Sunday , September 20 2020
শেহতীয়া খবৰ

‘কা’ বাতিল-অখিল গগৈৰ মুক্তিৰ দাবীত ৰাজ্যজুৰি কৃষক মুক্তিৰ উত্তাল প্ৰতিবাদ

চানমাৰিত প্ৰতিবাদকাৰীৰ ওপৰত জপিয়াই পৰিল আৰক্ষী

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৮ জুলাই ঃ নাগৰিকত্ব (সংশোধনী) আইন, চমুকৈ ‘কা’ বাতিল আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈৰ মুক্তিৰ দাবীত আজি ৰাজ্যজুৰি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে গীত-মাত, ৰং-তুলিকা আৰু মানৱ শৃংখলেৰে প্ৰতিবাদ গঢ়ি তোলে। আজিৰ এই কাৰ্যসূচীত অসমৰ জাতীয়-জনগোষ্ঠীয় সংগঠনৰ অংশগ্ৰহণৰ লগতে সাধাৰণ ৰাইজৰ অংশগ্ৰহণে প্ৰতিবাদক এক ব্যাপক মাত্ৰা প্ৰদান কৰিছে। একেটা সময়তে ‘কা’ বাতিল কৰক আৰু অখিল গগৈক মুক্তি দিয়ক দাবীৰে ছ’চিয়েল মিডিয়াত ব্যাপক প্ৰচাৰ চলিছে। প্ৰায় ৮ মাহ ধৰি কাৰাবন্দী হৈ থকা অখিল গগৈৰ মুক্তিৰ দাবীত আজি প্ৰতিবাদকাৰীসকলে অসম চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ উঠা পৰিলক্ষিত হৈছে। আজি গুৱাহাটীতো ১৪৪ ধাৰাৰ মাজতে সংগঠনটোৱে ব্যাপক প্ৰতিবাদ গঢ়ি তোলে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা হুছেইন মহম্মদ ছাহজাহান আৰু যুটীয়া সাধাৰণ সম্পাদক মুকুট ডেকাৰ নেতৃত্বত গুৱাহাটীৰ চানমাৰিত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

প্ৰতিবাদকাৰীসকলে হাতে হাতে “কা’ বাতিল কৰক’, ‘কা’ আমি নেমানো’, ‘অখিল গগৈক মুক্তি দিয়ক’ আদি বোনাৰ-ফেষ্টুন লৈ শৃংখলিতভাৱে ক’ভিড-১৯ৰ স্বাস্থ্যবিধি আৰু সামাজিক দূৰত্ব মানি মানৱ শৃংখল কাৰ্যসূচী গঢ়ি তোলে। ক’ভিড-১৯ৰ স্বাস্থ্যবিধি আৰু সামাজিক দূৰত্ব মানি অতি শৃংখলিত আৰু গণতান্ত্ৰিকভাৱে হোৱা এই প্ৰতিবাদী কাৰ্যসূচীৰ ওপৰতো অসম আৰক্ষী জঁপিয়াই পৰে। প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত টনা-আঁজোৰা, খণ্ডযুদ্ধ হয়। শেষত সকলো প্ৰতিবাদকাৰীকেই গ্ৰেপ্তাৰ কৰি পাণবজাৰ থানালৈ লৈ যোৱা হয়। বাতৰি লিখালৈকে ১৭গৰাকী প্ৰতিবাদকাৰীক পাণবজাৰ থানাই আটক কৰি ৰাখিছে। ৰং-তুলিকা, কবিতা পাঠ, গীত-মাতেৰে যোৰহাট চহৰতো ‘কা’ বাতিল আৰু অখিল গগৈৰ মুক্তিৰ দাবীত ‘সাংস্কৃতিক প্ৰতিবাদ’ গঢ়ি তোলে। এই ব্যতিক্ৰমী প্ৰতিবাদত চহৰখনৰ শিল্পী, বুদ্ধিজীৱী, অধিবক্তা সমাজ, ছাত্ৰ সমাজ, সাংবাদিক সমাজে অংশগ্ৰহণ কৰে। কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত হোৱা এই কাৰ্যসূচীত অখিল গগৈৰ মুক্তি, ‘কা’ বাতিল আৰু ‘বাকৰুদ্ধ গণতন্ত্ৰ’ক আধাৰ হিচােপ লৈ ছবি অংকন কৰে। গোলাঘাট জিলাৰ দেৰগাঁৱতো অনুৰূপ ধৰণে কাৰ্যসূচী ৰূপায়ণ কৰা হয়। গীত-মাত, ৰং-তুলিকাৰে ‘অখিল গগৈৰ মুক্তি’ আৰু ‘কা’ বাতিলৰ দাবীত প্ৰতিবাদ হয়।

