Sunday , September 20 2020
শেহতীয়া খবৰ

অসম চিকিৎসা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শৈল চিকিৎসক ডাঃ জি এম এছ চৌধুৰীৰ মৃত্যু

গণ বাৰ্তা, ডিব্ৰুগড়, ২৮ জুলাইঃ  ডিব্ৰুগড়ৰ এগৰাকী সু চিকিৎসক, অসম চিকিৎসা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শৈল চিকিৎসক ডাঃ জি এম এছ চৌধুৰীৰ যোৱা দেওবাৰে নিশা প্ৰায় দহ বজাত অসম চিকিৎসা মহাবিদ্যালয়ত মধুমেহ আৰু কোভিড ৰোগত  আক্রান্ত হৈ মৃত্যু মুখত পৰে। ডাঃ চৌধুৰীৰ প্ৰকৃত নাম আছিল গউছ মহম্মদ চফীক চৌধুৰী। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭২ বছৰ। ১৯৪৮ চনত তেতিয়াৰ নাদুৱা ষ্টেচনৰ ওচৰত থকা আমেটি চাহ বাগিচাত জন্ম গ্ৰহণ কৰা ডাঃ চৌধুৰী আছিল এগৰাকী সুবক্তা, মানৱ দৰদী আৰু অধ্যয়ন পুষ্ট এগৰাকী প্ৰখৰ বুদ্ধি সম্পন্ন ইছলামী গৱেষক।   চৌধুৰীয়ে ডিব্ৰুগড়ৰ চৰকাৰী ল’ৰাৰ হাইস্কুলৰ পৰা মেট্ৰিক পাছ কৰাৰ পাছত কটন কলেজৰ পৰা প্ৰি ইউনিভাৰ্চিটি পাছ কৰাৰ  পাছত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত এ এম বি বি এছ আৰু এম এছ পাঠ্যক্ৰম সমাপ্ত কৰি কিছুদিন সেইখন মহাবিদ্যালয়তে পঞ্জীয়ক হিচাবে কাম কৰাৰ পিছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ বদলি হৈ যায় আৰু তাতো কিছুদিন চাকৰি কৰাৰ অন্তত পিতৃৰ অসুখৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ বদলি হৈ আহে আৰু এই মহাবিদ্যালয়ৰ পৰাই শৈল চিকিৎসক ৰূপে বিভাগীয় মুৰব্বী অধ্যাপক ৰূপে ২০০৭ চনত অৱসৰ গ্ৰহণ কৰে।অনেক দুখীয়া মেধা ল’ৰা ছোৱালীক আৰ্থিক সাহাৰ্য আগবঢ়োৱা আৰু  সৰুৰে পৰাই অতি মেধাৰ পৰিচয় দাঙি ধৰা ডাঃ চৌধুৰী ইছলামৰ পৱিত্ৰ ধৰ্মগ্ৰন্থ  কোৰান আৰু হাদিচৰ এগৰাকী বিশেষজ্ঞ গৱেষক আছিল। অসমৰ বিভিন্ন ঠাইত সুবক্তা হিচাবে আমন্ত্ৰিত হোৱা ডাঃ চৌধুৰী সকলো ধৰ্মৰ ওপৰতে জ্ঞানগৰ্ভ আৰু তত্বগধুৰ আলোচনা আগবঢ়োৱাৰ লগতে বিশ্ব বুৰঞ্জীৰ ওপৰতো যথেষ্ট অধ্যয়ন কৰিছিল। জীৱনত কোনো দিনে নাম- যশ নিবিচৰা ডাঃ চৌধুৰীয়ে এসময়ত পাৰ্চী ভাষাত অসমৰ ভিতৰতে সৰ্বাধিক নম্বৰ লাভ কৰিছিল। তেওঁৰ মৃত্যুত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে, ইয়াৰ ভিতৰত ডিব্ৰুগড়ৰ জাকাত এণ্ড ইমদাদ ফাউণ্ডেচনৰ সভাপতি সম্পাদক, ডিব্ৰুগড় ঈদগাহ আৰু আমোলাপট্টি ঈদগাহৰ সভাপতি-সম্পাদক, ডিব্ৰুগড়ৰ বিভিন্ন মছজিদ কমিটিৰ সম্পাদক-সভাপতি, নালিয়াপুল কবৰস্থান সমিতিৰ সম্পাদক-সভাপতি, সদৌ ডিব্ৰুগড় ঈমাম পৰিষদ, ডিব্ৰুগড় জিলা জমিয়ত উলামা, ডিব্ৰুগড় জিলা হিলাল কমিটি, ডিব্ৰুগড় জিলা তালিমি বর্ড আদি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান।
ডিব্ৰুগড়ৰ অন্যতম অনুষ্ঠান চেণ্টাৰ ফৰ ইছলামিক ষ্টাডিছৰ সভাপতি আৰু সম্পাদকে কয় যে ডাঃ চৌধুৰী আছিল ৰাজহুৱা জীৱনৰ এগৰাকী স্বনামধন্য ব্যক্তি, বিশিষ্ট লেখক, সুবক্তা, খ্যাতনামা শৈল চিকিৎসক, অসম চিকিৎসা মহাবিদ্যালয়ৰ  বিভাগীয় মুৰব্বী অৱসৰপ্ৰাপ্ত  অধ্যাপক, সমাজৰ অন্যতম ৰূপকাৰ, ইছলামী তথা অন্যান্য বিভিন্ন বিষয়ত প্ৰচুৰ জ্ঞান আৰু অধ্যয়ন পুষ্ট ব্যক্তি। উল্লেখযোগ্য যে চেণ্টাৰ ফৰ ইছলামিক ষ্টাডিছৰ অনেক আলোচনা চক্ৰত অংশগ্ৰহণ কৰা তথা লকডাউনৰ পূৰ্ব মুহূৰ্তত ডিব্ৰুগড় কেন্দ্ৰীয় ঈদগাহ প্ৰাংগণত ড০ নগেন শইকীয়া, ড০ আনন্দ বৰমুদৈ আৰু ড০ পইনুৰুদ্দিন আহমেদৰ দৰে বৰেণ্য ব্যক্তি উপস্থিত থকা চেণ্টাৰ ফৰ ইছলামিক ষ্টাডিছৰ এক মনোজ্ঞ আলোচনা চক্ৰত ডাঃ জি এম এছ চৌধুৰীয়ে সেই আলোচনা চক্ৰ খনিৰ সঞ্চালনা কৰিছিল আৰু তাত বিভিন্ন জটিল প্ৰশ্নৰ উত্তৰ সমজুৱাক দিছিল। মৃত্যুৰ সময়ত ডাঃ চৌধুৰীৰ পৰিবাৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিশু বিশেষজ্ঞ ডাক্তৰ হেলিনা ৰহমান চৌধুৰী, একমাত্ৰ পুত্ৰ ডাঃ জাকাৰীয়া চৌধুৰী আৰু বোৱাৰীৰ লগতে পৰিয়ালৰ অনেক সদস্যক এৰি যায়।  লকডাউনৰ পৰিপ্ৰেক্ষিতত আজি জিলা প্ৰশাসনৰ উপস্থিতিত নালিয়াপুল কবৰ স্থানত ডাঃ চৌধুৰীৰ অন্তষ্টিক্ৰিয়া সুকলমে সম্পন্ন কৰা হয় বুলি পৰিয়ালৰ লোকে জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *