱৰ পৰা নাৱৰে গৈ মিৰিগাঁও টেঙাবাৰীত উপস্থিত হৈ ডিব্ৰু নৈয়ে অঞ্চলটোত সৃষ্টি কৰা গৰাখহনীয়াৰ বুজ লয়। মুখ্যমন্ত্ৰী সোণোৱালে গৰাখহনীয়া ৰোধৰ বাবে জলসম্পদ বিভাগে গ্ৰহণ কৰা পদক্ষেপসমূহৰো পৰ্যালোচনা …

অধিক »

Video | কৃষ্ণগুৰু মহাপ্ৰভুৱে জীৱনৰ বাটত ন্যায়, নিষ্ঠাৰে পথৰ সন্ধান দি গৈছে : মুখ্যমন্ত্ৰী

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৪ অক্টোবৰ : ‘কৃষ্ণগুৰু মহাপ্ৰভুৱে জীৱনৰ বাটত ন্যায়, নিষ্ঠাৰে অগ্ৰসৰ হোৱাৰ বাবে আমাক উত্তৰ পথৰ সন্ধান দি গৈছে। বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত আধ্যাত্মিক চিন্তা-চৰ্চাৰে সমন্বয়ৰ বান্ধোন গঢ়ি তোলাৰ দিশতো কৃষ্ণগুৰু মহাপ্ৰভুৱে শক্তিশালী বৰঙনি যোগাই গৈছে। গুৰুবাক্য মানি আমি সকলোৱে আগবাঢ়িব লাগিব। এই ক্ষেত্ৰত কৃষ্ণগুৰু আন্তৰ্জাতিক আধ্যাত্মিক মহিলা সমিতিৰ আই-মাতৃসকলে …

অধিক »

মুখ্যমন্ত্ৰীয়ে অসমক ভাৰতবৰ্ষৰ বুকুত চিণ্ডিকেট প্ৰধান ৰাজ্য হিচাপে গঢ়ি তুলিব বিচাৰিছে : কংগ্ৰেছ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১ ছেপ্টেম্বৰ : মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৃষ্ঠপোষকতাত উজনি অসমৰ বিশেষকৈ তিনিচুকীয়া জিলাৰ আপুৰুগীয়া বৰ্ষাৰণ্য আৰু বনাঞ্চল এফালৰ পৰা ধবংস কৰি চাৰিওফালে অবৈধ কয়লা খনন আৰু সম্পূৰ্ণভাৱে পুলিচ প্ৰশাসনৰ সহযোগিতাত যে কয়লা ছিণ্ডিকেট চলি আছে সেয়া বিগত এবছৰে কংগ্ৰেছে তথ্য সহকাৰে অভিযোগ উত্থাপন কৰি আহিছে। কিন্তু বিজেপিৰ মুখপাত্ৰসকলে উক্ত …

অধিক »

চুপাৰী মাফিয়াৰ ওচৰত শৰণাপন্ন অসম আৰক্ষীৰ, সোণোৱাল চৰকাৰৰ গৃহ বিভাগ অচলঃ অখিল গগৈ

গণ বাৰ্তা, কাজিৰঙা, ২৯ ছেপ্টেম্বৰ : গোলাঘাট জিলাত চুপাৰি মাফিয়াই প্ৰশাসনক নিয়ন্ত্ৰণ কৰে। গৃহ বিভাগৰ অস্তিত্বৰ ওপৰত এতিয়া অসমৰ ৰাইজৰ সন্দেহ হৈছে । কেন্দ্ৰীয় চৰকাৰৰ অধীনত থকা পুণেৰ পৰা অহা ভাৰতীয় ৰাজহ বিভাগৰ দলক গোলাঘাটৰ আধাৰসত্ৰ নিৱাসী আব্দুল হান্নান আলী ওৰফে বাবলুৰ পালিত ভেৰোণীয়া গুণ্ডা বাহিনীয়ে আক্ৰমণ কৰাৰ পিছতো ৰাজ্যখনৰ গৃহ …

অধিক »