Home Main Stories অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

37
0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৯ মে’: অন্ত পৰিল সপ্তাহজোৰা জল্পনা-কল্পনাৰ। অসমৰ নতুন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। চাৰি কেন্দ্ৰীয় নেতৃত্বৰ উপস্থিতিত বিজেপিৰ বিধায়িনী দলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিলে। বিজেপিৰ বিধায়িনী দলৰ বৈঠকত বিদায়ী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিধায়িনী দলৰ দলপতি হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ নাম প্ৰস্তাৱ কৰে। সোণোৱালৰ উক্ত প্ৰস্তাৱক সমৰ্থন জনাই ৰাজ্যিক বিজেপিৰ সভাপতি তথা পাটাছাৰকুছিৰ বিধায়ক ৰঞ্জিত দাস আৰু হাফলãৰ নৱনিৰ্বাচিত বিধায়িকা নন্দিতা গাৰ্লোছাই। বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজেপিৰ বিধায়িনী দলৰ দলপতি হিচাপে নিৰ্বাচিত হোৱাৰ পিছতেই হিমন্ত মুখ্যমন্ত্ৰী হোৱাটো নিশ্চিত হৈ পৰে। উল্লেখ্য যে অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব সেই লৈ সপ্তাহজোৰা উৎকণ্ঠা অব্যাহত আছিল। কালি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাৰ বাসগৃহত সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ সৈতে হোৱা বৈঠকতো মুখ্যমন্ত্ৰীৰ সমাধান সূত্ৰ ওলোৱা নাছিল। কেন্দ্ৰীয় নেতৃত্বৰ নিৰ্দেশমৰ্মে আজি দিনৰ ১২ বজাত অসম বিধানসভা সচিবালয়ত অনুষ্ঠিত হয় বিজেপিৰ বিধায়িনী দলৰ বৈঠক। বৈঠকৰ এটাই উদ্দেশ্য দলপতি বাছনি কৰা। পুৱা ১০.৩০ বজাত মন্ত্ৰী হিমন্তই মন্ত্ৰী আৱাসৰ পৰা পোনেপোনে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আৱাসত উপস্থিত হয়। কিছু সময় বাৰ্তালাপ কৰি ৰাজভৱনত উপস্থিত হৈ সোণোৱালে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে। মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰি একেখন বাহনতেই দিনৰ ১২ বজাত সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা অসম বিধানসভা সচিবালয়ত উপস্থিত হয়। বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ অধ্যক্ষতাত অনুষ্ঠিত বিধায়িনী দলৰ বৈঠকত বিদায়ী মুখ্যমন্ত্ৰী সোণোৱালে বিধায়িনী দলৰ দলপতি হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ নাম প্ৰস্তাৱ কৰে। উক্ত প্ৰস্তাৱটো বিজেপিৰ ৰাজ্যিক সভাপতি তথা পাটাছাৰকুছিৰ বিধায়ক ৰঞ্জি দাস, হাফলঙৰ নৱ-নিৰ্বাচিত বিধায়িকা নন্দিতা গাৰ্লোছাই সমৰ্থন জনায়। লগে লগেই বিধায়িনী দলৰ বৈঠকত উপস্থিত থকা সকলো বিজেপি বিধায়কে আসনৰ পৰা থিয় হৰ্ষধবনি দিয়ে। সকলোৱে একমুখে হিমন্ত বিশ্ব শৰ্মাক নেতা হিচাপে ঘোষণা কৰে। ইয়াৰ পিছতেই কেন্দ্ৰীয় পৰ্যৱেক্ষক নৰেন্দ্ৰ সিং টোমৰে মন্ত্ৰী হিমন্তক মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে নাম ঘোষণা কৰে। অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ফুলৰ থোপা আৰু ফুলাম গামোচাৰে অভিনন্দন জ্ঞাপন কৰে বিদায়ী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। বিজেপি বিধায়িনী দলৰ বৈঠকত কেন্দ্ৰীয় পৰ্যৱেক্ষক হিচাপে নৰেন্দ্ৰ সিং টোমৰ, বৈয়জন্ত জয় পাণ্ডা, বি এল সন্তোষ আৰু ড’নাৰ মন্ত্ৰী জিতেন্দ্ৰ সিং উপস্থিত থাকে। বিজেপিৰ বিধায়িনী দলৰ বৈঠকত নেতা বাছনি হোৱাৰ পিছতেই উক্ত স্থানতেই এনডিএৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হয়। উক্ত বৈঠকত অগপৰ সভাপতি অতুল বৰাকে আদি কৰি অগপৰ জ্যেষ্ঠ নেতা, ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো উপস্থিত থাকে। এনডিএৰ বিধায়িনী দলৰ বৈঠকত পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে অগপ আৰু ইউপিপিএলৰ নেতৃত্বই হিমন্ত বিশ্ব শৰ্মাক পূৰ্ণ সমৰ্থন আগবঢ়ায়। একপ্ৰকাৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়। মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পিছতেই হিমন্তই অংশীদাৰ দলৰ নেতৃত্বৰ সৈতে ৰাজভৱনত উপস্থিত হৈ চৰকাৰ গঠনৰ প্ৰস্তাৱ আগবঢ়ায়। ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীয়ে হিমন্ত বিশ্ব শৰ্মাক চৰকাৰ গঠনৰ অনুমতি প্ৰদান কৰে। কাইলৈ দিনৰ ১২ বজাত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’ব নতুন চৰকাৰৰ শপত গ্ৰহণ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here