Sunday , September 20 2020
শেহতীয়া খবৰ

অসম কৃষি বিশ্ববিদ্যালয়ত উদ্যান শস্যৰ আন্তৰাষ্ট্ৰীয় ৱেবিনাৰৰ সামৰণি

যোৰহাট, ২৮আগষ্ট : অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যান বিজ্ঞান বিভাগ আৰু উদ্যান বিজ্ঞান মহাবিদ্যালয়ৰ সৌজন্যত ‘কভিড১৯ অতিমাৰীৰ সময়ত উদ্যান উদ্যোগৰ ভূমিকা’ শীৰ্ষক আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ দুদিনীয়া ৱেবিনাৰৰ আজি সামৰণি পৰে । দেশ বিদেশৰ এহেজাৰতকৈও অধিক শিক্ষাৰ্থী, শিক্ষক ,বিজ্ঞানী আৰু উদ্যোগীয়ে অংশ গ্ৰহণ কৰা ৱেবিনাৰৰ আৰম্ভনিতে উদ্যান শস্য বিজ্ঞান বিভাগৰ মুৰব্বী তথা উদ্যান বিজ্ঞান মহাবিদ্যালয়ৰ বিশেষ কৰ্তব্যৰত বিষয়া ড° মধুমিতা চৌধুৰী তালুকদাৰে অংশগ্ৰহণকাৰীসকলক ৱেবিনাৰলৈ আদৰণি জনায় ।উদ্যান বিভাগৰ অধ্যাপক ড° বিজিত কুমাৰ সাউদে আত ধৰা ৱেবিনাৰখনত বিশ্ববিদ্যালয়ৰ কৃষি অনুষদৰ বিজ্ঞানগুৰু ড° জয়ন্ত ডেকাই কৃষকৰ আয় দুগুণীকৰণত উদ্যান বিজ্ঞানৰ ভূমিকা সম্পৰ্কত আলোকপাত কৰে ।অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° অশোক ভট্টাচাৰ্যই কভিড ১৯ অতিমাৰী দুৰ্যোগৰ সময়তো অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ থলুৱা ফল মুল আৰু শাক- পাছলিৰ মানৱ দেহৰ পুষ্টি যোগানৰ লগতে আৰ্থিক উন্নয়নত ভূমিকা সম্পৰ্কে মন্তব্য আগবঢ়ায় ।প্ৰথমদিনাৰ কাৰিকৰী বক্তৃতালানিৰ প্ৰথম বক্তা অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যান বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড° ৰঞ্জিত কুমাৰ ভট্টাচাৰ্যই কভিড১৯ অতিমাৰীৰ সময় উদ্যান শস্যৰ উদ্যোগীকৰণৰ সুযোগ আৰু সমস্যা সম্পৰ্কত আলোকপাত কৰে । ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ আটাৰি, উমিয়াম কেন্দ্ৰৰ সঞ্চালক ড° বিদ্যুত চন্দন ডেকাই যুৱশক্তিক উদ্যান বিজ্ঞান বিভাগৰ প্ৰতি আকৰ্ষিত কৰি উদ্যান বিজ্ঞান ভিত্তিক উদ্যোগ স্থাপন কৰিব পৰা বিভিন্ন দিশ সন্দৰ্ভত আলোকপাত কৰে।কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ স্মিতা এচ আয়াৰে কভিড১৯ৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত উদ্যান শস্যৰ ভূমিকা সম্পৰ্কে বাখ্যা আগবঢ়ায় । ইটালীৰ মিলান বিশ্ববিদ্যালয়ৰ অধ্যাপক এন্টনিঅ ফাৰান্টেই কভিড অতিমাৰীৰ পিছত উদ্যান শস্যৰ ক্ষেত্ৰত লবলগীয়া নৱ উদ্ভাৱিত কৌশল সম্পৰ্কে অৱগত কৰে ।ৱাই এচ আৰ উদ্যান বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জানকীৰামে উলম্ব বাগিচা স্থাপন তথা অট্টালিকা সেউজকৰণৰ ওপৰত বিশদ বিৱৰণ আগবঢ়ায় ।দ্বিতীয় দিনা অসম চৰকাৰৰ বিভিন্ন বিষয়ববীয়া আৰু উদ্যান উদ্যোগী আৰু কৃষি উদ্যোগৰ লগত জড়িত উচ্চ শিক্ষিত যুৱকৰ সৈতে এক আলাপ অনুষ্ঠানৰ আয়োজন কৰা হয়। কৃষি বিজ্ঞানগুৰু ড° জয়ন্ত ডেকাৰ সভাপতিত্বত অনুষ্ঠিত এই আলোচনাত উপাচাৰ্য ড° অশোক ভট্টাচাৰ্য,কৃষি উৎপাদন আয়ুক্ত ৰাজেশ প্ৰসাদ, অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড° কমল মল্ল বুজৰবৰুৱা , কৃষি বিভাগৰ সঞ্চালক মনোজ কুমাৰ ,উদ্যান বিভাগৰ সঞ্চালক আব্দুল জেলিল আৰু নাবাৰ্ডৰ মুখ্য মহাপ্ৰবন্ধক শিৱশংকৰ সাহা,নেৰমেকৰ সঞ্চালক মনোজ কুমাৰ দাস,এপেডাৰ সহকাৰী মহাপ্ৰবন্ধক সুনীতা ৰায় , নেশ্যনেল হৰ্টিকালচাৰ বৰ্ডৰ ভাৰপ্ৰাপ্ত বিষয়া নৱনীতা বৰুৱা মহন্ত আৰু অসম দক্ষতা বিকাশ আচনিৰ সহকাৰী সঞ্চালক পৰিচালক হানিফ নুৰানীয়ে বিভাগীয় উদ্যান বিজ্ঞান সম্পৰ্কীয় আচনিৰ বিষয়ে অৱগত কৰে ।কৃষি আৰু উদ্যান বিজ্ঞান ক্ষেত্ৰৰ যুৱ উদ্যোগী সমীৰ বৰদলৈ , লীনা শইকীয়া , ধ্ৰুৱ শৰ্মা ,ৰঞ্জিত বৰা , বিচিত্ৰ বৰা ,চিৰঞ্জিত বৰুৱা ,নীলম দত্ত ,দেৱব্ৰত ৰাভা , পি চি ৰায়, অনুপম বক্সী,অংকুৰ বৰুৱাই তেওঁলোকৰ উদ্যান শস্য সম্পৰ্কীয় অভিজ্ঞতা আৰু মতামত ব্যক্ত কৰা ৱেবিনাৰৰ যুটীয়া সাংগঠনিক সম্পাদক হিচাপে দায়িত্ব পালন কৰে হিমাদ্ৰী শেখৰ দত্ত আৰু সমুজ্জল বৰুৱাই ।

Leave a Reply

Your email address will not be published. Required fields are marked *