Friday , September 25 2020
শেহতীয়া খবৰ

অখিল গগৈ মূক্তি দাবীত ডিগবৈত তীব্ৰ প্ৰতিবাদ

গণবাৰ্তা ডিগবৈ ১৩ জুলাই : কা বিৰোধী আন্দোলনৰ সংগ্ৰামী কৃষক নেতা অখিল গগৈ, ধৈৰ্য কোঁৱৰ ,বিতু সোণোৱাল আৰু মানস কোঁৱৰক চৰকাৰে ৰাজনৈতিক চক্ৰান্তৰ মাজত সোমোৱাই নানা ভূৱা অভিযোগ জাপি কাৰাবন্দী কৰি ৰাখিছে। তেওঁলোক এতিয়া শাৰীৰিক ভাৱে অসুস্থতাত ভুগিব লগীয়া হোৱাত সৰ্বত্ৰে এতিয়া প্ৰতিবাদৰ ঢৌ উঠিছে। তিনিচুকীয়া জিলা তৈল নগৰী ডিগবৈ চহৰৰ মাজমজিয়াৰ বালিজানৰ দলংৰ ওপৰত এতিয়া প্ৰতিকূল বতৰকো নেওচি ধাৰাসাৰ বৰষুণত স্থানীয় যুৱক সকলে এই কেইজন সংগ্ৰামী নেতাক বিনা চৰ্তে মুক্তি দিয়াৰ লগতে উন্নত চিকিৎসা প্ৰদান কৰা দাৱীত ৰাজপথৰ ওপৰত অৰ্ধ উলংগ প্ৰতিবাদ সাব্যস্ত কৰে।চৰকাৰে সময় থাকোতেই সিদ্ধান্ত গ্ৰহণ কৰক অন্যথা ইয়াৰ বিৰুদ্ধে গোটেই অসম জলিব বুলি হুংকাৰ প্ৰদান কৰে প্ৰতিবাদী যুৱক সকলে।

Leave a Reply

Your email address will not be published. Required fields are marked *