Sunday , September 20 2020
শেহতীয়া খবৰ

অনুসূচীত জাতি পৰিষদ যোৰহাট জিলা সমিতিৰ শোক সভা

 ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট , ২০ আগষ্ট :  অসমৰ অনুসূচীত জাতি পৰিষদৰ প্ৰাক্তন সম্পাদক তথা অসম অনুসূচীত জাতি উন্নয়ন পৰিষদৰ সভাপতি নিত্যানন্দ ফুকনৰ অকাল বিয়োগত পৰিষদৰ যোৰহাট জিলা সিমিতিৰ কার্যলয়ত বুধবাৰে   এখনি শোক সভা অনুষ্ঠিত কৰা হয় । পৰিষদৰ যোৰহাট জিলা সমিতিৰ সভাপতি ঠানুৰাম দাসৰ সভাপতিত্বত অনুষ্ঠিত শোক সভাখন আঁত ধৰে  সম্পাদক প্ৰভাত কুমাৰ দাসে  আৰু উদ্দেশ্য বাখ্যা কৰে  পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সদস্য জীৱন কুমাৰ হাজৰিকাই । উক্ত সভাখনত প্ৰয়াত ফুকনৰ সান্নিধ্য লাভ কৰি তেখেতৰ আৰ্দশ ৰ সন্দৰ্ভত বিভিন্ন জনে আলোকপাত কৰাৰ লগতে তেখেতৰ প্ৰতি সন্মান জনাই পৰিষদৰ পতাকাখন সাত দিনলৈ অৰ্ধ নিৰ্মিতভাৱে উত্তোলন কৰি এক মিনিট সময় মৌন হৈ তেখেতৰ আত্মাৰ সদগতিৰ বাবে সকলোৱে প্ৰথনা জনায় । উক্ত সভাখনত পৰিষদৰ বহু কেইজন বিষয়া উপস্থিত থাকে ।

Leave a Reply

Your email address will not be published. Required fields are marked *