
এই ধাৰা আৰোপ কৰা হৈছিল অৰবিন্দ কেজৰিৱাল, হেমন্ত ছোৰেন, মনীষ ছিছ’ডিয়া, সত্যেন্দ্ৰ জৈন আৰু কবিতাসহ কেইবাগৰাকীও নেতাৰ ওপৰত। যাৰ ফলত তেওঁলোকৰ কাৰাগাৰ পৰা ওলাই পৰা কঠিন হৈ পৰিছিল।
নেচনেল হেৰল্ড গোচৰত ইডিয়ে কংগ্ৰেছৰ শীৰ্ষ নেত্ৰী ছোনিয়া গান্ধী আৰু পুত্ৰ ৰাহুল গান্ধীৰ বিৰুদ্ধে প্ৰিভেনশ্যন অব মানী লন্ড্ৰিং এক্ট (PMLA)ৰ অধীনত চাৰ্জশ্বীট দাখিল কৰিছে। এই আইনৰ অধীনত অৰবিন্দ কেজৰিৱালসহ কেইবাগৰাকীও নেতাক গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁলোকে কাৰামুক্ত হ’বলৈ খুবেই কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছিল। তেন্তে ইডিয়ে ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীকো কাৰাগাৰলৈ প্ৰেৰণৰ পৰিকল্পনা কৰিছে নেকি? ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে পিএমএলএৰ ৪৪ আৰু ৪৫ ধাৰাত চাৰ্জশ্বীট দাখিল কৰা হৈছে। ধাৰা- ৪৫ত হাৱালা গোচৰত জামিন লাভ কৰাটো খুব কঠিন হ’ব পাৰে। এই ধাৰা আৰোপ কৰা হৈছিল অৰবিন্দ কেজৰিৱাল, হেমন্ত ছোৰেন, মনীষ ছিছ’ডিয়া, সত্যেন্দ্ৰ জৈন আৰু কবিতাসহ কেইবাগৰাকীও নেতাৰ ওপৰত। যাৰ ফলত তেওঁলোকৰ কাৰাগাৰ পৰা ওলাই পৰা কঠিন হৈ পৰিছিল।
অৰবিন্দ কেজৰিৱালকো দিল্লীৰ সুৰা কেলেংকাৰীত ২১ মাৰ্চ ২০২৪ত হাৱালা গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল। ইডিয়ে দাবী কৰিছে যে কেজৰিৱালে সুৰাৰ অনুজ্ঞাপত্ৰৰ সলনি উপঢৌকণ লৈছিল আৰু সেয়া আম আদমি পাৰ্টীৰ নিৰ্বাচনী অভিযানত লগাইছিল। কেজৰিৱালে কেইবামাহো কাৰাগাৰত আছিল, বৰ্তমান তেওঁ জামিনত আছে।
মনীষ ছিছ’ডিয়াৰ ওপৰতো হাৱালা গোচৰ ৰুজু হৈছিল। ২৬ ফেব্ৰুৱাৰী ২০২৩ত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁৰ ওপৰত ইডিয়ে অভিযোগ কৰিছিল যে ছিছ’ডিয়াই দিল্লীৰ সুৰা নীতিত পৰিৱৰ্তন কৰি সুৰা ব্যৱসায়ীক লাভান্বিত কৰিছিল। আগষ্ট ২০২৪ত উচ্চতম ন্যায়ালয়ে তেওঁক জামিন প্ৰদান কৰিছিল। বৰ্তমান তেওঁ জামিনত আছে।
সত্যেন্দ্ৰ জৈনৰ ওপৰতো আয়তকৈ অধিক সম্পত্তি আৰু হাৱালাৰ গোচৰ ৰুজু কৰা হৈছিল। তেওঁকো ৩০ মে’ ২০২২ত গ্ৰেপ্তাৰ কৰা হৈছিল। ইডিয়ে ডাবী কৰে যে জৈনে কলকাতাৰ ভুৱা কোম্পানীৰ জৰিয়তে ৪.৮১ কোটি টকাৰ অবৈধ উপাৰ্জন বৈধ কৰিছিল। বৰ্তমান তেওঁ জামিনত আছে।
হেমন্ত ছোৰেনক ভূমি কেলেংকাৰী সম্পৰ্কীয় হাৱালা গোচৰত ৩১ জানুৱাৰী ২০২৪ত গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁৰ ওপৰত ইডিৰ অভিযোগ, অবৈধ ভূমি চুক্তিৰ পৰা পোৱা ধন তেওঁ ব্যৱহাৰ কৰিছিল। জুন ২০২৪ত ঝাৰখণ্ড হাইক’ৰ্টে তেওঁক জামিন প্ৰদান কৰিছিল। বৰ্তমান তেওঁ জামিনত আছে।
কে কবিতাকো দিল্লী সুৰা কেলেংকাৰীৰে সম্পৰ্কিত হাৱালা গোচৰত ১৫ মাৰ্চ ২০২৪ত গ্ৰেপ্তাৰ কৰা হৈছিল। ইডিয়ে দাবী কৰিছিল যে কবিতাই ছাউথ গ্ৰুপৰ জৰিয়তে উপঢৌকণ দি অবৈধ ধন স্থানান্তৰ কৰিছিল। ছেপ্টেম্বৰ ২০২৪ত উচ্চতম ন্যায়ালয়ে তেওঁক জামিন প্ৰদান কৰিছিল।
সঞ্জয় ৰাউটৰো একেই গোচৰ। ইডিয়ে অভিযোগ কৰিছে যে ৰাউটে অবৈধভাৱে ১ কোটি টকাৰ অধিক সম্পত্তি জমা কৰিছিল। তেওঁকো গ্ৰেপ্তাৰ কৰা হৈছিল, কিন্তু বৰ্তমান তেওঁ জামিনত মুক্ত। ছগন ভুজবলৰ ওপৰতো হাৱালাৰ অভিযোগ আছে। তেওঁক ১৪ মাৰ্চ ২০১৬ত গ্ৰেপ্তাৰ কৰা হৈছিল। ইডিৰ দাবী, মহাৰাষ্ট্ৰ সদন কেলেংকাৰীত ভুজবলে ঠিকাদাৰৰ পৰা ঘোচ লৈছিল আৰু অবৈধ ধন বৈধ কৰিছিল। ২০২৮ৰ মে’ত উচ্চতম ন্যায়ালয়ে তেওঁক জামিন প্ৰদান কৰিছিল।