Home Main Stories অক্সিজেনক লৈ হাহাকাৰ ৰাজধানী দিল্লী

অক্সিজেনক লৈ হাহাকাৰ ৰাজধানী দিল্লী

26
0

অক্সিজেনৰ নাটনিত দিল্লীৰ জয়পুৰ গোল্ডেন হাস্পাতালত ২৫ ৰোগী,  অমৃতসৰত ৬ ৰোগীৰ মৃত্যু

নতুন দিল্লী, ২৪ এপ্ৰিল : : কোৰোনা মহামাৰীৰ দ্বিতীয় লহৰৰ সময়ছোৱাত সমগ্ৰ দেশত অক্সিজেনৰ নাটনিয়ে ভয়াৱহতাৰ সৃষ্টি কৰিছে। অক্সিজেনৰ অভাৱত হাস্পতালত বহু ৰোগীয়ে প্ৰাণ হেৰুৱাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। শুকুৰবাৰে ৰাজধানী দিল্লীৰ গংগাৰাম হাস্পতালত অক্সিজেনৰ অভাৱত ২৫জন ৰোগীৰ প্ৰাণহানি হোৱাৰ পিছত ৰাজধানীৰে জয়পুৰ গ’ল্ডেন হাস্পতালত শুকুৰবাৰৰ নিশাৰ ভাগত ২৫জন ৰোগীৰ প্ৰাণহানি হয় অক্সিজেনৰ অভাৱত। গ’ল্ডেন হাস্পতালত অক্সিজেনৰ অভাৱত ২৫ জন ৰোগীৰ মৃত্যু হোৱাৰ লগতে ২০০ জন ক’ভিড ৰোগী সংকটজনক অৱস্থাত থকাৰ কথা প্ৰকাশ কৰিছে হাস্পতাল কতৃÇপক্ষই। উল্লেখ্য যে ৰাজধানী দিল্লীৰ পৰা আৰম্ভ কৰি বিহাৰ, মহাৰাষ্ট্ৰ, কেৰালা আদি ৰাজ্যসমূহত অক্সিজেনৰ নাটনিয়ে দেখা দিছে। বিশেষকৈ ৰাজধানী দিল্লীত অক্সিজেনৰ নাটনিয়ে ভয়াৱহতাৰ সৃষ্টি কৰিছে। যিহেতু ৰাজধানী দিল্লীত অক্সিজেন উৎপাদন প্ৰকল্প নাই, সেইবাবে আন ৰাজ্যৰ পৰা দিল্লীয়ে অক্সিজেন আমদানি কৰিবলগীয়া হয়।

এতিয়া দেশৰ প্ৰায়সমূহ ৰাজ্যত অক্সিজেনৰ নাটনিয়ে দেখা দিয়াৰ ফলত অক্সিজেন প্ৰকল্প থকা ৰাজ্যসমূহে আন ৰাজ্যলৈ পৰ্যাপ্ত পৰিমাণে অক্সিজেন যোগান ধৰিব বিচৰা নাই। যাৰ বাবে এতিয়া ৰাজধানী দিল্লীত অক্সিজেনক লৈ হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে। ৰোগীৰ আত্মীয়ই এতিয়া অক্সিজেন বিচাৰি হাবাথুৰি খাবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে। বহুকেইখন হাস্পতালৰ কতৃÇপক্ষই অক্সিজেনৰ অভাৱত ৰোগীক প্ৰয়োজনীয় চিকিৎসা প্ৰদান কৰিব পৰা নাই। তাৰ সমান্তৰালকৈ হাস্পতাল কতৃÇপক্ষসমূহে ৰোগীসকলৰ আত্মীয়ক অক্সিজেন বিচাৰি আনিবলৈ ক’বলৈ ধৰিছে। যাৰ বাবে এতিয়া ক’ভিড ৰোগীসকলৰ আত্মীয়ই অক্সিজেন বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে। পৰিস্থিতি অধিক জটিল হৈ পৰিছে ৰাজধানী দিল্লীত।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱালে বাৰম্বাৰ প্ৰকাশ কৰি আহিছে যে তেওঁলোকৰ তাত অক্সিজেনৰ নাটনিয়ে ভয়াৱহতাৰ সৃষ্টি কৰিছে। কেন্দ্ৰই তেওঁলোকক পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন যোগান ধৰক। কেন্দ্ৰই দিল্লীত অক্সিজেন যোগানৰ পৰিমাণ বৃদ্ধি কৰিছে যদিও পৰ্যাপ্ত পৰিমাণে এতিয়াও ৰাজধানী দিল্লীৰ হাস্পতালসমূহে অক্সিজেন লাভ কৰা নাই। যাৰ বাবে অক্সিজেনৰ অভাৱত এটা দিনত ৫০জন ক’ভিড ৰোগীৰ প্ৰাণহানি হয়। ইমানেই নহয়, পঞ্জাবৰ অমৃতসৰতো অক্সিজেনৰ অভাৱত আজি ছয়জন ক’ভিড ৰোগীৰ প্ৰাণহানি হয়। অমৃতসৰ প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি নীলকণ্ঠ হাস্পতালত অক্সিজেনৰ অভাৱত ছজন ক’ভিড ৰোগীৰ প্ৰাণহানি হৈছে। এনেদৰে এতিয়া ৰাজ্যসমূহৰ হাস্পতালসমূহত অক্সিজেনৰ অভাৱত ক’ভিড ৰোগীৰ প্ৰাণহানি হ’বলৈ ধৰিছে। অক্সিজেনৰ চাহিদা পূৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে এতিয়া বিদেশৰ পৰা অক্সিজেন আমদানি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যাতে দেশত অক্সিজেনৰ চাহিদা পূৰণ কৰিব পৰা যায়। পঞ্জাবত অক্সিজেনৰ চাহিদা পূৰণ কৰিবলৈ ৰাজ্য চৰকাৰে তাৰ তীখা আৰু লোহা উদ্যোগসমূহ বন্ধৰ ঘোষণা কৰিছে। এই উদ্যোগসমূহত ব্যৱহাৰ হোৱা অক্সিজেনসমূহ চিকিৎসাত ব্যৱহাৰ কৰা হ’ব বুলি পঞ্জাবৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে প্ৰকাশ কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here