Friday , September 25 2020
শেহতীয়া খবৰ

অভাৱনীয় হাৰত ভাৰতত বৃদ্ধি পাইছে কোৰোনা আক্ৰান্তৰ সংখ্যা, ২৪ ঘণ্টাত দেশত ৬৫৩৫ জন নতুনকৈ কোভিড-১৯ ত আক্ৰান্ত

নতুন দিল্লীঃ সমগ্ৰ বিশ্বতেই কোৰোনা আক্ৰান্তৰ সংখ্যা দৈনন্দিন বৃদ্ধি পাবলৈ ধৰিছে। বিশ্বৰ কেইবাখনো দেশ বৰ্তমানো কোৰোনা মহামাৰীত অধিক হাৰত প্ৰভাৱিত হৈ থাকিবলগীয়া হৈছে। আমেৰিকা, ব্ৰাজিল, ৰাছিয়া, স্পেইনকে ধৰি আন কেইবাখনো দেশ কোৰোনাৰ সৈতে যুঁজ দি থাকিবলগীয়া হৈছে। বিশ্বজুৰি কোৰোনা আক্ৰান্তৰ সংখ্যা ৫৬,১৭,৯১৮ জনলৈ বৃদ্ধি পোৱাৰ বিপৰীতে মৃতকৰ সংখ্যা ৩,৪৮,৫৪৫ লৈ বৃদ্ধি পাইছে। আনহাতে বিশ্বজুৰি কোৰোনা মহামাৰীৰ পৰা সুস্থ হৈ উঠা সংখ্যা হৈছে ২৩,৯৩,৫৩৯ জন।

বিশ্বৰ আন দেশসমূহৰ লগতে ভাৰততো কোৰোনা আক্ৰান্তৰ সংখ্যা দৈনন্দিন বৃদ্ধি পাবলৈ ধৰিছে। ভাৰতত অভাৱনীয় হাৰত দৈনিক কোৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰাত এতিয়া বিশ্বৰ কোভিড-১৯ত আক্ৰান্তৰ তালিকাত ভাৰতে দশম স্থান দখল কৰিছে। ভাৰতত যোৱা ২৪ ঘণ্টাত নতুনকৈ ৬৫৩৫ জন লোক কোৰোনাত আক্ৰান্ত হৈছে। ফলত ভাৰতত আক্ৰান্তৰ সংখ্যা ১,৪৫,৩৮০ জনলৈ বৃদ্ধি পাইছে। ইয়াৰে ৮০ হাজাৰতকৈ অধিক লোক কোৰোনাত সক্ৰিয় অৱস্থাত আছে।

অৰ্থাৎ ৮০হাজাৰতকৈ অধিক লোকৰ দেহত এতিয়াও আছে কোৰোনা ভাইৰাছ। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি ৬০ হাজাৰতকৈ অধিক লোক কোৰোনাৰ আক্ৰান্তৰ পৰা সুস্থ হৈ উঠিছে। আনহাতে এই  মহামাৰীত ৪১৬৭ জন লোকৰ প্ৰাণহানি হৈছে বুলি স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *