Sunday , September 20 2020
শেহতীয়া খবৰ

অসম চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যাণ বিভাগৰ অধ্যক্ষ লক্ষ্য কোঁৱৰ এইবাৰ খেতিয়কৰ ৰূপত। পিঠিত স্প্ৰে মেচিন লৈ নামিল পথাৰত।

গণ বার্তা, লেখাপানী , ১৬ আগষ্ট : ৰাজ্যত বৰ্তমানেও কৰোনাই মহামাৰী ৰূপ ধাৰণ কৰাত জনসাধাৰণৰ লগতে একাংশ জন প্ৰতিনিধিয়ে নিজ নিজ সমষ্টিত ব্যস্ত হৈ থাকিব লগা হোৱাত ৰাজ্যৰ কৃষিক্ষেত্ৰৰ লগত জড়িত খেতিয়ক সকলৰ অন্যান্য সমস্যা সমূহৰ বুজ লবলৈ সময় নোহোৱা হৈছে । ঠিক তেনেস্থলত তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধান সভা সমষ্টিত খেতিয়ক সকলৰ সমস্যাৰ বুজ লবলৈ গাঁৱে-গাঁৱে ঘূৰি ফুৰা পৰিলক্ষিত হৈছে অসম চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যান বিভাগৰ অধ্যক্ষ লক্ষ্য কোঁৱৰ । লক্ষ্য কোঁৱৰে গুৱাহাটীস্থিত কার্যলয়ৰ পৰা নিজ গৃহ সমষ্টি মাৰ্ঘেৰিটালৈ আহি  সক্ৰিয় ভাৱে নামি পৰিছে জনসাধাৰণৰ মাজত । সমষ্টিটোত যিকোনো সমস্যাসমূহৰ বুজ লৈ একগ্ৰতাৰে ৰাইজৰ জলন্ত সমস্যা সমূহ সমাধানৰ বাবে নিজকে আত্মনিয়োগ কৰা পৰিলক্ষিত হৈছে। মাৰ্ঘেৰিটা সমষ্টিৰ প্ৰায় ৯০ শতাংশ লোকেই কৃষিকৰ্মৰ লগত জড়িত। কৃষি অবিহনে তেওঁলোকে জীৱিকা নিৰ্বাহ কৰাটো কঠিন । এই কৃষিকৰ্মই হৈছে মাৰ্ঘেৰিটা সমষ্টিৰ জনসাধাৰণৰ একমাত্ৰ অৰ্থনীতিৰ বুনিয়াদ। বৰ্তমানে মাৰ্ঘেৰিটা সমষ্টিৰ বহু ঠাইত ধানখেতিত চৰহা আৰু মজাখোৱা পোকে অনিষ্ট কৰাৰ খবৰ পায় লক্ষ্য কোঁৱৰ প্ৰথমে উপস্থিত হয় মাৰ্ঘেৰিটাৰ লামাগাঁৱত । মাৰ্ঘেৰিটাৰ মানৱ অধিকাৰ মঞ্চ আৰু কৃষি বিভাগে আয়োজন কৰা কীটনাশক দ্ৰব্য ধাননি পথাৰত ছটিওৱা কাৰ্যসূচী উদ্বোধন কৰে । স্বেচ্ছাসেৱী সংগঠন সমূহৰ এনে কাৰ্য সঁচাই প্ৰেৰণাদায়ক বুলি আখ্যা দিয়ে লক্ষ্য কোঁৱৰে। মাৰ্ঘেৰিটাত কৃষি ধানত আক্ৰান্ত সকলো খেতিয়কক স্প্ৰে মেচিন আৰু কীটনাশক যোগান ধৰিবলৈ মাননীয় কৃষি মন্ত্ৰী অতুল বৰা ডাঙৰীয়াক লামাগাঁৱৰ ধাননি পথাৰৰ পৰাই টেলিফোনযোগে অনুৰোধ জনায় লক্ষ্য কোঁৱৰে। লগে লগেই মাননীয় কৃষি মন্ত্ৰী ডাঙৰীয়াই সংশ্লিষ্ট বিভাগীয় বিষয়া সকলক তৎকালীনভাৱে প্ৰয়োজনীয় ব্যৱস্থা লবলৈ নিৰ্দেশ প্ৰদান কৰাত তেখেতলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *