Home Main Stories অসমত পুনৰ বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰ

অসমত পুনৰ বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰ

129
0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৯ এপ্ৰিল : পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ আজি অন্ত পৰাৰ লগে লগে বিভিন্ন সংবাদ প্ৰতিষ্ঠানসমূহে অসম, পুডুচেৰী, কেৰালা, তামিলনাডু আৰু পশ্চিমবংগত কাৰ চৰকাৰ গঠন হ’ব তাক লৈ এক্সিট প’ল ৰাজহুৱা কৰিছে। আজি পশ্চিমবংগৰ অষ্টম তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ অন্ত পৰাৰ লগে লগেই এক্সিট প’ল ৰাজহুৱা কৰা হয়। সেই অনুসৰি অসমত পুনৰায় বিজেপি মিত্ৰজোঁটৰ চৰকাৰ গঠন হোৱাটো নিশ্চিত কৰিছে। প্ৰায়সমূহ এক্সিট প’ল প্ৰকাশ কৰা অনুসৰি অসমত এনডিএ চৰকাৰ পুনৰায় গঠন হ’ব। ২ মে’ত এই পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব যদিও সংবাদ প্ৰতিষ্ঠানসমূহে আজি সন্ধিয়াই ৰাজ্যকেইখনত কাৰ চৰকাৰ গঠন হ’ব তাক লৈ আগতীয়া সমীক্ষা প্ৰকাশ কৰিছে। সেই অনুসৰি পশ্চিমবংগত পুনৰায় মমতা বেনাজীৰ চৰকাৰ, কেৰালাত পুনৰায় বাঁও চৰকাৰ, পুডুচেৰীত বিজেপি চৰকাৰ আৰু তামিলনাডুত এআইএডিএমকেৰ চৰকাৰ গঠন হোৱাটো নিশ্চিত কৰিছে।
অসমক লৈ ইণ্ডিয়া টুডে, এক্সিছ মাই ইণ্ডিয়াৰ এক্সিট প’ল অনুসৰি বিজেপি মিত্ৰজোঁটে ৭৫-৮৫খন আসন দখল কৰাটো নিশ্চিত কৰিছে। তাৰ বিপৰীতে কংগ্ৰেছ মহাজোঁটে ৪০-৫০ আৰু অন্যান্যই ১-৪খন আসন দখল কৰাটো নিশ্চিত কৰিছে। একেদৰে টিভি৯ ভাৰতবৰ্ষৰ এক্সিট প’ল অনুসৰি অসমত এনডিএয়ে ৫৯-৬৯খন আসন, ইউপিএয়ে ৫৫-৬৫ আৰু অন্যান্যই ১-৩খন আসন দখল কৰাটো নিশ্চিত কৰিছে। এন ডি টিভিৰ অনুসৰি অসমত বিজেপি মহাজোঁটে ৬৪খন আসন লাভ কৰাৰ কথা নিশ্চিত কৰিছে। এবিপি-চি ভোটাৰ এক্সিট প’ল অনুসৰি অসমত এনডিএয়ে ৫৮-৭১, ইউপিএয়ে ৫৫-৬৬ আৰু অন্যান্যই ০- ৫খন আসন দখল কৰাটো নিশ্চিত কৰিছে। ৰিপাব্লিক চিএনএক্সৰ এক্সিট প’ল অনুসৰি অসমত এনডিএয়ে ৭৪-৮৪, ইউপিএয়ে ৪০-৫০, অন্যান্যই ১-৩খন আসন লাভ কৰাৰ কথা নিশ্চিত কৰিছে।
লগতে এই কথাও নিশ্চিত কৰিছে যে ৰাজ্যৰ নিৰ্বাচনত বিজেপিয়ে অকলেই ৬০-৬৬, অগপই ১০-১৪ আৰু ইউপিপিএলে ৩-৫খন আসন দখল কৰিব। তাৰ বিপৰীতে ইউপিএৰ হৈ কংগ্ৰেছে অকলে ২৬-২৮খন আসন, এআইইউডিএফে ১১-১৩খন আসন, বিপিএফে-৫-৭খন আসন আৰু অন্যান্যই ১-৩খন আসন দখল কৰাটো নিশ্চিত কৰিছে। উল্লেখ্য যে এইবাৰৰ বিধানসভা নিৰ্বাচনত ৪৮ শতাংশ ভোট বিজেপিৰ পক্ষত গৈছে। এক্সিছ মাই ইণ্ডিয়া এক্সিট প’ল অনুসৰি ২৭,১৮৯জনৰ ওপৰত এক অধ্যয়ন চলাই এই কথা দাবী কৰিছে। লগতে তেওঁলোকে এই কথাও প্ৰকাশ কৰিছে যে ৰাজ্যৰ মহিলাসকলৰ পচন্দৰ প্ৰাৰ্থী আছিল বিজেপি প্ৰাৰ্থীসকল। অধিকসংখ্যক মহিলাই বিজেপিৰ পক্ষত ভোটদান কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here