অসমত আকৌ এবাৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ

বিজেপিৰ ঢৌত উফৰিল কংগ্ৰেছ মহাজোঁট, লক্ষাধিক ভোটত জয়ী হিমন্তৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২ মে’:  অসমত দ্বিতীয়বাৰলৈ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ গঠন হ’ব। অসমৰ জনগণে দ্বিতীয়বাৰলৈ আদৰি ল’লে বিজেপি মিত্ৰজোঁটক। বিজেপি মিত্ৰজোঁটক সংখ্যাগৰিষ্ঠ আসনেৰে জয়ী কৰাই দিছপুৰ দখলৰ পথ মুকলি কৰি দিয়ে। সেইবাবেই অসমত আকৌ এবাৰ বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰ গঠন হ’ব। উল্লেখ্য যে চাৰিখন ৰাজ্য আৰু এখন কেন্দ্ৰীয়শাসিত প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ ফলাফল আজি নিৰ্বাচন আয়োগে ঘোষণা কৰে। এই ঘোষণাৰ লগে লগে অসমত বিজেপিৰ মিত্ৰজোঁট চৰকাৰ গঠন হোৱাটো স্পষ্ট হৈ পৰে। ৰাজ্যবাসীৰ মাজত উৎকণ্ঠা বৰ্তি আছিল যে এইবাৰ কোনে শেষ হাঁহি মাৰিব অসমত। বিজেপি মিত্ৰজোঁট নে কংগ্ৰেছ মহাজোঁটে দিছপুৰ দখল কৰিব— তাক লৈ উৎকণ্ঠা বৰ্তি থকাৰ মাজতেই দিনৰ ভাগতে স্পষ্ট হৈ পৰে যে বিজেপি মিত্ৰজোঁটে অসমত গঠন কৰিব আকৌ এবাৰ চৰকাৰ। বাতলি লিখা পৰলৈ নিৰ্বাচন আয়োগে অসমৰ ফলাফলক আনুষ্ঠানিক ঘোষণা কৰা নাছিল যদিও বিজেপি মিত্ৰজোঁটে সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল। ১২৬টা বিধানসভা সমষ্টিৰ সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ যিকোনো ৰাজনৈতিক দলৰ প্ৰয়োজন ৬৪খন আসনৰ। বাতৰি লিখা পৰলৈ বিজেপি মিত্ৰজোঁটে ৭৫খন আসনৰ অগ্ৰগতিত থকাৰ বিপৰীতে কংগ্ৰেছ মহাজোঁটে ৪৯খন আসনৰ অগ্ৰগতিত থাকে। এইবাৰৰ বিধানসভা নিৰ্বাচন এক আকৰ্ষণীয় আছিল। কিয়নো বিধানসভা নিৰ্বাচনৰ পূৰ্বলৈ অসমত চলি আছিল ‘কা’ আন্দোলন। নাগৰিকত্ব সংশোধনী আইনৰ ইছ্যু লৈয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল কংগ্ৰেছ মহাজোঁট।

এইবাৰৰ নিৰ্বাচনত কংগ্ৰেছ মহাজোঁট চৰকাৰ গঠন হ’লে নাগৰিকত্ব সংশোধনী আইন অসমত বলৱৎ হ’বলৈ নিদিয়ে বুলিও নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰিছিল। এই বিষয়টো অসমৰ ভোটাৰৰ মনৰ মাজত সুমুৱাই দিয়াৰ চেষ্টা চলাইছিল কংগ্ৰেছ মহাজোঁটে। কিন্তু অসমৰ ভোটাৰে ‘কা’ বিষয়টোক গুৰুত্ব সহকাৰে নল’লে অথবা কংগ্ৰেছক আদৰি ল’বলৈ অস্বীকাৰ কৰিলে।

কিয়নো ‘কা’ আন্দোলনৰ জৰিয়তে ৰাজনীতিৰ পথাৰত জঁপিয়াই পৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ। ‘কা’ আন্দোলনক নেতৃত্ব দিয়া একাংশ যেতিয়া ৰাজনীতিৰ পথাৰত জঁপিয়াই পৰে, তেতিয়া নাগৰিকত্ব সংশোধনী আইনৰ বিষয়টো অসমবাসীয়ে গুৰুত্ব সহকাৰে ল’বলৈ নিবিচাৰে অথবা নস্যাৎ কৰে। সেইবাবে অসমত তীব্ৰতৰ ‘কা’ আন্দোলনৰ পিছতো বিধানসভা নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা লাভ কৰিছে বিজেপিৰ মিত্ৰজোঁটে। কংগ্ৰেছ মহাজোঁটে এইবাৰ দিছপুৰ দখল কৰিবলৈ সকলো ধৰণৰ চেষ্টা চলাইছিল যদিও সেই চেষ্টাত সফল হ’ব নোৱাৰিলে। কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধী আৰু মহাসচিব প্ৰিয়ংকা গান্ধী বাদ্ৰাকে ধৰি আন বহু কংগ্ৰেছী জ্যেষ্ঠ নেতাই অসমত প্ৰচাৰ অভিযান চলালে যদিও কংগ্ৰেছ মহাজোঁটে বিশেষ সফলতা লাভ কৰিব নোৱাৰিলে। অৰ্থাৎ আকৌ এবাৰ কংগ্ৰেছক আঁকোৱালি ল’বলৈ নিবিচাৰিলে অসমৰ ভোটাৰে। আজিৰ বিধানসভা নিৰ্বাচনৰ ফলাফলত জালুকবাৰী সমষ্টিৰ পৰা ড০ হিমন্ত বিশ্ব শৰ্মাই লক্ষাধিক ভোটেৰে জয়লাভ কৰে। একেদৰে মাজুলী বিধানসভা সমষ্টিৰ পৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পূব গুৱাহাটী সমষ্টিৰ পৰা সিদ্ধাৰ্থ ভট্টাচাৰ্য, পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ পৰা অগপৰ প্ৰাৰ্থী ৰমেন্দ্ৰ নাৰায়ণ কলিতা, দিছপুৰ সমষ্টিৰ পৰা বিজয়ী প্ৰাৰ্থী অতুল বৰা, মঙলদৈ সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী বসন্ত দাস, ৰাতাবাৰী সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী বিজয় মালাকাৰ,পাথাৰকান্দি বিধানসভা সমষ্টিৰ পৰা বিজয়ী প্ৰাৰ্থী কৃষে্ণন্দু পাল, উত্তৰ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী কমলাক্ষ দে’ পুৰকায়স্থ, দক্ষিণ কৰিমগঞ্জৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী ছিদ্দেক আহমেদ, বদৰপুৰৰ পৰা এআইইউডিএফৰ প্ৰাৰ্থী আব্দুল আজিজ, হাইলাকান্দিৰ পৰা এআইইউডিএফৰ প্ৰাৰ্থী জাকিৰ হুছেইন লস্কৰ, কাটলিচেৰাৰ পৰা এআইইউডিএফৰ প্ৰাৰ্থী সুজামুদ্দিন লস্কৰ, আলগাপুৰ সমষ্টিৰ পৰা এআইইউডিএফৰ প্ৰাৰ্থী নিজামুদ্দিন চৌধুৰী, শিলচৰৰ পৰা বিজেপি প্ৰাৰ্থী দৈপায়ন চক্ৰৱৰ্তী, সোণাই সমষ্টিৰ পৰা এআইইউডিএফৰ প্ৰাৰ্থী কৰিমুদ্দিন বৰভূঞা, ধলাই সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্য, উদাৰবন্দৰ পৰা বিজেপি প্ৰাৰ্থী মিহিৰকান্তি সোম, লক্ষীপুৰৰ বিজেপি প্ৰাৰ্থী কৌশিক ৰায়, বৰচলা বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী মিছবাহুল ইছলাম লস্কৰ, কাটিগড়া সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী খলিল উদ্দিন মজুমদাৰ,হাফলঙৰ পৰা বিজেপি প্ৰাৰ্থী নন্দিতা গাৰ্লোচা, বোকাজানৰ পৰা বিজেপি প্ৰাৰ্থী নোমল মোমিন, হাওৰাঘাটৰ পৰা বিজেপি প্ৰাৰ্থী দৰছিং ৰংহাং, ডিফুৰ পৰা বিজেপি প্ৰাৰ্থী বিদ্যাছিং ইংলেং, বৈঠালাংছ’ৰ পৰা ৰূপসিছ টেৰণ, মানকাচৰৰ পৰা এআইইউডিএফ প্ৰাৰ্থী মঃ আমিনুল ইছলাম, দক্ষিণ শালমাৰাৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী ৱাজেদ আলী চৌধুৰী, ধুবুৰীৰ পৰা এআইইউডিএফ প্ৰাৰ্থী নজৰুল হক, গৌৰীপুৰৰ পৰা এআইইউডিএফ প্ৰাৰ্থী নিজানুৰ ৰহমান, পশ্চিম বিলাসীপাৰাৰ পৰা এআইইউডিএফৰ প্ৰাৰ্থী হাফিজ বছিৰ আহমেদ, পূব বিলাসীপাৰাৰ পৰা চামচুল হুদা, গোসাইগাঁৱৰ পৰা বিপিএফ প্ৰাৰ্থী মাজেন্দ্ৰ নাৰ্জাৰী, পশ্চিম কোকৰাঝাৰৰ পৰা বিপিএফ প্ৰাৰ্থী ৰবিৰাম নাৰ্জাৰী, পূব কোকৰাঝাৰৰ পৰা ইউপিপিএলৰ প্ৰাৰ্থী লৰেন্স ইছলাৰী, ছিদলীৰ পৰা ইউপিপিএলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী, বঙাইগাঁৱৰ পৰা এজিপি প্ৰাৰ্থী ফণীভূষণ চৌধুৰী, উত্তৰ অভয়াপুৰীৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল বাতিন খন্দকাৰ, দক্ষিণ অভয়াপুৰীৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদীপ সৰকাৰ, দুধনৈৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী যাদৱ স্বৰ্গীয়াৰী, পূব গোৱালপাৰাৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী এ কে ৰছিদ আলম, পশ্চিম গোৱালপাৰাৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী আব্দুৰ ৰছিদ মণ্ডল, জলেশ্বৰৰ পৰা কংগ্ৰেছৰ পৰা আফতাব উদ্দিন মোল্লা, সৰভোগৰ পৰা চিপিআইএমৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰ, পাটাছাৰকুছিৰ পৰা বিজেপি প্ৰাৰ্থী ৰঞ্জিত কুমাৰ দাস, বৰপেটাৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী আব্দুৰ ৰহিম আহমেদ, জনীয়াৰ পৰা এআইইউডিএফৰ প্ৰাৰ্থী ৰফিকুল ইছলাম, বাঘবৰৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী শ্বেৰমান আলী আহমেদ, সৰুক্ষেত্ৰীৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী জাকিৰ হুছেইন সিকদাৰ, চেঙাৰ পৰা এআইইউডিএফৰ প্ৰাৰ্থী আশ্ৰাফুল হুছেইন, বকোৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী নন্দিতা দাস, ছয়গাঁৱৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী ৰেকিবুদ্দিন আহেমদ, পলাশবাৰীৰ পৰা বিজেপি প্ৰাৰ্থী হেমাংগ ঠাকুৰীয়া, হাজোৰ পৰা বিজেপি প্ৰাৰ্থী সুমন হৰিপ্ৰিয়া, কমলপুৰৰ পৰা বিজেপি প্ৰাৰ্থী দিগন্ত কলিতা, ৰঙিয়াৰ পৰা বিজেপি প্ৰাৰ্থী ভৱেশ কলিতা, তামুলপুৰৰ পৰা ইউপিপিএলৰ প্ৰাৰ্থী লেহুৰাম বড়ো, নলবাৰীৰ পৰা বিজেপি প্ৰাৰ্থী জয়ন্তমল্ল বৰুৱা, ধৰ্মপুৰৰ পৰা বিজেপি প্ৰাৰ্থী চন্দ্ৰমোহন পাটোৱাৰী, বৰমাৰ পৰা ইউপিপিএলৰ প্ৰাৰ্থী ভূপেন বড়ো, চাপাগুৰিৰ পৰা ইউপিপিএলৰ প্ৰাৰ্থী উৰ্খাও গৌড়া ব্ৰহ্ম, পানেৰীৰ পৰা বিজেপি প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰী, ছিপাঝাৰৰ পৰা বিজেপি প্ৰাৰ্থী পৰমানন্দ ৰাজবংশীয়ে বিজয় সাব্যস্ত কৰে।





Leave a Reply

Your email address will not be published. Required fields are marked *