দেৰগাঁৱৰ বাহিৰেও জিলাখনৰ কেইবা ঠাইতো প্ৰতিবাদী কাৰ্যসূচী সংগঠনটোৱে ৰূপায়ণ কৰে। ফৰকাটিং চাৰিআলি, মেৰাপানী চহৰ, বোকাখাত চহৰ, কছাৰীহাট আদিতো মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে।ডিব্ৰুগড় জিলাতো মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে। ডিব্ৰুগড় জিলাৰ ৰাজগড়ত মানৱ শৃংখলেৰে প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলাৰ উপৰি জিলাখনৰ কেইবা ঠাইত পথাৰৰ পৰাই ভূঁই ৰুই প্ৰতিবাদী কাৰ্যসূচী সংগঠনটোৱে ৰূপায়ণ কৰে। তিনিচুকীয়া জিলাৰ তিনিচুকীয়া নগৰতো সংগঠনটোৱে মানৱ শৃংখল কাৰ্যসূচীৰে অখিল গগৈৰ মুক্তি আৰু ‘কা’ বাতিলৰ দাবীত প্ৰতিবাদ গঢ়ি তোলে। শিৱসাগৰ জিলাৰ বকতা আৰু চৰাইদেউ জিলাৰ সোণাৰিত মানৱ শৃংখল কাৰ্যসূচীৰে সংগঠনটোৱে ব্যাপক প্ৰতিবাদ গঢ়ি তোলে। নগাঁও জিলাতো ‘অখিল গগৈৰ মুক্তি’ আৰু ‘কা’ বাতিলৰ দাবীত সংগঠনটোৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। নগাঁও জিলাৰ কামপুৰ, কাকী, কৃষ্ণাই ঘাট আদিত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে। মৰিগাঁও জিলাৰ দন্দুৱাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলে। লখিমপুৰ জিলাৰ নাৰায়ণপুৰ, ঢকুৱাখনা,বঙালমৰা আদিত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে। অনুৰূপ ধৰণে ধেমাজি জিলাৰ কেইবাটাও অঞ্চলত প্ৰতিবাদী কাৰ্যসূচী সংগঠনটোৱে গঢ়ি তোলে। বৰেপটা জিলাৰ ভৱানীপুৰ, পালহাজী, চেনিমাৰীতো মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে। চেনিমাৰী অঞ্চলত বানপানী হৈ থকাৰ বােব নাৱতে প্ৰতিবাদকাৰীসকলে মানৱ শৃংখল গঢ়ি তোলে।

দৰং জিলাৰ কলাইগাঁৱত বৃহৎ প্ৰতিবাদী মানৱ শৃংখল গঢ়ি তোলে। বৰাক উপত্যকাৰ বিভিন্ন জিলাতো ‘অখিল গগৈৰ মুক্তি’ আৰু ‘কা’ বাতিলৰ দাবীত সংগঠনটোৱে আন্দোলন গঢ়ি তোলে। বিশেষকৈ হাইলাকান্দি আৰু কাছাৰ জিলাত সংগঠনটোৱে ব্যাপক ধৰণে আজি কাৰ্যসূচী লোৱা পৰিলক্ষিত হয়। অনুৰূপ ধৰণে আজি কাৰ্যসূচী ৰূপায়ণ হয় কামৰূপ (গ্ৰাম্য), বঙাইগাঁও, শোণিতপুৰ, গোৱালপাৰা, ধুবুৰী, বাক্সা আদি জিলাতো। আজিৰ কাৰ্যসূচীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আটাইকেইটা ভাতৃ সংগঠন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিয়ে অগ্ৰণী ভূমিকা গ্ৰহণ কৰে। এক প্ৰেছ বিবৃতিৰ জৰিয়তে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰা, ভাস্কো ডি শইকীয়া আৰু সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰ, মুকুট ডেকাই কয় যে ‘কা’ আন্দোলন আজিৰ পৰা পুনৰ আৰম্ভ হৈছে, যেতিয়ালৈকে ‘কা’ বাতিল নহয় তেতিয়ালৈকে আন্দোলন চলিব আৰু পূৰ্বতকৈও এই আন্দোলন অধিক ঐক্যবদ্ধ, দৃঢ়, শক্তিশালী আৰু গণমুখী কৰি গঢ়ি তোলা হ’ব। একেটা বিবৃতিতে সংগঠনটোৱে কয় যে বিজেপি চৰকাৰে অখিল গগৈলৈ ভয় কৰে। অখিল গগৈক কাৰাবন্দী কৰি জনগণৰ প্ৰতিবাদী কণ্ঠক ৰুধিব খুজিছে। বিবৃতিটোত অসমৰ সৰ্বস্তৰৰ ৰাইজক ‘কা’ বাতিল আৰু অখিল গগৈকে ধৰি ‘কা’ আন্দোলনত গ্ৰেপ্তাৰ বৰণ কৰা সকলো কাৰাবন্দীৰ মুক্তিৰ বােব প্ৰতিবাদ গঢ়ি তুলিবলৈ আহ3ান জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *