Friday , September 25 2020
শেহতীয়া খবৰ

অখিল গগৈৰ মুক্তিৰ দাবীত যোৰহাটত ছাত্ৰ মুক্তিৰ প্ৰতিবাদ

ষ্টাফ ৰিপৰ্টাৰ ,যোৰহাট ,২৮ জুলাই : অখিল গগৈৰ মুক্তি আৰু ‘কা’ বাতিলৰ দাবীত কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আজি যোৰহাটত  প্ৰতিবাদ কৰে । উল্লেখ্য যে     জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীৰে আন্দোলন কৰি কাৰাবন্দী হৈ থকা জননেতা, কণ্ঠহীন লোকৰ কণ্ঠ অখিল গগৈৰ মুক্তিৰ দাবীৰ লগতে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আজি ঐতিহ্যমণ্ডিত জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ সন্মুখত যোৰহাট জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত এক সাংস্কৃতিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়৷ এই প্ৰতিবাদী কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, চুতীয়া জাতি ছাত্ৰ সন্থা, চাহ জনজাতি ছাত্ৰ সন্থা, চাহ জনগোষ্ঠীয় সংগ্ৰাম সমিতি, ভাৰতীয় ছাত্ৰ ফেডাৰেছন, অধিবক্তা সমাজ, যোৰহাট জিলা ছাত্ৰ সমাজ, সাংবাদিক সমাজ আদি দল সংগঠনৰ লগতে বিশিষ্ট বুদ্ধিজীৱী সমাজে অংশগ্ৰহণ কৰি গীত- মাত- কথা- কবিতা- চিত্ৰাংকনেৰে পৰিৱেশ উত্তাল কৰি তুলে৷ যোৰহাট জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক অৰিন্দম গগৈয়ে আঁত ধৰা অনুষ্ঠানত বক্তব্য প্ৰদান কৰে চিনামৰা জাতীয় বিদ্যালয়ৰ অধ্যক্ষ দিব্যজ্যোতি শৰ্মা, বিশিষ্ট সাংবাদিক নিৰঞ্জন মহন্ত, উৎপল বৰা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ  যোৰহাট জিলাৰ সভাপতি প্ৰণৱ জ্যোতি শইকীয়া, চুতীয়া জাতি ছাত্ৰ সন্থাৰ ৰাজ বাঢ়ৈ বৰা চুতীয়া, আটচাৰ দিপক তাঁতী, চাহ জনগোষ্ঠীয় নেতা লক্ষ্মণ চাওৰা, ছাত্ৰ সমাজৰ প্ৰতিনিধি ইন্দুকমল ভূঞা আদিয়ে৷ অনুষ্ঠানত শিল্পী জীৱন চুতীয়া, সমাজকৰ্মী মণ্টু দত্ত আদিয়ে প্ৰতিবাদী গীত পৰিৱেশন কৰাৰ লগতে অধিবক্তা হেমেন বৰা, সুদিপ্ত নয়ন গোস্বামী, ছাত্ৰ নেতা চম্পক দত্তই কবিতা আবৃত্তি কৰাৰ উপৰিও চিত্ৰ শিল্পী শাংকৱ, বিশ্বজিৎ, কাকু, অন্বেষা আৰু নাৰ্বিছাই চিত্ৰাংকনেৰে প্ৰতিবাদ সাব্যস্ত কৰে৷ শেষত জাতীধ্বংসী কা বাতিল কৰক, জনতাৰ কণ্ঠ অখিল গগৈক মুক্তি দিয়ক, জয় আই অসম ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলাৰ লগতে অখিল গগৈৰ মুক্তি আৰু কা বাতিল নকৰা পৰ্যন্ত সংগ্ৰাম থমকি নৰয় বুলি হুংকাৰ প্ৰদান কৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *