কোভিড চিকিৎসাৰ জৰুৰী ঔষধ উপলব্ধ কৰোৱাত পৰামৰ্শ আগবঢ়াব

নতুন দিল্লী : কোৰোনাৰ দ্বিতীয়টো লহৰৰ সময়ত দেশজুৰি অক্সিজেনৰ নাটনিয়ে দেখা দিছে। অক্সিজেনৰ অভাৱত বহু ক’ভিড আক্ৰান্ত ৰোগীয়ে মৃত্যুক আঁকোৱালি ল’বলগীয়া হৈছে। হাস্পতালসমূহতো দেখা দিয়া অক্সিজেনৰ নাটনিৰ ফলত বহু ৰোগীৰ অকাল মৃত্যু ঘটিছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখিয়ে উচ্চতম ন্যায়ালয়ে আজি বাৰজনীয়া সদস্যৰ ৰাষ্ট্ৰীয় টাস্ক ফ’ৰ্চ গঠন কৰিছে। যি টাস্ক ফ’ৰ্চে ক’ভিড-১৯ চিকিৎসাৰ ঔষধ আৰু অন্যান্য চিকিৎসা সামগ্ৰী ড×পলব্ধ কৰোৱাত চৰকাৰক পৰামৰ্শ আগবঢ়াব আৰু মহামাৰীৰ বাবে সৃষ্টি হোৱা প্ৰত্যাহবান নিয়ন্ত্ৰণ কৰিবলৈ বৈজ্ঞানিক আৰু বিশেষজ্ঞ লোকৰ আধাৰত ইনপুট প্ৰদান কৰিব। ইয়াৰ উপৰি এই টাস্ক ফ’ৰ্চে তেওঁলোকৰ প্ৰতিবেদনসমূহ কেন্দ্ৰ আৰু উচ্চতম ন্যায়ালয়ক প্ৰদান কৰিব। প্ৰাপ্ত খবৰ অনুসৰি এই টাস্ক ফ’ৰ্চত এসপ্তাহৰ ভিতৰতে কাম আৰম্ভ কৰিব। তেওঁলোকে অক্সিজেনৰ নাটনিকে ধৰি অন্যান্য চিকিৎসা সামগ্ৰীৰ নাটনিৰ বিষয়টোৰ ওপৰত লক্ষ্য ৰাখিব আৰু মূল স্থানত সেইসমূহ সামগ্ৰী উপলব্ধ কৰোৱাত পৰামৰ্শ আগবঢ়াব।