Friday , September 25 2020
শেহতীয়া খবৰ

অসম চৰকাৰৰ খিলঞ্জীয়াবিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ যোৰহাট আছুৰ

যোৰহাট , ২ জুলাইঃ –  জাতি-মাটি-ভেটিৰ শ্ল’গানেৰে শাসনৰ বাঘজৰী লোৱা অসম চৰকাৰে সময়ে সময়ে বহুতো খিলঞ্জীয়াবিৰোধী সিদ্ধান্তৰে ইতিমধ্যে অসমৰ সমাজ জীৱনত সমালোচিত হৈ আহিছে । কিন্তু ইমানৰ পাছতো যেন গা-লৰা নাই বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ । লক্ষাধিক খিলঞ্জীয়াৰ সংগ্ৰামখনক চৰম বৃদ্ধাঙুষ্ঠ প্ৰদৰ্শনেৰে অসমীয়া জাতিৰ প্ৰতি চৰম ভাবুকিস্বৰূপ নাগৰিকত্ব সংশোধনী আইন জাপি দিয়াৰ পাছতো বুধবাৰে কেবিনেটত পুনৰ ভূমি-নীতি সম্পৰ্কীয় অধিসূচনা প্ৰকাশ কৰি অসমৰ খিলঞ্জীয়াৰ মাটি আৰু ভেটিৰ প্ৰতি সংশয় নমাই আনিছে । যাৰ বিৰুদ্ধে জাঙুৰ খাই উঠি আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাই যোৰহাট জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত ‘ অসম চৰকাৰৰ খিলঞ্জীয়াবিৰোধী ভূমি-নীতি সম্পৰ্কীয় অধিসূচনা প্ৰকাশৰ কেবিনেট সিদ্ধান্ত ‘ শীৰ্ষক প্ৰতিলিপি দাহেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । আজিৰ প্ৰতিলিপি দাহ কাৰ্যসূচীত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক তথা যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা বিজয় শংকৰ বৰদলৈ, যোৰহাট মহকুমা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য চন্দন বৰা , যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অৰ্জুনমনি ভূঞা , সাধাৰণ সম্পাদক পাৰ্থ প্ৰতিম বৰাৰ নেতৃত্বত শতাধিক ছাত্ৰ কৰ্মী উপস্থিত থাকি ‘ অসম চৰকাৰ হায় হায় , খিলঞ্জীয়াবিৰোধী সিদ্ধান্ত মানি লোৱা নহ’ব ইত্যাদি শ্ল’গানেৰে প্ৰতিবাদী কাৰ্যসূচী উত্তপ্ত কৰি তোলে । প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি ছাত্ৰ নেতা বিজয় শংকৰ বৰদলৈয়ে কয় , এইখন চৰকাৰ খিলঞ্জীয়াৰ বিৰোধী এখন চৰকাৰ । আমাৰ অসম , আমাৰ মাটি , আমাৰ অধিকাৰ শ্ল’গানেৰে বিজেপি দলে শাসনলৈ আহিছিল । তেওঁলোকে কৈছিল মাটি থাকিলেহে ভেটি থাকিব ,ভেটি থাকিলেহে জাতি থাকিব । কিন্তু বৰ্তমান মাটি পুঁজিপতিক গতাই জাতিক বিপদাপন্ন কৰিছে । বৰদলৈয়ে লগতে কয়,আছু কদাপি উন্নয়নৰ বিৰোধী নহয়,কিন্তু উন্নয়নৰ অচিলা লৈ উদ্যোগত স্থাপনৰ নামত কৃষি ভূমি কাঢ়ি লোৱা আৰু খিলঞ্জীয়া মানুহৰ হাতৰ পৰা ভূমি অধিকাৰ নোহোৱা কৰিব বিচৰাটোক কোনোকাৰণতে মানি নলওঁ ৷ মহামাৰীৰ বাবে লকডাউনত গইনা লৈ জনসাধাৰণ ঘৰত থকাৰ অৱস্থাত এটা এটাকৈ খিলঞ্জীয়াবিৰোধী কাম তেওঁলোকে কৰি আহিছে । পদে পদে বহিৰাগত বণিয়াক ৰঙা-দলিছা পাৰি অসমীয়া ৰাইজৰ অস্তিত্ব বিপন্ন কৰাৰ ষড়যন্ত্ৰত অহৰহ লিপ্ত হোৱাৰ অলেখ প্ৰমাণ অসমীয়া ৰাইজে ইতিমধ্যে বহুবাৰ পাইছে । এইবাৰো তাৰ ব্যতিক্ৰম নহয় , পুনৰ অসম চৰকাৰে কোনো অনুমতি , কোনো অনুজ্ঞাপত্ৰৰ প্ৰয়োজন নোহোৱাকৈ উদ্যোগ স্থাপনৰ যি সিদ্ধান্ত কেবিনেটত গ্ৰহণ কৰিলে আচলতে এইয়া এক চৰম আত্মঘাটি,সৰ্বনাশী সিদ্ধান্ত । যি সময়ত ছাত্ৰ সন্থাই অসম চুক্তিৰ আধাৰত অসমক সুৰক্ষাকৱচ প্ৰদানৰ দ্বাৰা অসমৰ মাটি , ব্যৱসায়-বাণিজ্য , চাকৰিৰ ওপৰত কেৱল মাত্ৰ খিলঞ্জীয়াৰ অধিকাৰ থাকিব লাগিব বুলি আৰু ব্ৰহ্ম সমিতিৰ প্ৰতিবেদন ৰাজহুৱা কৰি ভূমিৰ অধিকাৰ সুনিশ্চিত কৰাৰ দাবী উত্থাপন কৰি আহিছে সেইসময়তেই আচলতে এনে অধিসূচনাই খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিব । লগতে আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অৰ্জুনমনি ভূঞা আৰু সাধাৰণ সম্পাদক পাৰ্থ প্ৰতিম বৰাই এনে হঠকাৰী সিদ্ধান্ত বাতিলেৰে খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ সুনিশ্চিত কৰাৰ দাবী জনাই অসম চৰকাৰক তীব্ৰ সকীয়নী প্ৰদান কৰে । ছাত্ৰনেতাদ্বয়ে লগতে কয়, যদিহে অসম চৰকাৰে এই সিদ্ধান্ত বাতিল নকৰে তেন্তে অনাগত দিনত কঠোৰ গণতান্ত্ৰিক সংগ্ৰাম গঢ়ি তোলা হ’ব ।

Leave a Reply

Your email address will not be published. Required fields are marked *