Sunday , September 20 2020
শেহতীয়া খবৰ

অসমৰ ৰাজনীতিৰ ক্ষেত্রখনত সংযোজন হ’ল আন এটা ৰাজনৈতিক দল ; বীৰ লাচিত সেনাৰ আনুষ্ঠানিক  ঘোষণা

গণ বার্তা, যোৰহাট, ৩১ আগষ্টঃ ৰাজ্যৰ ৰাজনীতি ক্ষেত্রখনত সংযোজন ঘটিল আৰু এটা নতুন ৰাজনৈতিক দলৰ। এইবাৰ বীৰ লাচিত সেনাই ঘোষণা কৰিলে নতুন ৰাজনৈতিক দলৰ।যোৰহাটৰ প্ৰেচিডেণ্ট টাৱাৰত এক সংবাদ মেল সম্বোধন কৰি ঘোষণা কৰে দলটোৰ কেন্দ্রীয় সমিতিয়ে । সংবাদ মেলত উপস্থিত থাকে বীৰ লাচিত সেনাৰ কেন্দ্রীয় সাংগঠনিক সম্পাদক শৃঙ্খল চলিহা। ৰাজনৈতিক দলৰ বিষয়ে আনুষ্ঠানিক ভাবে ঘোষণা কৰি শৃঙ্খল চলিহাই কয় যে ১০ দিনৰ পিচত নাম ঘোষণা কৰা হ’ব ৰাজনৈতিক দলটোৰ। ইতিমধ্যে এখন পৰামৰ্শ কমিটি গঠন কৰা হৈছে আৰু সেই পৰামৰ্শ  কমিটিয়ে ঠিৰাং কৰিব নতুন ৰাজনৈতিক দলৰ নাম বুলিও তেওঁ উল্লেখ কৰে শৃঙ্খল চলিহাই। আনহাতে অসমৰ ৰাজনৈতিক ক্ষেত্রখনত সংযোজন হোৱা আন আন আঞ্চলিক ৰাজনৈতিক দল সমূহক ঐক্যবদ্ধ হ’বৰ বাবে আহ্বান কৰে চলিহাই ।ইতিমধ্যে আছু আৰু কৃষক মুক্তি সংগ্রাম সমিতিৰ সৈতে আলোচনা হৈছে বুলি উল্লেখ কৰে শৃঙ্খলৰ চলিহাই। তেওঁ কয় যে কংগ্ৰেছ, বিজেপি, এ আই ডি ইউ এফৰ বিৰুদ্ধে মূল প্ৰত্যাহ্বান জানব দলটোৱে। ইফালে তেওঁ নিজেই প্ৰত্যক্ষ ৰাজনীতিৰ লগত জড়িত নহয় বুলিও উল্লেখ কৰে। উল্লেখ্য যে শিল্পী সকল বিজেপিত যোগদান কৰাক লৈ কয় যে বিজেপিয়ে কা আন্দোলন দুৰ্বল কৰিবৰ বাবে এজেন্ট নিয়োগ কৰিছিল আৰু এতিয়া তেওঁলোকৰ চৰিত্ৰ উলাই পৰিছে ।এইবাৰ অসমৰ ৰাইজে এখন আঞ্চলিক চৰকাৰ পাব বুলি উল্লেখ কৰে শৃঙ্খল চলিহাই।

Leave a Reply

Your email address will not be published. Required fields are marked *